• স-সাগৰা গুৱাহাটীঃ আজি বিচাৰি পাবলৈ নাই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীক

    আঞ্চলিক
    স-সাগৰা গুৱাহাটীঃ আজি বিচাৰি পাবলৈ নাই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীক

    ডিজিটেল ডেস্কঃ বাৰিষাৰ এজাক বৰষুণ এতিয়া গুৱাহাটী মহানগৰবাসীৰ বাবে
    যেন এতিয়া অভিষাপ হৈ পৰিছে। মুষলধাৰ বৰষুণৰ কথাটো বাদেই দিলো এতিয়া বাৰিষাৰ
    কিন-কিনকিনীয়া বৰষুণজাকো মহানগৰবাসীক জীয়াতু ভুগাইছে। অনিল নগৰ, নবীন নগৰ, আৰ জি
    বৰুৱা ৰোড
    , গান্ধীবস্তি, ভঙাগড়, গীতানগৰ, জি.এছ ৰোড সকলোতে
    এতিয়া পানী আৰু পানী। 


    চৰকাৰ প্ৰশাসনে গুৱাহাটী মহানগৰক লৈ যিমানেই উন্নয়নৰ কথা
    নকওঁক কিয়, গুৱাহাটীত এজাক বৰষুণ আহিলেই গুৱাহাটীত উন্নয়নৰ প্ৰকৃত স্বৰূপ উলাই
    পৰে। উল্লেখ্য যে কালিৰ নিশাৰ পৰা অহা বৰষুণজাকে এতিয়া মহানগৰবাসীৰ বাবে কাল হৈ
    পৰিছে।



     



    বিশেষকৈ দৈনিক কাকত, টেলিভিছন চেনেল, চিকিসালয়, ব্যক্তিগত প্ৰতিষ্ঠানকে ধৰি বিভিন্ন
    অনুষ্ঠান
    , প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা লোকসকল
    বৰষুণ আৰু বানপানীৰ ফলত নিজ নিজ কাৰ্যালয়তে পুৱা পৰ্যন্ত আৱব্ধ হৈ থাকিবলগীয়া
    হৈছে। কৃত্ৰিম বান এই পৰ্যন্ত হ্ৰাস নোহোৱাত এইসকল কৰ্মচাৰী এতিয়াও স্বগৃহলৈ যাবলৈ
    পৰা নাই।



     



    মহানগৰ উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘাল
    এইসময়ত কত অন্তধান হল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বৰষুণ আহিলেই গুৱাহাটীত
    কৃত্ৰিম বানৰ  সমস্য হোৱাৰ পাছতে, খৰালিত
    আকৌ গুৱাহাটী মহানগৰবাসীয়ে এটুপি খোৱাপানী খাবলৈ হাবাথুৰি খাব লগা হয়। নিৰ্বাচনৰ
    সময়ত জনপ্ৰতিনিধিয়ে জনসাধাৰণক উন্নয়নৰ নানান ফুলজাৰি মাৰে, নিৰ্বাচন যোৱাৰ পাছত এই
    সকলোবোৰ অসাৰত পৰিণত হয়। মহানগৰবাসীৰ এতিয়া এটাই দাবী, স্মাৰ্ট চিটি নালাগে,
    প্ৰথমে চৰকাৰে কৃত্ৰিম বানপানী আৰু খোৱাপানী সমস্যটোকে প্ৰথমে সমাধান কৰক।