-ৰঞ্জন কুমাৰ দত্ত
১৯৯৩ চনৰ কথা৷ মই তেতিয়া বহুলপ্ৰচলিত “আজিৰ বাতৰি“ গোটৰ ৰংপুৰ নামৰ কাকতখনৰ সম্পাদনাৰ লগতে ৰিপৰ্টিঙৰো কামত ব্যস্ত৷ মাজে মাজে সন্ধিয়া নিজৰাপাৰৰ ভূপেনদাৰ ঘৰলৈ যাওঁ৷ দাদাক প্ৰায়ে লগ নাপাওঁ যদিও মনীষা হাজৰিকা বৌকে ধৰি পৰিয়ালৰ অন্যান্যসকলক লগ পাওঁ...মোৰ নতুন কেছেট “প্ৰণয়“ৰ কামবিলাক আগবঢ়াওঁ৷
ভূপেনদা এদিন মই কাম কৰা কাকতখনৰ কাৰ্যালয়লৈ এক বিশেষ কামত অহাৰ আগ্ৰহৰ কথা মিঠুবৌৱে মোক জনোৱাত মই কাকতখনৰ মালিকৰ সৈতে যোগাযোগ কৰাই দিওঁ আৰু ভূপেনদা, লাজমী আৰু মিঠুবৌ নিৰ্দিষ্ট দিনটোত আহিল৷ সেইদিনাৰ কথাবিলাক আন এদিন লিখিম৷
বহুচৰ্চিত ৰুদালি ছবিখনে বলিউডৰ লগতে অসমতো মুক্তি লভাৰ ক্ষণবোৰ ওচৰ চাপি আহিছে৷ ভূপেনদাক এদিন সন্ধিয়া লগ পাওঁতে মোক বৰ উচ্ছাসেৰে ছবিখনৰ সংগীতৰ লগতে জয়চালমেৰত হোৱা শ্বুটিঙৰ কিছু কথা ক’লে, আমিও বাট চালো মুক্তিৰ ক্ষণবোৰলৈ৷
ইফালে PAN musicএ ৰুদালিৰ কেছেট মুক্তি দিলেই...গানবোৰ গুৱাহাটীৰ অলিয়েগলিয়ে গমগমাই বাজিব ধৰিছে৷ অতনু ভূঞা আৰু মই কেছেটটোৰ প্ৰতি ৰাইজৰ সঁহাৰি কেনেকুৱা তাৰ এক জৰিপ চলাই আছো,নিউজ বনাব লাগে৷ হিচাপ কৰি দেখিলো, কেছেটটো মুক্তিৰ প্ৰথম তিনি দিনতে এক লাখ কপি বিক্ৰী হৈছে৷ আমাৰ কলিজাবোৰ ঢপঢপাইছে কাৰণ চলচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা হওঁ হওঁ... আমি ধৰিয়ে লৈছো যে ভূপেনদাই ৰুদালিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটাটো পাবই৷ পিছে...আমাৰ কামনাক ধূলিস্যাৎ কৰি বঁটা লাভ কৰিলে এজন তৰুণ সংগীতকাৰে...কোন তেওঁ ??
তেওঁ আছিল এ আৰ ৰেহমান৷ ৰোজা চলচিত্ৰৰ সংগীতে ৰুদালিক চেৰ পেলাই ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিল৷ ভূপেনদাইও বঁটাটো পাব বুলি মনতে আশা এটা পুহি ৰাখিছিল বুলি পলমকৈ জানিব পাৰিলো৷ ৰেহমানে এতিয়ালৈকে বিভিন্ন ভাষাৰ ১৫০ খনমান ছবিত সংগীত দিছে৷ কি নাই তেওঁৰ সংগীতত? এক নতুন ষ্টাইলৰ সুৰ, অভিনৱ ৰূপত ইন্টাৰলিউড মিউজিক, বিভিন্ন ষ্টাইলৰ মিউজিকৰ ফিউজন..এই সকলোবোৰে তেওঁৰ কৃতিত্ব দাবী কৰে৷
ভূপেনদাক সংগীত পৰিচালকৰ শ্ৰেষ্ঠ বঁটা দিব নোৱাৰি অসমবাসীৰ লগতে বলিউডৰ বতাহো যেন বিমৰ্ষ হৈ পৰিল..কি কৰা যায়, দুই দূৰন্ত প্ৰতিভা... এজন নবীন, আনজন প্ৰবীণ... অৱশেষত চৰকাৰে ঘোষণা কৰিলে চলচিত্ৰৰ প্ৰতি সংগীত আৰু অভিনয়ৰ জৰিয়তে জীৱন জুৰি সেৱা আগবঢ়োৱাৰ বাবে চলচিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা .. দাদাচাহেব ফাল্কে বঁটা...ভূপেন হাজৰিকালৈ৷ ৰাইজ সন্তুষ্ট হোৱা যেন লাগিল...আকৌ খবৰ আহিল ৰুদালিৰ সংগীতে লোকাৰ্ণোত শ্ৰেষ্ঠ বঁটাটি লাভ কৰা বুলি...৷
এইগৰাকী উদীয়মান যুৱকে দক্ষিণৰ পৰা উত্তৰ, পূব, পশ্চিম সকলোতে এটি সংগীতৰ স্বকীয় ধাৰাৰে দেশবাসীক সমৃদ্ধ কৰি আহিছে৷
আমাৰ শুভকামনাবোৰো লক্ষজনৰ লগতে যুক্ত হৈ নাই জানো ?
Leave A Comment