• অখিল গগৈ বিজেপিৰ বাবে ভলভো বাছ; মুখ্যমন্ত্ৰীৰ কটাক্ষ ‘ৰাইজৰ দল’ৰ সভাপতিক

    আঞ্চলিক
    অখিল গগৈ বিজেপিৰ বাবে ভলভো বাছ; মুখ্যমন্ত্ৰীৰ কটাক্ষ ‘ৰাইজৰ দল’ৰ সভাপতিক
    ডিজিটেল ডেস্ক: নিৰ্বাচন চমু চপাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ ক্ৰমশঃ উত্তাল হৈ পৰিছে৷ শাসক-বিৰোধী উভয়পক্ষৰ নেতাৰ বাকযুদ্ধত গৰম হৈছে নিৰ্বাচনী বতাহ৷ 

    বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিধায়ক অখিল গগৈ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত সমালোচনাৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে আনিছে আচৰণবিধি ভংগৰ অভিযোগ৷ 

    নিৰ্বাচনী আচৰণবিধি ভংগ কৰি বিজেপিৰ পালিনেতাই অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ অকল ইমানেই নহয়, ৰাজ্যৰ কোনো কোনো ঠাইত অৰ্থনৈতিক জৰীপৰ নামত ফৰ্ম বিতৰণ কৰিবলৈ গৈ আলৈ-আথানিৰো সন্মুখীন হৈছে বিজেপিৰ কৰ্মী-সমৰ্থক৷ 

    আৰু আচৰণবিধি ভংগৰ এই বিষয়টোকে নিৰ্বাচনী প্ৰচাৰসভাত গুৰুত্বসহকাৰে উপস্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে৷ আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত ফৰ্ম বিতৰণক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷

    আৰু অখিল গগৈৰ এই অসন্তুষ্টি তথা মন্তব্যৰ আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিধায়ক অখিল গগৈক উভতি ধৰি ফৰ্মত মুখ্যমন্ত্ৰীৰ ফটো থকাত আপত্তি ক’ত বুলি প্ৰশ্ন কৰে৷ লগতে তেওঁ ফৰ্মত মুখ্যমন্ত্ৰীৰ ফটো নাথাকি অখিল গগৈৰ ফটো থাকিব নেকি বুলিও কটাক্ষ কৰে৷ মুখ্যমন্ত্ৰীয়ে আনকি অখিল গগৈক আজি 'ভলভো বাছ'ৰ লগতো তুলনা কৰে৷ তেওঁ কয়, অখিল গগৈক বিজেপিলৈ আনিবলৈ অসুবিধা৷ তেওঁ বিজেপিৰ বাবে ভলভো বাছ৷ 

    এই ৰিজনিৰে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ ৰাজনৈতিক স্থিতিৰ বলিষ্ঠতাকে প্ৰাসংগিক কৰি তোলা বুলি চৰ্চা চলিছে৷ কিয়নো বিধায়ক অখিল গগৈৰ ৰাজনৈতিক যাত্ৰা অথবা তাৰ পূৰ্বৰ কৃষক মুক্তিৰ সময়ছোৱালৈ লক্ষ্য কৰিলে দেখা যায় যে কাহানিও মসৃণ নাছিল অখিল গগৈৰ যাত্ৰা৷ একেদৰে, তেওঁৰ ব্যক্তিত্ব আৰু স্থিতিও অইন বিৰোধীত বহুগুণে পৃথক৷ স্বভাৱজাত উগ্ৰতা, অদম্য স্থিতি আৰু আপোচবিহীন সাহস অখিল গগৈৰ নিত্য সহচৰ৷ মুখ্যমন্ত্ৰীয়ে এনেবোৰ দিশকে উনুকিয়াই বিজেপিৰ বাবে অখিল গগৈ ভলভো বাছ বুলি অভিহিত কৰা বুলি চৰ্চা চলিছে৷