ডিজিটেল ডেস্কঃ যি সময়ত একাংশ যুৱক যুৱতী চৰকাৰী অথবা বেচৰকাৰী চাকৰিৰ পাছে পাছে বিভিন্ন কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে ঠিক তেনে সময়তে বিশ্বনাথৰ দুই উদ্যমী যুৱকে কৃষি কৰ্মৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে নিবনুৱা সকলৰ বাবে হৈ পৰিছে এক নিদৰ্শন।
বিশ্বনাথৰ পানীভৰাঁল গাঁৱৰ দুই যুৱক লীলা শৰ্মা আৰু ৰাজু দাহালে উচ্চ শিক্ষাৰে শিক্ষিত হৈ চৰকাৰী চাকৰিলৈ বাট নাচায় নিজ উদ্যমৰে কৃষি কৰ্মৰ জড়িয়তে আজি উপাৰ্জনৰ বাট প্ৰশস্ত কৰিছে। আন বহু যুৱক যুৱতীৰ তুলনাত নিজকে সফলতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। নিজ গৃহৰ ভেটিৰ বাহিৰে এবিঘাও কৃষি ভূমি নথকা এই দুই যুৱকে এতিয়া প্ৰায় ত্ৰিশ বিঘা ভূমিত কেৱল উদ্যান শস্য আৰু ঋতুকালীন শস্যৰে বছৰ আয় কৰিছে বিশ লাখ টকা।
নিজৰ ভূমি নাথাকিলেও এই দুই যুৱকে মনত বহু সপোন,উদ্যম আৰু সাহস লৈ আজি পৰা পাঁচ বছৰ পূৰ্বে ওলাই আহিছিল কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাবলম্বী কৰিবলৈ।প্ৰথমে আনৰ পৰা পাঁচ বিঘা ভূমি আধিত লৈ পৰ্যায় ক্ৰমে বৰ্তমান ত্ৰিশ বিঘা ভূমিলৈ পৰিসৰ বৃদ্ধি কৰি উদ্যান শস্যৰ লগতে ঋতু কালীন শস্য কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। এইবাৰ চাহিদাপূৰ্ণ চাৰিটাকৈ প্ৰজাতিৰ বগৰী খেতি কৰি যুৱক দুজনে দখল কৰিছে বিশ্বনাথৰ লগতে আন ৰাজ্যখনৰ বিভিন্ন স্থানৰ বজাৰ। চাওঁক কি দৰে লমা-লমে লাগিছে বগৰী।প্ৰায় ৬০-৮০ কেজি পৰ্যন্ত বগৰী লাগিছে এজোপাকৈ বগৰী গছত।এইদৰে প্ৰতিটো ঋতুৰ শস্য কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে বিশ্বনাথৰ লীলা আৰু ৰাজু ।
Leave A Comment