ডিজিটেল ডেস্কঃ ৩১ জানৱাৰীৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম অধিৱেশন৷ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত এই দ্বিবাৰ্ষিক অধিবেশনলৈ সোঁত বৈছে সাহিত্য অনুৰাগীৰ৷ ইয়াৰ মাজতে ঘোষণা হ’ল অসম সাহিত্যসভাই প্ৰদান কৰিবলগীয় বঁটাপ্ৰাপক সকলৰ নাম৷
অসম সাহিত্য সভাৰ বিদায়ী সভাপতি,উপ-সভাপতি আৰু প্ৰধান সম্পাদকে এক সংবাদমেলৰ জৰিয়তে সাহিত্যসভাই প্ৰদান কৰিবলগীয় সভাৰ বিভিন্ন সাহিত্য বঁটাৰ প্ৰপক সকলৰ মান ঘোষণা কৰে৷ সংবাদমেলত সদৰি কৰা অনুসৰি নীলমণি সেন ডেকালৈ আগবঢ়োৱা হৈছে অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, পাচুগোপাল চক্ৰৱৰ্তীলৈ হেম বৰুৱা সোঁৱৰণি বঁটা, নলিনীবালা হাজৰিকালৈ বাসন্তী বৰদলৈ বঁটা, জয়কান্ত শৰ্মালৈ শৰৎ চন্দ্ৰ বৰুৱা স্মাৰক, প্ৰমোদ কলিতালৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, সুমিত্ৰা হাজৰিকালৈ হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি সাহিত্য বঁটা আগবঢ়োৱা হৈছে৷
ইফালে অদিতি খাউণ্ডলৈ প্ৰেমধৰ দত্ত সোঁৱৰণি বঁটা, অপৰাজিতা পূজাৰীলৈ গিৰিধৰ শৰ্মা বঁটা, চন্দনা পাঠকলৈ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা, হৰিন্দ্ৰ মোহন নাথলৈ দুৰ্গাধৰ বৰকটকী সোঁৱৰণি বঁটা, ডাঃ শংকৰ কুমাৰ দাসলৈ গোপালচন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা, 'অৰ্কিড অব্ আছাম'লৈ হৰিপ্ৰসাদ নেওগ মুদ্ৰণ-অলংকৰণ বঁটা, নীলোৎপল শৰ্মালৈ উগ্ৰতাৰা ন্যাস বঁটা, বেদব্ৰত মিশ্ৰলৈ ফণীতালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা, চন্দনা বেজবৰুৱালৈ উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণি বঁটা, জ্যোতি কুমাৰী শৰ্মালৈ অনিল কুমাৰ শৰ্মা সোঁৱৰণি বিজ্ঞান সাহিত্য বঁটা, ভৰত ৰাজখোৱালৈকুমাৰ কিশোৰ সোঁৱৰণি বঁটা, অভিজিৎ গগৈলৈ কাব্যশ্ৰী হাজৰিকা বঁটা আগবঢ়োৱা হৈছে৷
উল্লেখযোগ্য যে সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা প্ৰাপকসকলৰ নামো ঘোষণা কৰা হৈছে। ‘চিৰদিন অসমীয়া’ শীৰ্ষক গ্রন্থৰ বাবে ময়ূৰ বৰালৈ, ভৱানী প্রসাদ অধিকাৰীলৈ ‘অ’ মোৰ সুৱদি মাত’ শীৰ্ষক গ্রন্থৰ বাবে, শান্তনু কৌশিক বৰুৱালৈ ‘অসমৰ ঐতিহ্য’ শীৰ্ষক গ্রন্থৰ বাবে, ‘অসমৰ যাত্রা অভিনয়ৰ ইতিহাস’ শীৰ্ষক গ্রন্থৰ বাবে ধীৰেন শৰ্মালৈ, ‘ভাষাৰ মৰণ যাত্রা’ শীৰ্ষক গ্রন্থৰ বাবে সীমা বৰালৈ, ‘সোমদিৰি নৈৰ জীৱন ঘাট’ শীৰ্ষক গ্রন্থৰ বাবে সোণমণি দাসলৈ আৰু ‘ছহিদ কণকলতা বৰুৱা আৰু অন্যান্য’ শীৰ্ষক গ্রন্থৰ বাবে বৰ্ণালী শইকীয়ালৈ সভাপতিৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে৷
Leave A Comment