• সৰ্বশিক্ষা অভিযানৰ অতৰ্কিত নিৰ্দেশত ৰাজ্যৰ ৯০০ পৰিয়ালত হতাশা

    আঞ্চলিক
    সৰ্বশিক্ষা অভিযানৰ অতৰ্কিত নিৰ্দেশত ৰাজ্যৰ ৯০০ পৰিয়ালত হতাশা

    ডিজিটেল ডেস্ক:
    অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত বিশেষ প্ৰশিক্ষণ বিভাগ আৱাসিক বিশেষ
     প্ৰশিক্ষণ
    কেন্দ্ৰ
    , চমুকৈ
    আৰ.এছ.টি.চি.লৈ নামি আহিছে বিপদাশংকা৷ সৰ্বশিক্ষা অভিযান মিছনৰ প্ৰকল্প সঞ্চালকৰ
    কাৰ্যালয়ৰ পৰা জাৰি যোৱা এখন জাননীয়ে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰ৷
    ১৪ মে
    ত সৰ্ব শিক্ষা
    অভিযানৰ সমগ্ৰ শিক্ষাৰ প্ৰকল্প সঞ্চালকে জাৰি কৰা
    Letter No.SSA/Spl. Trang/New
    RSTC/597/2013/pt/10048 dated 31.03.2022
    শীৰ্ষক নম্বৰৰ এখন পত্ৰই এতিয়া চাঞ্চল্যৰ
    সৃষ্টি কৰিছে ৰাজ্যত৷
     

     

    আৱাসিক বিশেষ
    প্ৰশিক্ষণ কেন্দ্ৰ হৈছে
        এক
    মধ্যস্থতাকাৰী ব্যৱস্থা
    , ত বিদ্যালয়ৰ
    বাহিৰত থকা ১১ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰসমূহ
    সম্পূৰ্ণৰূপে ঘৰুৱা পৰিৱেশত পৰিচালিত কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে বাহিৰত ৰৈ যোৱা
    শিশু বিশেষকৈ শিশু শ্ৰমিক আদিক তেওঁলোকৰ বয়স সাপেক্ষে শ্ৰেণীত নামভৰ্তিৰ সুযোগ দি
    সময়ত তেওঁলোকক মূলসূঁতিৰ ছাত্ৰ-ছাত্ৰীলৈ ৰূপান্তৰিত কৰাটোৱেই এই ব্যৱস্থাৰ প্ৰধান
    উদ্দেশ্য। এই বিশেষ প্ৰশিক্ষণ সৰ্বাধিক ২ বছৰৰ বাবে আগবঢ়োৱা হয়। ৰাজ্যত
     মুঠ আৰ.এছ.টি.চি. আছে ৯৬টা৷

    আৰ.এছ.টি.চি.ৰ
    বাবে সংশ্লিষ্ট ডি.এম.চিয়ে সহায়ক
    , ৰান্ধনী,
    চকীদাৰ তথা মালী
    আদি যথোচিতভাৱে নিয়োজিত কৰিছে।


    ই.ভি. তথা
    চি.টিৰ পাৰিতোষিক প্ৰতি মাহে ৬০০০ টকা। অন্যান্য কৰ্মচাৰীৰ পাৰিতোষিক হল ৩৫০০ টকা।
     বিশ্বনাথ, ধেমাজি, কামৰূপ (মেট্ৰ’) আৰু শোণিতপুৰ
    জিলাক বাদ দি অসমৰ অন্য প্ৰতিখন জিলাৰ জিলা প্ৰকল্প সমন্বয়কলৈ সৰ্ব শিক্ষা
    অভিযানে প্ৰেৰণ কৰিছে বিশেষ নিৰ্দেশনা৷
      

     অসম চৰকাৰৰ
    শিক্ষা বিভাগৰ প্ৰেৰণ কৰা এই গোপন জাননীয়ে এতিয়া ৰাজ্যৰ ৯০০ পৰিয়াললৈ নমাই আনিছে
    চৰম অনিশ্চয়তা৷ জাননীখনত স্পষ্টভাৱে উল্লেখ আছে- জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ হ
    ব ৰাজ্যৰ ৯৬খন
    আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ৷
      ২০০৩ চনৰ পৰা ২০২২ লৈ এই ১৮ বছৰ কাল ন্যূনতম মূল্যত সেৱা আগবঢ়োৱা কৰ্মীসকলক
    এনেদৰে চৰকাৰে সংস্থাপনহীন কৰি তোলাত ক্ষুব্ধ হৈ পৰিছে কৰ্মীসকল। ৰাজ্যৰ প্ৰান্তে
    প্ৰান্তে দেখা গৈছে ক্ষোভৰ উদগীৰণ৷
     


    লখিমপুৰ, ৰঙিয়াৰ পাছত
    এইবাৰ
      নগৰবেৰাত
    প্ৰতিবাদমুখৰ হৈ পৰা দেখা গ
    ল আৰ.এছ.টি.চি.ৰ কৰ্মচাৰীসকলক৷ বৰপেটা জিলাৰ আলোপতি
    মাজৰচৰ আৰ.এছ.টি.চি.ত একাংশ কৰ্মচাৰীয়ে সংবাদমেল সম্বোধন কৰি শিক্ষা বিভাগৰ এই
    নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। প্ৰায় ৯০০ যুৱক যুৱতীৰ লগতে তেওঁলোকৰ
    পৰিয়ালৰ সুৰক্ষাৰ কথা চিন্তা কৰি এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ লগতে আৱাসিক বিশেষ
    প্ৰশিক্ষণ কেন্দ্ৰসমূহসমূহত কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ
    মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনায়।

     

    যিসময়ত ৰাজ্যৰ
    মুখ্যমন্ত্ৰী ড
    °
    হিমন্ত বিশ্ব
    শৰ্মাই নতুন নিযুক্তিৰে একপ্ৰকাৰ চমক সৃষ্টিৰ চেষ্টা চলাইছে
    , তেনে সময়তে
    আৱাসিক বিশেষ প্ৰশিক্ষণ শিবিৰৰ কৰ্মচাৰীৰ জীৱনলৈ নামি অহা অনিশ্চয়তা আৰু আশংকাক
    মৰিষণ কৰিবলৈ অসম চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাজ্যৰ সচেতন
    মহলে৷