ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : গুৱাহাটীৰ কেউদিশে
বানৰ কল্লোল। আগতে নেদেখা সৰ্বকালৰ অভিলেখ বংগ কৰা এইবাৰৰ বান। মানৱ সম্পদৰ লগতে অনেক
আৰ্থিক ক্ষতিয়ে গুৱাহাটী মহানগৰীক জুৰুলা কৰিছে। এই বানৰ বাবে বাবে ব্যক্তি বিশেষে
আৰু ৰাজনৈতিক দলবোৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে গুৱাহাটী পৌৰ নিগম, স্থানীয় বিধায়ক, মন্ত্ৰী
আৰু চৰকাৰক। এওঁলোকৰ মতে চৰকাৰেহে বানপানীৰ সৃষ্টি কৰিছে বা বানপানীৰ বাবে চৰকাৰ দায়ী।
যদি সেয়ে হয়, তেন্তে ক’ব লাগিব আগৰ অসম গণ পৰিষদ চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰো তাৰ বাবে
দায়ী। আজি বিপক্ষত বহি চিঞৰ-বাখৰ কৰি সাধাৰণ মানুহৰ মন জয় কৰাৰ যি নিলজ্জ প্ৰয়াস তাক
এবাৰ ভাবি চাওঁকচোন তেওঁলোকৰ শাসন কালতো যে বানপানীয়ে গুৱাহাটীবাসীক জ্বলা-ক’লা খুৱাইছিল।
গুৱাহাটীৰ বান সমস্যাৰ বাবে যিদৰে
চৰকাৰী যন্ত্ৰবোৰ দায়ী, ঠিক তেনেদৰে আমি নাগৰিকবোৰো কম দায়ী নহয়। আমাৰ আত্মকেন্দ্ৰিক
স্বভাৱ আৰু স্বাৰ্থপৰতাও তাৰ বাবে দায়ী। প্ৰকৃতিক ৰক্ষা কৰি আমি কিমানজনে ঘৰ বনাইছো?
প্ৰকৃতিৰ বিৰুদ্ধে যুঁজিবলৈ গ’লে ধ্বংস অনিবাৰ্য। আজি সেইটোৱেই হৈছে। প্ৰকৃতিক যদি
প্ৰকৃতিৰ মতে চলিবলৈ দিলোহেঁতেন, আজি গুৱাহাটীৰ এই দুৰৱস্থা নহ’লহেতেঁন। হাজাৰ বছৰ
আগতে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাই দেখুৱাই যোৱা আদৰ্শ নগৰ প্ৰণালীক তিলমানো অনুকৰণ
কৰিবলৈ সক্ষম নহ’লো।
এতিয়া কোনেও কাকো সমালোচনা কৰাৰ
সময় নহয়। গুৱাহাটীৰ বানপানীৰ সমস্যা কোনো চৰকাৰে সমাধান কৰিব নোৱাৰে। কাৰণ-
(১) চানমাৰি পৰা গণেশগুৰিলৈ তাহানি
কেৱল চিৰিয়াখানা আৰু তাৰ বিপৰীতে বৰফ বনোৱা ফেক্টৰীটোৰ বাহিৰে দুয়োফালে কেৱল জলাশয়
আছিল।
(২) গণেশগুৰিৰ পৰা হাতীগাঁও, জটিয়া,
কাহিলিপাৰা, সৰুসজাই, বেতকুছি, বৰগাঁও, গড়চুক উন্মুক্ত খেতিপথাৰ আছিল।
(৩) নাৰেংগীৰ ওচৰৰ বৰবাৰীৰ পৰা
চচল হৈ ছমাইললৈ কেৱল ধান খেতি কৰা পথাৰ আৰু পিতনি আছিল। ভি আই পি ৰোডটো নাছিল। বৰবাৰীৰ
পৰা হেঙেৰাবাৰীলৈ শিল-মাটিৰ লংলুঙীয়া কেঁচা পথ আছিল। পাহাৰৰ কাষে কাষে কাৰ্বি, বড়ো
জনগোষ্ঠীৰ লোকসকলৰ বসতিস্থল আছিল। পথটোৰ তলফালে (দক্ষিণে) বিশাল খেতি পথাৰৰ বাদে জনবসতি
নাছিল। আনকি Down-Townৰ পাছফালে বৃহত্তৰ অঞ্চল কেৱল পথাৰ-জলাশয় আছিল।
(৪) গুৱাহাটীৰ পূব দিশে বিস্তীৰ্ণ
আৰু বিশাল শিলসাঁকো বিল পুতি এতিয়া শেষ অৱস্থা। চাৰিওফালে অবৈধ দখল। হেঙেৰাবাৰীৰ পৰা
পাব্লিক হেলথ হৈ গণেশগুৰিলৈ গোটেইখন জলাশয় আৰু পথাৰ আছিল।
(৫) নুনমাটিৰ মঠঘৰীয়াৰ পৰা গীতানগৰ
হৈ জুৰোড তিনিআলিলৈকে বিস্তীৰ্ণ অঞ্চল জলাশয় আৰু খেতি-পথাৰেৰে আবৃত্ত আছিল।
(৬) ৰাজগড় ৰোডৰ চানমাৰিৰ পৰা ভঙাগড়লৈ দুয়োফালে বহল
খাৱৈ আছিল।
(৭) খ্ৰীষ্টানবস্তিৰ পৰা ভঙাগড়লৈ
ৰাস্তাৰ দুয়োফালে পানী-মেটেকাৰে ভৰা পিতনি আছিল।
(৮) ভঙাগড় চাৰিআলিৰ পাহাৰৰ ওপৰত
থকা মেডিকেললৈ ঠেক আৰু কিবাকৈ দুখন গাড়ী অতিক্ৰম কৰিব পৰা সৰু ৰাস্তা আছিল। দুয়োফালে
বিল আকাৰৰ পানী-মেটেকাৰে ভৰা বৃহৎ পিটনি আছিল। বাৰিষাৰ পানী ধৰি ৰাখিব পৰা এই বৃহৎ
পিটনিৰ ওপৰতে এতিয়া বিশাল মেডিকেল কলেজ হাস্পতাল আৰু বাওঁদিশে (পশ্চিমে) নতুনকৈ সৃষ্ট
হোৱা Super Speciality আৰু কেঞ্চাৰ হাস্পতাল
(৯) শ্ৰীনগৰ, তৰুণ নগৰকে সামৰি
বৃহৎ অঞ্চলটো কেৱল জলশয় আছিল।
(১০) চানমাৰিৰ পৰা গান্ধীবস্তি
হৈ গুৱাহাটী ৰে’ল ষ্টেচনৰ প্ৰায় কাষলৈ দুয়োফালে দ’ জলাশয় আছিল।
(১১) শান্তিপুৰৰ পৰা ভূতনাথ, দুৰ্গা
সৰোবৰ হৈ কামখ্যা গেটৰ ৰে’ল লাইনৰ বাওঁফালে (দক্ষিণ দিশ) দ’ মেটেকাৰে পৰিপূৰ্ণ বিশাল
বিল আৰু বৃহৎ পুখুৰীও আছিল।
(১২) মালিগাঁৱৰ কাষতে থকা গোটানগৰ,
পদুৱমবড়ী অঞ্চলত বৃহৎ খেতি-পথাৰ আছিল।
(১৩) কামাখ্যা ৰে’ল ষ্টেচনৰ পাছফালে
(কেন্দ্ৰীয় বিদ্যালয়ৰ পিছফালে) থকা কেইবা বৰ্গ কিলোমিটাৰ এখন ডাঙৰ বিল আছিল।
(১৪) জালুকবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয়
ঘাইপথৰ পৰা গোটানগৰ, তেতলীয়, দীপৰ বিলৰ এটি বৃহৎ অংশ, বশিষ্ঠলৈকে কেৱল খেতি-পথাৰ আছিল।
(১৫) বেলতলাত ৰাণীৰ ঘৰৰ কাষত মুষ্টিমেয়
কেইঘৰমান মানুহৰ বাহিৰে বাকী অঞ্চল খেতি-পথাৰ আছিল।
(১৬) মালিগাঁৱৰ বড়িপাৰাৰ পৰা জালুকবাৰীৰ
ৰে’ল লাইনৰ কাষলৈকে মছজিদটো আৰু কেইঘৰমান মানুহক বা দি গোটেইখিনি পানী-মেটেকাৰে ভৰা
পিটনি আছিল।
(১৭) বৰ্তমান আদাবাৰী বাছ আস্থানটো
স্থাপন কৰাৰ আগতে সেই অঞ্চলটো বহু অঞ্চলজুৰি বিল আছিল। বাৰিষাৰ পানী গৈ তাত জমা হৈছিল।
প্ৰথম অৱস্থাত আস্থানটি গুৱাহাটীৰ ভিতৰতে এটি সুন্দৰ আৰু জাকত জিলিকাকৈ সজাই-পৰাই নিৰ্মাণ
কৰিছিল। আমাৰ সচেতনতা আৰু স্বভাৱৰ দুখত এতিয়া জঘন্য আৰু কদৰ্যময়। এতিয়া অসৎ মানুহৰ
আড্ডা, চুৰ, ঠগ-প্ৰবঞ্চকৰ ঘাটিত পৰিণত হৈছে।
(১৮) জালুকবাৰীৰ চাৰিআলিত যেতিয়া
উৰণীয়া সেতু নাছিল, তেতিয়া তাৰ কাষতেই অসম আৰ্হিৰ ঘৰৰ পুলিচ থানাখন আছিল। তাৰ পাছফালৰ পৰা গোটেইখন দ’ খেতি-পথাৰ আছিল। শৰাইঘাট
দলঙলৈ যোৱা পথটোৰ সোঁফালে দ’ খাৱৈ আছিল, য’ত বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ (দাস)ৰ
অসম আৰ্হিৰ ঘৰ আৰু ২-১ ঘৰ মানুহৰ বাহিৰে কোনো নাছিল। অজন্তা নেওগ (দাস)ৰ দেউতাক প্ৰয়াত
শশধৰ দাস আৰু মাতৃ ৰেৱতী দাস এই সমষ্টিৰ এম এল এ আছিল। বিশাল খেতি-পথাৰৰ সৈতে মৰাসুঁতিটো
পুতি তাত মহানগৰলৈ পানী যোগানৰ Plant বহুৱা হৈছে।
(১৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূপেন
হাজৰিকা সমাধি ক্ষেত্ৰৰ কাষত দুটি বিশাল পুখুৰী আছিল। তাক আমি ফিচাৰী বুলি কৈছিলো।
উৰণীয়া সেতু নিম্ৰাণ কৰি পুখুৰী দুটা পুটত পেলোৱা হ’ল। সমাধি ক্ষেত্ৰৰ ৰাস্তাৰ কাষৰ
পশ্চিম কোণৰ পোষ্ট অফিচৰ পৰা (এতিয়া ভাঙি পেলোৱা হৈছে) অতিথিশালাৰ বিপৰীত দিশত থকা
ঘৰবোৰৰ প্ৰত্যেকৰে সন্মুখত একোটিকৈ পুখুৰী আছিল। তাত বাৰিষাৰ পানীবোৰ গৈ পৰিছিল। বিশ্ববিদ্যালয়ৰ
মাৰ্কেটখনৰ পাছফালে দুটামান হোষ্টেলৰ বাদে গোটেইখন খেতিপথাৰ আছিল। বাৰিষাৰ পানী এই
পথাৰেদি গৈ ব্ৰহ্মপুত্ৰৰ কাষৰ মৰাসুঁতিটোত পৰিছিলগৈ। এতিয়া সেই পথাৰ-বিল পুতি ৰাষ্ট্ৰীয়
ঘাইপথ (বাইপাছ) নিৰ্মাণ কৰা হ’ল। বাৰিষাৰ পানী ওলাই যোৱাত বাধাৰ প্ৰাচীৰ হ’ল।
(২০) ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলঙৰ
উত্তৰে বাওঁদিশে (পূবে) আমিনগাঁৱৰ গোটেই অঞ্চলটো বিস্তীৰ্ণ এলেকা দ’ পিটনিৰ বাদে একো
নাছিল। পশ্চিম দিশে তলত এখন আশ্ৰম আৰু এখন শ্মশান আৰু নিশা হ’ল এন্ধাৰ আৰু ভয়াল ঠাই
আছিল।
এতিয়া এইবোৰৰ অস্তিত্ব নাই। বিল,
পিটনিৰ ঠাইত উদ্যোগ, অট্টালিকা। আজি উপৰোক্ত প্ৰতিটো অঞ্চলৰ আগৰ অস্তিত্ব নাই। ক’তো
খালী ঠাই নাই। কেৱল জনঅৰণ্য, সকলো পুতি পেলোৱা হ’ল। অপৰিকল্পনা, দূৰদৰ্শিতাহীনভাৱে
ঘৰ সজা হ’ল। ৰাস্তা কিমান বহন হ’ব, নলাৰ বাবে কিমান বহলকৈ মাটি এৰি দিয়া হ’ব তাৰ কোনো
পৰিকল্পনা নোহোৱাকৈ পৌৰ নিগমে ঘৰ বনোৱাৰ অনুমতি দিলে।
এতিয়া নলাবোৰ পানী যাবলৈ বনোৱা
নহয়। কেৱল জাৱৰ-প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী পেলোৱাৰ বাবে ব্যৱহাৰ হয়। ভাবি চাওঁকচোন,
গোটেই গুৱাহাটীৰ বাৰিষাৰ পানী এসময়ত সুন্দৰকৈ গৈ দীপৰ বিলত পৰিছিল। আজি কোনে বাধা দিছে?
আমিবোৰেই নহয় জানো? সেয়ে কওঁ, গুৱাহাটীৰ বানপানীৰ জটিল সমস্যা কংগ্ৰেছ চৰকাৰেই হওক,
অগপ চৰকাৰেই হওক, ভাজপা চৰকাৰেই হওক বা ভৱিষ্যতে কোনো নতুন দলৰ চৰকাৰ আহক কোনেও সমধান
কৰিব নোৱাৰে, কাৰণ চৰকাৰৰ অনুমতি সাপেক্ষে ম্যাদী মাটিত সজা ঘৰ, অট্টালিকা, উদ্যোগ,
ব্যৱসায়, শিক্ষানুষ্ঠানবোৰ জানো উচ্ছেদ কৰিব পাৰিব? নিশ্চয় কোনো চৰকাৰে নোৱাৰে।
একমাত্ৰ উপায়-কলকাতা মহানগৰৰ দৰে
গুৱাহাটীৰ প্ৰতিটো পথৰ তলত বৃহৎ RCCৰ Drain বনাই ওপৰটো ঢালাই কৰি পানী সৰকিব পৰা ঢাকনি
লগাই দি নলাবোৰ সংলগ্ন কৰি ভৰলু-শিলসাঁকোৰ (এইখন বোন্দাৰ শ্লুইচ গেটেৰে ব্ৰহ্মপুত্ৰলৈকে)
সৈতে সংযোগ কৰক। ভৰলু-শিলসাঁকো আৰু বাহিনী নৈৰ দুয়োফালৰ অবৈধ দখল উচ্ছেদ কৰি প্ৰয়োজন
হ’লে ম্যাদী মাটি হ’লেও উপযুক্ত ক্ষতিপূৰণ দি চৰকাৰে ক্ৰয় কৰি তিনিগুণ বহল আৰু দ’কৈ
খান্দি শ্লুইচ গেটেৰে বিশাল পাষ্প ব্যৱহাৰ কৰি সিঁচি ব্ৰহ্মপুত্ৰত পেলাওঁক। বৰিপাৰাৰ
উৰণীয়া সেতুৰ তলৰ পৰা পাণ্ডুৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষলৈ যোৱা পুৰিণ ৰে’ল পথটো আৰু উজান
বজাৰৰ পুৰণি ৰে’ল যোৱা পথটোৰ মাটিখিনি তলেৰে গভীৰ আৰু বিশাল পকী নলা নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ
সৈতে সংযোগ কৰিলে (ইয়াত শ্লুইচ গেট থাকিব লাগিব) কৃত্ৰিম বানৰ পৰা বহুখিনি সকাহ পোৱা
যাব।
প্ৰয়োজন হ’লে গুৱাহাটীৰ IITৰ বিশেষজ্ঞৰ
সহায় লওক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান অসম চৰকাৰৰ
অধীনত কাম কৰা অভিযন্তাসকলৰ Skill সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাওক। গুৱাহাটী বানপানীৰ সমস্যাটোৰ
উপৰোক্ত সমাধানটি অতি ব্যয়বহুল। ৰাইজৰ কৰ-কাটল বা চৰকাৰৰ ৰেভিনিউৰে সম্ভৱ নহয়। বিশ্ব
বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক অথবা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি সহযোগত এই দীৰ্ঘম্যাদী
সমস্যাটি চিৰদিনলৈ সমাধান হ’ব বুলি ভাবো।
(বিঃদ্ৰঃ-উপৰোক্ত অঞ্চলৰ বাহিৰে
গুৱাহাটীৰ তেনেকুৱা বহু অঞ্চল আছে, সংক্ষেপতে উল্লেখ কৰা সম্ভৱ নহয়। আন সদাশয় ব্যক্তিয়ে
উল্লেখ কৰিল আমিও নজনা কথাৰ সম্ভেদ পাম। এই জটিল সমস্যাটোক বৰ্তমান সময়ত কোনেও ৰাজনৈতিক
দৃষ্টিকোণেৰে চোৱা উচিত নহয়। অতীতৰ ভুল খুচৰি থাকিলে বৰ্তমানৰ সমস্যাৰ সমাধান নহয়।)
ফোনঃ-৮১৭০০-১৭০০৯
Leave A Comment