ডিজিটেল ডেস্ক: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। শেহতীয়া কৈ ৰাজ্যৰ প্ৰতিখন গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতো আম আদমী পাৰ্টিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি এক সংবাদমেল যোগে সদৰি কৰিছে।
চৰকাৰৰ ব্যৰ্থতা, দুৰ্নীতি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আদি মূল ইছ্যু হিচাপে লৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব আপ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গোমাংস নিষিদ্ধকৰণ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ধানোৱাৰে কয়, জনসাধাৰণৰ মৌলিক সমস্যাৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই নিয়াৰ বাবে চৰকাৰে এই ধৰণৰ বিষয়বোৰত গুৰুত্ব আৰোপ কৰিছে।
আপৰ নেতা গৰাকীয়ে বাট পথৰ শোচনীয় অৱস্থা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কয় যে সৰু গাড়ীৰে গুৱাহাটীৰ পৰা শিলচৰ পাবলৈ ১৩ ঘন্টা সময়ৰ প্ৰয়োজন হয়। যাতায়াতৰ বাবে বাট পথৰ অৱস্থা শোচনীয়। এইবোৰ বিষয়ৰ পৰা সকলোকে আঁতৰাই ৰখাৰ বাবে ঠাইৰ নাম পৰিবৰ্তন, গোমাংস আদি ইছ্যুবোৰ লৈ আহিছে।
আনহাতে সংবাদমেলত আগন্তুক দিনত ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছৰ সৈতে আপৰ মিত্ৰতাৰ সম্ভাৱনীয়তাৰ বিষয়ে আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় বিৰোধী দল সমূহৰ মিত্ৰতাৰ এই সমগ্ৰ বিষয়টো কংগ্ৰেছৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব।
উল্লেখ্য যে পাঁচ দিনীয়া ভ্ৰমণ সূচীৰে বৰাক উপত্যকাত সভাপতি ধানোৱাৰৰ নেতৃত্বত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এটা দলে সম্পৰ্ক যাত্ৰা অভিযান আৰম্ভ কৰিছে। মঙলবাৰে শ্ৰীভূমিত দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত আজি হাইলাকান্দি জিলাৰ আপৰ কৰ্মকৰ্তা সকলৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ মাজতে ধানোৱাৰে দলৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, উপ সভাপতি সৌমিক সেনগুপ্ত, সাংগঠনিক সম্পাদক জয়ন্ত শইকীয়া, সামাজিক মাধ্যমৰ ৰাজ্যিক সমন্বয়ক তাৰিক চৌধুৰী আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে।
Leave A Comment