ডিজিটেল ডেস্কঃ কালি ক্ষন্তেক সময়ৰ বাবে কাজিৰঙা অৰ্কিড পাৰ্কলৈ গৈছিলোঁ। তাত মানুহৰ ভীৰ দেখি, বিশেষকৈ দেশী-বিদেশী পৰ্যটকৰ আগ্ৰহ, উৎসাহ আৰু মুগ্ধতা দেখি এনে ভাব আহিছিল যে, সঁচাকৈ আমি পাৰ্কখন নিৰ্মাণ কৰি অতি দৰকাৰী কাম এটা কৰিলোঁ। কাজিৰঙা অৰ্কিড পাৰ্ক এতিয়া ৰাজ্যৰ আটাইতকৈ আকৰ্ষণীয়, আটাইতকৈ বেছি পৰ্যটকৰ আগমন হোৱা ৰাজহুৱা খণ্ডৰ পৰ্যটনস্থলী। ‘Google Review’ত আমাৰ পাৰ্কে ৪.৬ ষ্টাৰ লাভ কৰিছে, যিসময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছে ৪.৫ ষ্টাৰ; অসমীয়া মানুহ কিছুমানে বেয়া কমেণ্ট নিদিয়া হ’লে ৫ ষ্টাৰৰ ওচৰে-পাজৰে থাকিলহেঁতেন। বছৰটোৰ ৩৬৫ দিন বিহু, সত্ৰীয়া নৃত্য, বিভিন্ন জনজাতিৰ লোক-নৃত্য প্ৰদৰ্শন হোৱা অসমৰ একমাত্ৰ ক্ষেত্ৰ কাজিৰঙা অৰ্কিড পাৰ্ক। সত্ৰীয়া নৃত্য মানে সত্ৰৰ বায়নৰ দ্বাৰা পৰিৱেশিত নিৰহনিপানী সত্ৰীয়া নৃত্য, বিহু নাচ মানে পুৰণি বিহু আৰু আছে আপুৰুগীয়া কাৰ্বি বেম্ব’ ডান্স, লেটপং চটচং। জৈৱ-বৈচিত্ৰ্যৰ মেটমৰা ভাণ্ডাৰে নহয়, আচল অসমীয়া জুতিৰ অসমীয়া খাদ্যসম্ভাৰ। অসমৰ গ্ৰাম্য জীৱনক সঠিকভাৱে প্ৰতিফলিত কৰা মিউজিয়ামসমূহৰ দৰে আছে লোকবাদ্যৰ লাইভ শ্ব’ কৰি থকা আকৰ্ষণীয় মিউজিয়াম। আছে সপ্ৰতিভ জাক জাক মহিলা আৰু পুৰুষ গাইড যি আপোনাক অকৃত্ৰিম সহৃদয়তাৰে সকলোবোৰ চিনাকি কৰি দিবলৈ সাজু হৈ আছে। সঁচাকৈ অসমীয়া জাতিৰ জীৱনযাত্ৰাক, ‘Way of life’ বা ‘Culture’ক, অসমীয়া জাতিৰ বৈচিত্ৰ্যপূৰ্ণ আচাৰ-আচৰণক ই দাঙি ধৰিছে। ভাবকচোন এই সমৃদ্ধ পাৰ্কখন নিৰ্মাণ কৰিছে, পৰিচালনা কৰিছে ৰাজ্যখনৰ আটাইতকৈ সংগ্ৰামী জাতীয় সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আটাইতকৈ ডাঙৰ কথা, এই পাৰ্কৰ পৰা কৃষক মুক্তিয়ে লাভ নাখায়, ইয়াৰ কোনো মালিক নাই, ই অসম চৰকাৰৰ এখন ৰাজ্যিক ভিত্তিক সমবায় সমিতি, যদিও চৰকাৰী কোনো বিভাগৰে ইয়াত এক টকাৰো অৱদান নাই।
কাজিৰঙা অৰ্কিড পাৰ্কে কাজিৰঙা পৰ্যটনৰ চেহেৰাই সলাই দিলে, এদিনৰ বাবে নহয়, এতিয়া কাজিৰঙাত পৰ্যটকে অনায়াসে তিনিদিন কটাব পাৰে। ট্যুৰিজিমৰ ‘ড্ৰাই ছিজন’ ধাৰণালৈ পৰিৱৰ্তন আনিলে। কেইবাশ স্থানীয় মানুহলৈ কৰ্মসংস্থাপন কঢ়িয়াই আনিলে।
ধন্যবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি।
Leave A Comment