ডিজিটেল ডেস্ক: বৰপেটা ৰোডত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ মাজুলী বনগাঁৱৰ পপী হাজৰিকা নামৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে৷ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বোজ লয় আৰু ঘটনা সংঘটিত কৰা দৃশ্যৰ চিচি টিভিৰ ফোটেজ আৰক্ষীৰ হাতত পৰা পাছতে ক্ষীপ্ৰতাৰে তদন্তৰ কাম আৰম্ভ কৰে৷
জানিব পৰা মতে যোৱা সমাবাৰে নিশা পপী হাজৰিকা নামৰ যুৱতীগৰাকীৰ মৃতদেহটো পদপথৰ কাষত পেলাই দিয়াৰ চিচি ফুটেজ পৰীক্ষা কৰাৰ পাছতে ভাৰাঘৰৰ মালিকনী, মালিকনীৰপুত্ৰ, এগৰাকী ভাৰাতীয়া মহিলা আৰু মহিলা গৰাকীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে ঘটনাসন্দৰ্ভত আনুষ্ঠানিকভাবে কোনো কথা অৱগত কৰা নাই যদিও যুৱতীগৰাকীয়ে অত্যধিক ড্ৰাগছ সেৱন কৰাৰ বাবেই যুৱতীগৰাকী মৃত্যু হোৱা বুলি সদৰি কৰিছে আৰক্ষীয়ে।
আনহাতে ভাৰাঘৰটোৰ আন একাংশ আৱাসীয়েও অত্যধিক ড্ৰাগছ সেৱনৰ ফলতে পপী হাজৰিকা নামৰ যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি মত প্ৰকাশ কৰিছে। আনকি একাংশ ভাৰাতীয়াই যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰা ড্ৰাগছৰ চিৰিঞ্জ উদ্ধাৰ কৰা বুলিও সদৰি কৰিছে।
ঘটনাক্ৰম অনুসৰি পূৰ্বে ভাৰাতীয়া হিচাপে থকা মাজুলীৰ বনগাঁৱৰ পপী হাজৰিকা নামৰ যুৱতীগৰাকীয়ে ভাৰাঘৰ বিচাৰি সোমবাৰে নিশা ভাৰাতীয়া মহিলা আন্না শীলৰ ৰূমলৈ আহিছিল ।
ঘৰৰ মালিকনী ঘৰত নথকাৰ বাবে পপী হাজৰিকা নামৰ যুৱতীগৰাকীয়ে আন্না শীলা ভাৰাঘৰতে থাকিব বিচাৰে। আৰু পূৰ্বৰ চিনাকি সূত্ৰে যুৱতীগৰাকীক থাকিবলৈ দিয়ে যদিও অকস্মাতে যুৱতীগৰাকী অসুস্থ হৈ পৰে আৰু মৃত্যু হয়।
ইয়াৰ পাছতে ভাৰাঘৰৰ মালিকনী আৰু পুত্ৰৰ পৰামৰ্শ মতে আন্না শীলে পুত্ৰৰ সৈতে যুৱতীগৰাকীৰ মৃতদেহটো ঘৰৰ সন্মুখৰ পদপথৰ কাষত পেলাই থৈ আহে আৰু মঙলবাৰে পুৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ বাবে কেইবাজনকো আটক কৰি সোধপোচ চলোৱাৰ পাছতে ঘটনাটোৰ সৈতে জড়িত চিৰিওগৰাকীকে গ্ৰেপ্তাৰ কৰে। আৰু বুধবাৰে বৰপেটাৰোড আৰক্ষীয়ে চিৰিওগৰাকীকে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে চাৰিওজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে- ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নেকি বৰপেটাৰোড চহৰ? বৰপেটাৰোডত চলে নেকি ড্ৰাগছৰ অবাধ বেহা? যুৱতীগৰাকীৰ সৈতে চিৰিঞ্জ উদ্ধাৰৰ ঘটনাই বৰপেটাৰোডত ড্ৰাগছৰ অবাধ প্ৰচলনৰ ইংগিত বহন কৰিছে৷ অৱশ্যে যুৱতী গৰাকীৰ অত্যধিক ড্ৰাগছ সেৱনেই কাল হ’ল নে, অন্য কোনো কাৰণত যুৱতীগৰাকীৰ মৃত্যু হ'ল সেয়া পোষ্ট মৰ্টেম ৰিপোৰ্টতহে ওলাব প্ৰকৃত সত্য।
হিন্দু পৰিচয়েৰে কোনো মুছলমান যুৱক এগৰাকী সৈতে থকা সম্পৰ্কৰ বিষয়টোত পোহৰলৈ অহাৰ তথ্যই ঘটনাটো ৰহস্যময় কৰি তুলিছে৷ আৰক্ষীৰ অনুসন্ধানৰ পাছত হে ঘটনাৰ সবিশেষ পোহৰলৈ আহিব৷
Leave A Comment