ডিজিটেল ডেস্ক: সোতৰ বছৰৰ পাছত অসমত বন্ধ হৈ পৰিল অসম চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটা৷ আজি শিক্ষামন্ত্ৰীয়ে সদৰী কৰে এই তথ্য৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক অসম চৰকাৰে প্ৰদান কৰি আহিছিল আনন্দৰাম বৰুৱা বঁটা৷
এতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ নকৰে লেপটপ। আনহাতে, আজি শিক্ষামন্ত্ৰীয়ে এইবেলি গৰম বন্ধ ২৫ জুনৰ পৰা আৰম্ভ হ’ব বুলি সদৰী কৰ৷ ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে আগুৱাই দিয়া হ’ল গৰম বন্ধ।
২৫ জুনৰ পৰা ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত গৰম বন্ধ হ’ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ২৫ জুনৰ পৰা ২৫ জুলাইলৈ ৫ দিন আগুৱাই ঘোষণা কৰা হৈছে গৰম বন্ধ। সংবাদমেলযোগে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে।
উল্লেখ্য যে, আজিৰ পৰা বন্ধ হৈ পৰা আনন্দৰাম বৰুৱা বঁটাৰ অধীনত অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীক লেপটপ আৰু লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছিল।
২০০৫ চনত এই বঁটা ঘোষণা কৰা হৈছিল আৰু সেই বৰ্ষতে প্ৰথমবাৰৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকাৱত ১২,৭৫৬গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত বঁটা প্ৰদান কৰা হৈছিল।
Leave A Comment