ডিজিটেল ডেস্কঃ এগৰাকী পিতৃৰ বিষাদগাথা। প্ৰথমে হেৰুৱালে পত্নীক, তাৰ পাছত হেৰুৱালে পুত্ৰকো। নিয়তিৰ বিধানে দহিছে এগৰাকী দুৰ্ভগীয়া পিতৃক। এওঁ নগাঁৱৰ দক্ষিণপাট গাঁৱৰ ঘনশ্যাম দাস। কিছুদিন পূৰ্বে মৃত্যু হৈছিল তেওঁৰ সহধৰ্মিণীৰ। পত্নীবিয়োগৰ সন্তাপ মাৰ নৌযাওঁতেই আকৌ এক মৰ্মান্তিক আঘাতে বুকু বিদাৰি গ’ল ঘনশ্যাম দাস নামৰ এইগৰাকী লোকৰ। এটা পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুসংবাদে কঁপাই গ’ল ঘনশ্যাম দাসৰ সৰ্বসত্তা।
গুৱাহাটী মহানগৰীত সংঘটিত এটা পথ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল অসম আৰক্ষীৰ এগৰাকী নিৰ্ভীক বিষয়া বিৰিঞ্চি দাস। বৃহস্পতিবাৰে মহানগৰীৰ লালমাটিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল নগাঁৱৰ দক্ষিণপাট গাঁৱৰ নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ।
উল্লেখযোগ্য যে ১৮ দিন পূৰ্বে মৃত্যু ঘটিছিল বিৰিঞ্চি দাসৰ মাতৃৰ। দূৰ্ঘটনাত পতিত হোৱাৰ দুই -তিনিদিনৰ পূৰ্বে মাতৃৰ শ্ৰাদ্ধাদি সমাপন কৰি দক্ষিণপাট গাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল বিৰিঞ্চি দাস।
ইফালে মৃত বিৰিঞ্চি দাসৰ পিতৃ ঘনশ্যাম দাসৰো আছে হাৰ্টৰ অসুখ। হৃদৰোগত আক্ৰান্ত ব্যক্তি বাবে মাতৃৰ মাহেকীয়া সকামৰ পাছতেই অসুখীয়া পিতৃক বিৰিঞ্চি দাসে নিজ কৰ্মস্থলীৰ বাসগৃহলৈ লৈ যোৱাৰ কথা দিছিল। আৰু এতিয়া... পুনৰ পুত্ৰকো হেৰুৱাই দুখৰ সাগৰৰ মাজত দূৰ্ভগীয়া পিতৃ ঘনশ্যাম দাস।
লক্ষ্যণীয় বিষয় এয়ে যে অসম আৰক্ষীত কৰ্মৰত এগৰাকী বিষয়া হোৱাৰ পাছতো এতিয়া ন্যায়ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বিৰিঞ্চি দাসৰ পৰিয়ালটো। দূৰ্ঘটনা সংঘটিত কৰাৰ পাছদিনাই বশিষ্ঠ আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিছিল যদিও বৰ্তমান মুকলি আকাশৰ তলত অভিযুক্তজন। আৰক্ষী বিষয়া হৈয়ো যদি ন্যায়ৰ পৰা বঞ্চিত হ'বলগীয়া হয় তেনেহলে সাধাৰণ জনতাৰ নিৰাপত্তাৰ লগতে ন্যায় ক'ত বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আনহাতে কাৰ আশীৰ্বাদত দোষী কৰায়ত্ত হোৱাৰ পাছতো মুকলি আকাশৰ তললৈ আহিব পাৰিলে, সেইয়া এতিয়া এক ডাঙৰ প্ৰশ্ন। অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকলৈ এই প্রশ্ন এতিয়া সচেতন মহলৰ প্ৰশ্ন। অসম আৰক্ষীৰ ডিজিপিগৰাকীয়ে ন্যায় দিব পাৰিবনে এই দূৰ্ভগীয়া পৰিয়ালটোক? এই প্রশ্নৰ উত্তৰৰ অপেক্ষাত প্ৰয়াত বিৰিঞ্চি দাসৰ পিতৃ আৰু তেওঁৰ পৰিয়াল।
Leave A Comment