ডিজিটেল ডেস্ক: অসমৰ পথ পৰিবহণ ব্যৱস্থাত এক অকল্পনীয় পৰিৱৰ্তনৰ ইংগিত দি আজি এডভান্টেজ আছাম ২.০. সন্মিলনত স্পেইনৰ পৰা ভার্চুৱেলি অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্র্যালয়ে অনাগত সময়ত ৩ লাখ কোটি টকাৰ কাম কৰিব বুলি ঘোষণা কৰে।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা স্থিতিক ভূয়সী প্রশংসা কৰি কেন্দ্ৰীয় মন্ত্রীজনে জুলাইৰ পূৰ্বেই ১৫ হাজাৰ কোটি টকীয়া নুমলীগড়-গহপুৰ সংযোগী আণ্ডাৰৱাটাৰ সুৰংগ পথৰ কাম আৰম্ভ হ'ব বুলিও ঘোষণা কৰে। ভাষণত তেওঁ কয় যে ইতিমধ্যেই ৰাজ্যখনত ৬০ হাজাৰ কোটি টকাৰ পথ উন্নয়নৰ কাম চলি আছে আৰু অতি শীঘ্রেই ৮০ হাজাৰ কোটি টকাৰ কাম আৰম্ভ হ'ব।
ইয়াৰ ভিতৰত ৫৮০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰ'ড প্রকল্প, গুৱাহাটীৰ পৰা বৰাপানী হৈ পঞ্চগ্রামলৈ ২৫ হাজাৰ কোটি টকাৰ চাৰিলেনযুক্ত পথ, ৬০০০ কোটি টকীয়া কাজিৰঙা এলিভেটেড কৰিড'ৰৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব। তেওঁ কয় যে মধ্য প্রদেশৰ আৰ্হিত হ'ব লগা কাজিৰঙা এলিভেটেড কৰিড'ৰত শব্দপ্ৰতিৰোধী সামগ্ৰী ব্যৱহাৰ কৰা হ'ব, যাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুক গাড়ী-মটৰৰ শব্দই অসুবিধা কৰিব নোৱাৰে। ইফালে, অসমবাসীক জুলাইৰ পূৰ্বেই ১২ কিল'মিটাৰ নুমলীগড়-গহপুৰ সংযোগী আণ্ডাৰৱাটাৰ টানেলৰ কাম আৰম্ভ কৰিব বুলি প্রতিশ্রুতি দি মন্ত্ৰীজনে কয় যে এই প্ৰকল্পৰ ডি পি আৰ প্ৰস্তুত হৈ গ'ল আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়েও এই প্ৰকল্পৰ 'ক্লিয়েৰেন্স' প্ৰদান কৰিলে, আনহাতে, জাগীৰোড আৰু ভূটান সংযোগ কৰি ভৈৰৱকুণ্ড আৰু কামাখ্যা হৈ ৩২২৫ কোটি টকা ব্যয় সাপেক্ষে এটা নতুন পথ নিৰ্মাণ কৰা হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
ইফালে মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অসমত বর্তমান চলি থকা ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পসমূহৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে গুৱাহাটী-বিলাসীপাৰা সংযোগী ২২৫ কিল'মিটাৰ পথ ৮০০০ কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু ২০২৭ চনৰ অক্টোবৰত সম্পূৰ্ণ হ'ব। শিলচৰ-চৰাইবাৰী সংযোগী ৬৭০০ কোটি টকাৰে নিৰ্মিত ১২১ কিল'মিটাৰ পথ সম্পূৰ্ণ হ'ব ২০২৮-ৰ ডিচেম্বৰত, তামিংলং-মাহুৰ সংযোগী ৩৩০০ কোটি টকাৰে নিৰ্মিত ৮০ কিল'মিটাৰ ২ লেনযুক্ত পথ সম্পূর্ণ হ'ব ২০২৬-ৰ ডিচেম্বৰত, ডবকা-লাহৰীজান সংযোগী ১১৮ কিল'মিটাৰ ফ'ৰলেন পথ ২৪০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰি থকা হৈছে আৰু এই পথ সম্পূৰ্ণ হ'ব এই বছৰ নৱেম্বৰত। সেইদৰে শিলচৰ-জিৰিবাম সংযোগী ফ'ৰলেন পথ আৰু ফ'ৰলেন টানেলৰ নিৰ্মাণ ২২০০ কোটি টকা ব্যয় সাপেক্ষে চলি আছে আৰু ২০২৮-ৰ ডিচেম্বৰত সম্পূৰ্ণ হ'ব। ডিব্ৰুগড়ৰ পৰা লিডুলৈ ১৬৯ কিল'মিটাৰ বাইপাছৰ নিৰ্মাণ ১৯০০ কোটি টকা ব্যয় সাপেক্ষে চলি আছে আৰু ২০২৬-ৰ অক্টোবৰত এই পথছোৱা সম্পূৰ্ণ হ'ব। অনুৰূপ ধৰণে ইষ্ট-ৱেষ্ট কৰিড'ৰৰ ধুবুৰী-ফুলবাৰী দলঙৰ লগত সংযুক্ত হ'ব লগা শ্ৰীৰামপুৰ আৰু ধুবুৰী ফ'ৰলেন ৫৪ কিল'মিটাৰ পথৰ নিৰ্মাণ ১৬০০ কোটি টকা ব্যয় সাপেক্ষে চলি আছে আৰু ২০২৬-ৰ ডিচেম্বৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি মন্ত্রীজনে কয়।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment