• হিমন্ত বিশ্ব শৰ্মাক উৎখাতৰ কাৰণে মৃত্যুৰ সময়লৈ ৰাজনীতি কৰিম : অখিল গগৈ

    আঞ্চলিক
    হিমন্ত বিশ্ব শৰ্মাক উৎখাতৰ কাৰণে মৃত্যুৰ সময়লৈ ৰাজনীতি কৰিম : অখিল গগৈ
    ডিজিটেল ডেস্ক : আজি পাঠশালাত আয়োজন কৰা ৰাইজৰ দলৰ কৰ্মীসভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। এই সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উৎখাতৰ কাৰণে অখিলে মৃত্যুৰ সময়লৈ ৰাজনীতি কৰিব বুলি মত প্ৰকাশ কৰে৷ পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস বিজেপি চৰকাৰৰ মাথোঁ এটা আলংকৰিক কাম, মূল্যবৃদ্ধি ৰোধত বিজেপি ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে।

    ইয়াৰ উপৰি বিধায়কগৰাকীয়ে কয়, ‘হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ এটাই সম্পৰ্ক আছে যে তেওঁ মোক আটাইতকৈ ডাঙৰ শত্ৰু বুলি ভাবে। অসমৰ মন্ত্রীসকলৰ ভিতৰত মাৰ্কিং কৰিব দিলে আটাইতকৈ বিফল মন্ত্রীজন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা৷’ ৰাজ্যৰ সমান্তৰালকৈ কেন্দ্ৰতো বিজেপি চৰকাৰ উৎখাত কৰি বিজেপি বিৰোধী চৰকাৰ গঠনৰ পোষকতা কৰে অখিল গগৈয়ে৷

    শনিবাৰে সংঘটিত হোৱা বটদ্ৰৱা কাণ্ডৰ তিনিটাকৈ ভূলৰ সমষ্টি বুলি কিছু বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক অখিলে৷ বটদ্ৰৱাত থানাৰ ভিতৰতে আৰক্ষীক হত্যা, দুষ্কৃতিকাৰীয়ে থানা জ্বলাই দিয়া আৰু মানুহৰ ঘৰ অন্যায়ভাৱে ভাঙি পেলোৱা ঘটনাক তীব্ৰ গৰিহনা দিছে বিধায়কগৰাকীয়ে৷