• টীয়কৰ বাদুলি পুখুৰী ঢেকীয়ানি ভৰলুৱা পথ

    আঞ্চলিক
    টীয়কৰ বাদুলি পুখুৰী ঢেকীয়ানি ভৰলুৱা পথ

    - বিৰাজ বৰা



    টীয়ক সমষ্টিৰ অন্তৰ্গত বাদুলিপুখুৰী ঢেকীয়ানি পথটোৱে এজাক বৰষুণতে কদৰ্যৰূপ ধাৰণ কৰিছে৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বাদুলিপুখুৰী-ঢেকীয়ানি ভৰলুৱা অঞ্চলটোৰ নাগৰিকৰ যাতায়তৰ একমাত্ৰ পথটোৱে এতিয়া এজাক বৰষুণতে কদৰ্যৰূপ ধাৰণ কৰাত জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে।

    দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবেই এনেদৰে কদৰ্যৰূপ ধাৰণ কৰা পথটো জনপ্ৰতিনিধিক পুনৰ্নিমাণৰ বাবে আহ্বান জনাই ভাগৰি পৰিছে অঞ্চলবাসী৷ ইফালে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে উক্ত পথটোক ইচ্ছ্যু হিচাপে লয় যদিও নিৰ্বাচনৰ পাছত কোনো গুৰুত্ব আৰোপ নকৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

    অন্যহাতে ৰাইজে যাতায়তৰ বাবে দীৰ্ঘদিন ধৰি গাঁঠিৰ ধন ভাঙি পথটো মেৰামতি কৰি আহিছে। সেয়েহে বিষয়টো ৰাজনৈতিক মেৰপাকত আৱদ্ধ নকৰি ৰাইজৰ সুবিধাৰ্থে শীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে৷



     



    (‘প্ৰাগ ডিজিটেল নতুন শিতানজনকণ্ঠ প্ৰথমটো লেখা৷ এই শিতানত প্ৰকাশ কৰা জনতাৰ মনৰ কথা৷ আমি অসমবাসীৰ আন্তৰিক সহযোগিতা কামনা কৰিছোঁ৷)