ডিজিটেল ডেস্কঃ অসমীয়াত এষাৰ কথা আছে আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন! মাতৃৰ স্থান জানো কোনোবাই ল’ব পাৰে৷ মাতৃক বিচাৰি হাবাথুৰি খাইছে মাতৃৰ সৈতে বিচ্ছেদ হোৱা এগৰাকী কণ্যাই। সুদূৰ হলেণ্ডৰ পৰা মাজুলীত জন্মদাত্ৰী মাতৃক বিচাৰি তোলনীয়া পিতৃৰ সৈতে মাজুলীত উপস্থিত হৈছে ৩৪ বছৰীয়া যুৱতীগৰাকী। ৩৪ বছৰ পিছত উভতি অহা যুৱতীগৰাকীৰ কাহিনী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷
জানিব পৰা মতে ১৯৯১ চনৰ ৪ আগষ্টত ডিব্ৰুগড়ৰ এখন নাৰ্চিংহোমত জন্ম হৈছিল এটি কন্যা শিশুৰ। জন্মৰ পাছতে মাতৃৰ পৰা বিচ্ছেদ হোৱা কণ্যাগৰাকী বৰ্তমানৰ ৩৪ বছৰীয়া ডিনা। এতিয়া হলেণ্ডৰ বাসিন্দা এইগৰাকী যুৱতী৷ডিব্ৰুগড়ৰ পৰা গৈ দিল্লীৰ এখন অনাথ আশ্ৰমত আছিল এতিয়াৰ ডিনা।
পাঁচ বছৰ বয়সত হলেণ্ডৰ এজন ব্যক্তিয়ে পিতৃত্বৰ মৰমেৰে আঁকোৱালি লয়৷ কিন্তু মাতৃৰ মৰমৰ পৰা বঞ্চিত ডিনাৰ এতিয়া একমাত্ৰ লক্ষ্য হৈ পৰিছে জন্মদাত্ৰী মাতৃৰ সন্ধান কৰা৷ডিনাৰ পিতৃৃয়েও কামনা কৰিছে কণ্যাৰ আশা পুৰণ হওক৷ অৱশ্যে ডিব্ৰুগড়ৰ যিখন নাৰ্ছিং হ’মত ডিনাৰ জন্ম হৈছিল বুলি ঠাৱৰ কৰা হৈছিল৷ চিকিৎসালয় খনত ইমান পুৰণি তথ্য সংৰক্ষিত হৈ নথকাৰ বাবে নিৰাশ হ’ব লগীয়া হয়৷ এতিয়া সকলোৰে এটাই কামনা ডিনাই মাতৃৰ সন্ধান লাভ কৰক....৷
Leave A Comment