মুখ্যমন্ত্ৰীলৈ শিলসাঁকোবাসীৰ প্ৰাৰ্থনা
নীলিম কুমাৰ
অনুগ্ৰহ কৰি
আমাৰ তেজ-মাংসৰে নিৰ্মিত এই সৰু সৰু ঘৰবোৰ
জেচিবিৰে চূৰ্ণ-বিচূৰ্ণ কৰি ভাঙি নেপেলাব
হে মুখ্যমন্ত্ৰী মহোদয় !
অনুগ্ৰহ কৰি আমাৰ সৰু সৰু সপোনবোৰ
এনেকৈ ভাঙি নেপেলাব নেপেলাব
অনুগ্ৰহ কৰি আপোনাৰ শাসনৰ বাঘজৰীডাল
অলপ সময়ৰ বাবে সামৰি থওক হে মহোদয় !
অনুগ্ৰহ কৰি আপোনাৰ মানৱীয় হৃদয়ক
এবাৰ চাবলৈ দিয়ক
আমাৰ ছেদেলিভেদেলি হোৱা ঘৰবোৰৰ স’তে
আমাৰ ক্ষতবিক্ষত হোৱা হৃদয়বোৰ ৷
হে মুখ্যমন্ত্ৰী মহোদয় ,
খেৰেৰে টিনেৰে সজা এই ঘৰবোৰতো
আচলতে টিন খেৰৰ নহয় !
আপুনি এবাৰ এই ভাঙি চূৰ্ণ-বিচুৰ্ণ হোৱা
ঘৰবোৰৰ ভগ্নস্তূপৰ ওচৰলৈ আহি
চুই চাওকচোন, দেখিব
সেয়া আমাৰ তেজ-মাংস আৰু হৃদয়ৰে সজা
আমাৰ সপোনৰ মাটি পানীৰে লিপা...
সেইবোৰতো ঘৰ নহয়
আমাৰ আশ্ৰয়স্থলীহে !
ৰ’দ-বৰষুণৰ পৰা শৰীৰক বচাবলৈ কৰা চেষ্টাক জানো
ঘৰ বুলিব পাৰি হে মুখ্যমন্ত্ৰী মহোদয় ?
কোনে বাৰু ৰ’দত
জ্বলি-পুৰি ছাই হ’ব বিচাৰে ?
কোনে বাৰু মৰিব বিচাৰে বৰষুণত তিতি
ঠেৰেঙা লাগি লাগি !
শীতত কঁপি কঁপি কাহি-কাহি জ্বৰ উঠি
কোনে বাৰু মৰিব বিচাৰে কওক !
আমিতো নাজানো কি চৰকাৰী মাটি
কি সংৰক্ষিত অঞ্চল !
হাড়ক মাটি কৰি তেজক পানী কৰি ঘটা
টকা কেইটামানেৰে আমিওতো কিনি লৈছিলোঁ
ইয়াতেই অকণমান মাটি ৷
আমাক বিদ্যুৎ সংযোগ দি
আমাক ঘৰৰ নম্বৰ দি
তেন্তে আমাক সপোন দেখুৱাইছিল কিয় হে মুখ্যমন্ত্ৰী ?
অনুগ্ৰহ কৰি এই উৰুখা চালিৰ তলত
মোৰ কণমানিজনীক অ-আ- ক-খ লিখিবলৈ দিয়ক
জণগণমন মুখস্থ কৰিবলৈ দিয়ক ৷
অনুগ্ৰহ কৰি তাইৰ হাতৰ কিতাপখন
আৰু ফলি পেঞ্চিলডাল
দলিয়াই নেপেলাব হে মুখ্যমন্ত্ৰী মহোদয় !
হে মুখ্যমন্ত্ৰী মহোদয় ,
অনুগ্ৰহ কৰি আপোনাৰ মানৱীয় হৃদয়ক
এবাৰ জগাই তোলক এবাৰ জগাই তোলক
কৰযোৰে কৈছোঁ এবাৰ জগাই তোলক
হে মুখ্যমন্ত্ৰী !
সৌৱা দেখিছেনে —
মাকৰ বুকুত এমহীয়া কেঁচুৱাটি ?
মাকৰ গাখীৰ খাবলৈ নাপাই কেনেকৈ কান্দিছে চাওক !
এই ভগ্নস্তূপৰ মাজত
মাকে কেঁচুৱাক কেনেকৈ গাখীৰ খুৱাই কওক !
অনুগ্ৰহ কৰি সেই কেঁচুৱাটিক
মাকৰ বুকুৰ গাখীৰৰ পৰা
বঞ্চিত নকৰিব হে মুখ্যমন্ত্ৰী মহোদয় !
চকুৰ সমুখতে নিজৰ ঘৰখন
নিৰ্দয় জেচিবিৰে ভাঙি পেলোৱা দেখি
সেয়া কেনেকৈ মানুহজনীয়ে
নিজৰ মানুহজনক সাবটি ধৰি কান্দিছে চাওক ৷
সিহঁতক কোনে নিচুকাব ?
সৰু ল’ৰা-ছোৱালীহালে বুজিয়েই পোৱা হোৱা নাই
কাক কয় বেদখল , কাক কয় উচ্ছেদ !
সিহঁতে যদি বুজে উচ্ছেদ মানে হ’ল
সিহঁতৰ কিতাপপত্ৰ ফলি-পেঞ্চিল দলিয়াই দিয়া ,
সিহঁতে যদি বুজে উচ্ছেদ মানে হ’ল
সিহঁতৰ মাকদেউতাকৰ চকুলোৰ নদী...
তেন্তে কথাবোৰ ভৱিষ্যতৰ বাবে
বহুত ভুল হৈ নাযাবনে _
এবাৰ ভাবি চাওক হে মুখ্যমন্ত্ৰী মহোদয় !
যোৱা মাহত পেচমেকাৰ লগাই অহা সেই
বুঢ়া মানুহজনলৈ চাওকচোন
কেনেকৈ বহি আছে
নিজৰ ঘৰটোৰ ভঙাছিঙাবোৰলৈ চাই চাই !
ঘৰটো ভঙাৰে পৰা মাতবোল নাই তেওঁৰ ৷
যদি আকৌ কিবা হয়, তেন্তে
তেওঁক হাস্পতাললৈ নিব কোনে ?
আমি সকলোৱেতো আজি চিৰিয়াছ ৰোগী !
আমি সকলোৱেতো আজি চিৰিয়াছ ৰোগী
আমাক চিকিৎসা কৰিব পৰা
কোনো চিকিৎসক নাই এই পৃথিৱীত আপোনাৰ বাহিৰে
হে মুখ্যমন্ত্ৰী মহোদয় !
আপোনাৰ বাহিৰে আন কোনেওতো দিব নোৱাৰে
আমাৰ মুখত তুলি দিবলৈ হাঁহি !
আন কোনেওতো নোৱাৰে মচি দিবলৈ
আমাৰ চকুৰ ধাৰাসাৰ পানী...
হে মুখ্যমন্ত্ৰী মহোদয় ,
আমিতো একো বিচৰা নাই ৷
আমাৰ হুমুনিয়াহৰ মাজে মাজে
গজি উঠিছিল এই সৰু সৰু সপোনবোৰ ৷
আমাৰ সেই সৰু সৰু সপোনবোৰৰ মাজতেই
আমাৰ সন্তানবোৰেও
সপোন দেখিবলৈ আৰম্ভ কৰিছিল
সপোনবোৰ যে এতিয়া আমাৰ
কেতিয়াও পুৰণ নহয় সেই কথা জানো ৷
কিন্তু কাৰোবাক সপোন দেখাৰ অধিকাৰৰ পৰা
বঞ্চিত কৰাটো ভীষণ অমানৱীয়তা নহ’বনে
হে মুখ্যমন্ত্ৰী মহোদয় ?
কৰযোৰে কৈছোঁ কিবা কওক কিবা কওক
মুখ্যমন্ত্ৰী মহোদয় !
Leave A Comment