ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ মহিলাৰ শ্লীলতাহানিৰ ঘটনা৷ তিতাবৰ নগৰৰ মাজমজিয়াত থকা এখন ৰেষ্টুৰেণ্টত সংঘটিত হৈছে এই ঘটনা৷ দুগৰাকী গ্ৰাহকে এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সঘনাই সংঘটিত হৈ থকা মহিলা নিৰ্যাতনৰ ঘটনাই সম্প্ৰতি মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে৷
ঘটনাক্ৰম অনুসৰি লোনি ৰেষ্টুৰেণ্ট আৰু বাৰত দুগৰাকী গ্ৰাহকৰ বিৰুদ্ধে নিৰ্যাতনৰ চেষ্টা চলোৱা অভিযোগ উত্থাপন কৰিছে এগাৰীক যুৱতীয়ে। অভিযোগ অনুসৰি ধৃত গ্ৰাহক দুজনে বাৰখনৰ পিছফালে যুৱতিগৰাকীক ধৰ্ষণৰ চেষ্টা চলায়ছিল৷
যুৱতী গৰাকীৰ চিঞৰ বাখৰ শুনি অন্য দুজন গ্ৰাহকে সোধা পোচা কৰিবলৈ যাওঁতে নিজকে পুলিচৰ মানুহ বুলি পৰিচয় দি ওলোটাই ভাবুকি প্ৰদান কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই যুৱকে।
সমগ্ৰ ঘটনাটো বাৰখনে গাপ দিবলৈ চেষ্টা চলাইছিল যদিও স্থানীয় ৰাইজ আৰু দল সংগঠনৰ তৎপৰতাত আৰক্ষীক খবৰ দিয়াত তিতাবৰ আৰক্ষী বাৰখনত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ আৰু যুৱতী গৰাকীক থানালৈ লৈ যায়।
ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্তত হে ঘটনা সন্দৰ্ভত সবিশেষ জানিব পৰা হ’ব৷
Leave A Comment