• আপত যোগ দিবলৈ প্ৰশাসনৰ বাধা আহিল!

    আঞ্চলিক
    আপত যোগ দিবলৈ প্ৰশাসনৰ বাধা আহিল!
    ডিজিটেল ডেস্কঃ দৈনিক যেন জনপ্ৰিয়তা বাঢ়িছে ‘আম আদমী পাৰ্টী’ৰ, পলাশবাৰীত প্ৰায় সাত শতাধিক লোকে আজি যোগদান কৰে আপত। কিন্তু এই যোগদান সভাৰ আয়োজনত বিজেপিয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী পলাশবাৰী সমষ্টিৰ উপৰহালিৰ হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষগৃহত ‘আপ’ৰ এক বৃহৎ যোগদান কাৰ্যসূচী আছিল। 

    কিন্তু জিলা পৰিষদৰ অধীনত থকা এই প্ৰেক্ষগৃহত অনুষ্ঠান আয়োজন কৰিবলৈ জিলা পৰিষদৰ অনুমতিৰ প্ৰয়োজন বুলি প্ৰশাসনে ‘আপ’ৰ কৰ্মীসকলক জানিবলৈ দি তাত সভা আয়োজন কৰিবলৈ বাধা প্ৰদান কৰে। পৰৱৰ্তী সময়ত মিৰ্জাৰ এক ব্যক্তিগত সভাগৃহত আয়োজন কৰে ‘আপ’ৰ এই যোগদান কাৰ্যসূচী। আজিৰ এই যোগদান সভাত একত্ৰিত যুৱ-পৰিষদৰ সভাপতি তথা পলাশবাৰীৰ যুৱ নেতা বিদ্যুৎ কলিতাই যোগদান কৰাৰ উপৰি প্ৰায় ৭০০ লোকে ‘আপ’ত যোগদান কৰে। 

    আজি এই যোগদান সভাত ৰাজ্যিক সমন্বয়ক ড০ ভবেন চৌধুৰী, মুখপাত্ৰ অনুৰূপ ডেকা ৰজাৰ উপৰি বহুকেইজন ‘আপ’ৰ নেতা উপস্থিত থাকি শাসকীয় বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে পলাশবাৰীৰ ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়। আনহাতে, পলাশবাৰীত এয়া ‘আপ’ৰ খোপনি, আগন্তক সময়ত পলাশবাৰীৰ পঞ্চায়ত ৰাভা হাচং আদিকে ধৰি প্ৰতিটো নিৰ্বাচনতে আম আদমী পাৰ্টীযে অৱতীৰ্ণ হৈ নিৰ্বাচনত জয়ী হ’ব আৰু ‘আপ’ৰ এই যোগদান কাৰ্যসূচীত বিজেপিয়ে ভয়ত কম্পমান হৈছে যাৰ বাবে আজি প্ৰশাসনক জোৰ দি আজিৰ এয়া কৰ্ম কৰিলে বুলি মন্তব্য কৰিছে আম আদমী পাৰ্টীত যোগদান কৰা বিদ্যুৎ কলিতাই।