ডিজটেল ডেস্কঃ সাধাৰন ভেশ-ভুষাৰে এগৰাকী মহিলা পাচলি ব্যৱসায়ী।মহিলাগৰাকী উচ্চ শিক্ষাৰে শিক্ষিত:ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰীধাৰী মহিলাগৰাকীয়ে নিজৰ পৰিয়াল চলাবলৈ পদপথত দিছে পাচলিৰ দোকান। কোনো ধৰনৰ চৰকাৰী আঁচনিয়ে এতিয়াও ঢুকি পোৱা নাই দুৰ্ভগীয়া মহিলাগৰাকীৰ পৰিয়ালটোক । পদপথত পাচলি বিক্ৰী কৰি নিতৌ ডেৰশ দুশ টকা লৈ গৈ নিশা ভাত মুঠি বনাই খুৱাই দুই সন্তানক তেঁও।
দুটা মাহৰ পূৰ্বে মহিলা গৰাকীয়ে নিজ স্বামীক হেৰুৱাই এতিয়া দুই কণ্যাক সাৰথি কৰি পাচলিৰ দোকানখনে হৈছে এতিয়া শেষ সম্বল। এতিয়া দুটি অকণমানি সন্তান আৰু জীৱন যুদ্ধকলৈ দিশহাৰা ৰাহাজুদ্দিন।নিজৰ স্বামীক হেৰোৱাইও থমকি ৰোৱা নাই মানসিকভাৱে শক্তিশালী মহিলা আৰিফা ৰহমান হাজৰিকা। শিৱসাগৰৰ কে পি এম চাৰিআলিৰ পদপথত জীৱন সংগ্ৰাম এগৰাকী মহিলা। শিৱসাগৰৰ হাঁতীখোক গাৱৰ আৰিফা ৰহমান হাজৰিকা।ইংৰাজী বিষয়ত স্নাতক মহিলা গৰাকীয়ে দুটা মাহৰ পূৰ্বে হেৰুৱাইছিল নিজ স্বামীক নামি আহিছিল পৰিয়ালটোলৈ কাল অমানিশা।
দুই কণ্যাৰ মাতৃ আৰিফাই এতিয়া স্বামীয়ে আৰম্ভ কৰা পাচলিৰ দোকানখনৰ পৰা পোহপাল দিবলৈ চেষ্টা কৰিছে নিজ পৰিয়ালক।
জীৱন যুদ্ধৰ লগত যুঁজ দিব আত্মবিশ্বাসী আৰিফা ৰহমান হাজৰিকা। এগৰাকী কণ্যা হাইস্কুল শেক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে সৰু কণ্যা পঞ্চম মান শ্ৰেণী অধ্যনৰত।
Leave A Comment