• নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ আহিব আতিশী; ডিব্ৰুগড় আৰু শোণিতপুৰত কৰিব ৰোড শ্ব’

    আঞ্চলিক
    নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ আহিব আতিশী; ডিব্ৰুগড় আৰু শোণিতপুৰত কৰিব ৰোড শ্ব’
    ডিজিটেল ডেস্ক: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ আহিব আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা৷ আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশী মাৰ্লেনাই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলটোৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাবলৈ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ আৰম্ভ কৰিবলৈ সাজু হৈছে। 

    অসম ভ্ৰমণৰ সময়ত মাৰ্লেনাই ক্ৰমে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা আপৰ দুই প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হৈ কেইবাটাও ৰাজহুৱা ৰেলী আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। 

    মাৰ্লেনাই আজি পুৱা ডিব্ৰুগড়ত উপস্থিত হ’ব আৰু ধানোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বাইক ৰেলী আৰু এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।  
    একেদিনাই মাৰ্লেনাই তিনিচুকীয়াত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। 

    বুধবাৰে শোণিতপুৰ জিলাৰ নিশাপুৰত সংবাদ মাধ্যমক সম্বোধন কৰিব আতিশী মাৰ্লেনাই আৰু কৌণ্ডিন্যৰ বাবে এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। 

    উল্লেখযোগ্য যে, আম আদমী পাৰ্টীয়ে প্ৰথমে ডিব্ৰুগড়, শোণিতপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত দলটোৱে গুৱাহাটীৰ ডাঃ ভবেন চৌধুৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।