ডিজিটেল ডেস্ক: অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জিলাখনৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কুঁৱৰীগাঁৱত কেন্দ্ৰীয় শিল্পী দিৱস আজি আয়োজিত হয়। দলে প্ৰতি বছৰে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো উদযাপন কৰি আহিছে। আজি নাহৰকটীয়া কুঁৱৰীগাঁৱত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শিল্পী দিৱসত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে।
দলৰ কেন্দ্ৰীয় উপসভাপতি অনুপ ফুকন, সম্পাদকসকল ক্ৰমে চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান, উদ্দীপজ্যোতি গগৈ আৰু মানিক গগৈ সহ কেইবাগৰাকী নেতাই অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি, পুৱা পতাকা উত্তোলন কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে, শ্বহীদ তৰ্পন কৰে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। ৰূপকোঁৱৰৰ প্ৰতিকৃতিত যুগ্মভাৱে মাল্যাৰ্পন কৰে দলৰ তিনি সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান আৰু উদ্দীপজ্যোতি গগৈয়ে। সহস্ৰাধিক স্থানীয় ৰাইজ আৰু দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানটোতে সদ্য প্ৰয়াত গণ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতিকৃতিত মাল্যাৰ্পন দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ নেতাসকলে।
অনুষ্ঠানটোত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও শিল্পীৰ দলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত-মাত, কবিতা আদি পৰিৱেশন কৰে। বিশিষ্ঠ অভিনেত্ৰী তথা দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সদস্যা জেৰিফা ৱাহিদে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰাৰ কথা। পতাকা উত্তোলন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন, কৰ্ম আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰি কয় যে অসমৰ সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিত ৰূপৰোঁৱৰ দ্যোতি প্ৰসাদ আগৰৱালাই দেখুৱাই যোৱা সমন্বয়ৰ বাটটোয়েই সবাতোকৈ প্ৰাসংগিক। বৰ্তমানে যি হাৰে সাম্প্ৰদায়িক আৰু জাতিগত বিভেদে সমাজখনক ভাঙিব খোজা হৈছে, সেই ভাঙোন প্ৰতিৰোধৰ বাট ৰূপকোঁৱৰে কেইবা দশক আগতে দেখুৱাই গৈছে। জাতিৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি ৰূপান্তৰৰ বাট বোলাৰ যি কথা ৰূপকোঁৱৰে কৈ গৈছে, সেই পথেহে অসমীয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব। এগৰাকী ভাল অসমীয়া একে সময়তে এগৰাকী ভাল ভাৰতীয় আৰু এগৰাকী ভাল বিশ্ব নাগৰিক হোৱা প্ৰয়োজন বুলি ৰূপকোঁৱৰে কৈ যোৱা কথাষাৰে বিশ্বমুখী প্ৰতিগৰাকী অসমীয়া একোগৰাকী প্ৰকৃত অসমীয়া হোৱাৰ কথাটোকে সূচাইছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে ৰূপকোঁৱৰে এই কথাও কৈ গৈছে যে বিপ্লৱ অবিহনে জাতি প্ৰতিষ্ঠিত হ'ব নোৱাৰে। বৰ্তমানে সকলো ফালৰে পৰাই অসমীয়া জাতিক দুৰ্বল কৰি অনা হৈছে, জাতিৰ অস্তিত্বক সংকটৰ মুখলৈ ঠেলি দিয়া হৈছে। এনে অৱস্থাত অসমীয়া জাতিৰ সন্মুখত বিপ্লৱৰ বিকল্প নাই, আৰু বিপ্লৱ ডেকা প্ৰজন্মৰ দায়িত্ব। কাৰণ ৰূপকোঁৰে কৈ গৈছে যে বিপ্লৱ অবিহনে আজিৰ ডেকা হ'বই নোৱাৰে। কিন্তু বিপ্লৱৰ পথ বৰ সৰল নহয়। এনে কঠিন বিপ্লৱ আৰু আত্মোৎসৰ্গাৰ বাবে যুৱ প্ৰজন্মই নিজকে সাজু কৰিব নোৱাৰিলে জাতিৰ স্বাভিমান পুনৰুদ্ধাৰৰ সম্ভৱ নহ'ব বুলি মত প্ৰকাশ কৰে৷
Leave A Comment