ডিজিটেল ডেস্ক:সদৌ অসম সাংবাদিক সন্থাই (আজু)প্ৰতিটো বৰ্ষতে প্ৰদান কৰি অহা সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকতা জীৱনজোৰা সাধনা বঁটা আৰু ৰাধিকামোহণ ভাগৱতী,মাণিক দেউৰী,হৰি বৰ্মণ আৰু সাংবাদিক ৰজত চন্দ্ৰ বৈশ্য সোঁৱৰণী সাংবাদিকতা বঁটাসমূহ চলিত বৰ্ষৰ বাবে প্ৰদানৰ হেতু আজি অৰ্থাৎ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
বৃহস্পতিবাৰে বিয়লি সদৌ অসম সাংবাদিক সন্থাৰ তেজপুৰস্থিত মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ কুমাৰ নাথে উক্ত বঁটা সমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সংবাদ মেলত সভাপতিগৰাকীয়ে ২০২৪বৰ্ষৰ বাবে সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱালৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সংবাদ মেলত সভাপতিগৰাকীয়ে ২০২৪বৰ্ষৰ ৰাধিকামোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা দৈনিক জনমভূমিৰ কাৰ্য্যবাহী সম্পাদক সঞ্জীৱ ফুকনলৈ,শ্বহীদ সাংবাদিক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ললিত চন্দ্ৰ গগৈলৈ,সাংবাদিক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা দ্য আচাম ট্ৰিবিউনৰ ডেপুটি এডিটৰ ৰামানুজ দত্ত চৌধুৰীলৈ আৰু সাংবাদিক ৰজত চন্দ্ৰ বৈশ্য সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমনি বৰালৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
সভাপতিগৰাকীয়ে উল্লেখিত বঁটা সমূহ অহা ২৫ ডিচেম্বৰত আজাৰাত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি ব্যক্ত কৰে। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞাই সন্মতি প্ৰদান কৰা বুলি কয়। সংবাদ মেলত সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টাদ্বয় অঞ্জন গোস্বামী, ৰাজেশ দত্ত, সন্থাৰ উপ সভাপতি তৰুণ ডেকা, সাধাৰণ সম্পাদক নকুল তালুকদাৰেও অংশ গ্ৰহণ কৰে।
Leave A Comment