ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক, লেখক, প্ৰাগ নিউজ ডিজিটেলৰ সম্পাদক জিতুমণি বৰাক যোৰহাটত প্ৰদান কৰা হয় অৰুণ বৰা সোঁৱৰণী সাংবাদিকতা বঁটা। যোৰহাট জিলা সাংবাদিক সন্থাই প্ৰবীণ সাংবাদিক, কৃতী শিক্ষক মাজুলীৰ সমাজকৰ্মী অৰুণ বৰাৰ সোঁৱৰণত ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰা সাংবাদিকতা বঁটা ২০২৪ প্ৰদান কৰে জিতুমণি বৰাক।
যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰামপ্ৰসাদ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা উদ্বোধন কৰে সদৌ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই।
যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত সভাত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা: মানৱ গোহাঁই আৰু যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক কুমাৰ বৰুৱা উপস্থিত থাকে।
উল্লেখ্য যে, বঁটাপ্ৰাপকক প্ৰশস্তি পত্ৰ, স্মাৰক, ১০ হাজাৰ টকা, চেলেং আদি প্ৰদান কৰা হয়। মূল অনুষ্ঠানৰ পূৰ্বে অৰুণ বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অৰুণ বৰাৰ সহধৰ্মিনী মীনা বৰাই। উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়োৱা হৈছিল বিশিষ্ট সাংবাদিক মুনীন বায়নক।
এই বৰ্ষৰ বাবে বঁটাটোৰ পৃষ্ঠপোষকতা কৰিছে প্ৰয়াত শিক্ষাবিদ, পূব যোৰহাটৰ এগৰাকী সমাজপ্ৰাণ ব্যক্তি মহম্মদ আলীৰ সোঁৱৰণত পৰিয়ালবৰ্গই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাটৰ প্ৰায় সংখ্যক সামাজিক অনুষ্ঠান তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Leave A Comment