ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পৰা মাজুলী হ’ব ২০ মিনিটৰ বাট৷ কাজিৰঙা, শ্বিলং পাবগৈ মাত্ৰ ৩০ মিনিটতে৷ নদীৰ পৰাই আকাশমাৰ্গেৰে উৰিব বিশেষ এয়াৰ ক্ৰাফ্ট৷ অসমৰ আকাশেদি লুইতৰ বুকুত অৱতৰণৰ বাবে আহিছে এখন এয়াৰ ক্ৰাফ্ট।
প্ৰথমবাৰলৈ দেশৰ নদীত অৱতৰণ কৰিলে SEAPLANE৷ গুৱাহাটীৰ পাণ্ডুঘাটত পৰীক্ষামূলক অৱতৰণ SEAPLANE খনৰ৷ পৰ্যটনৰ অলেখ সম্ভাৱনীয়তা কঢ়িয়াই এতিয়াৰে পৰা সহজ হ'ব যাতায়ত। বৃহস্পতিবাৰে মেঘালয়ৰ উমিয়াম লেকত সফল অৱতৰণৰ পিছত
আজি লুইতৰ বুকুত অৱতৰণ কৰিলেহি বিশেষ এয়াৰ ক্ৰাফ্টখনে৷
ডি-হেভিলেণ্ড কোম্পানীৰ সহযোগত ৯-১৯নৱেম্বৰলৈ আৰম্ভ হৈছে চি-প্লেনৰ যাতায়ত৷ এইয়া দেশৰ যাতায়ত আৰু পৰ্যটনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ।
শুকুৰবাৰে চি-প্লেন অৱতৰণৰ পৰীক্ষণ প্ৰচেষ্টাৰ শুভাৰম্ভণি ঘটাই ৰাজ্যৰ পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এক বছৰৰ ভিতৰত কাৰ্যকৰী
হ'ব SEAPLANEৰ ব্যৱস্থা৷ একেলগে ১৯ যাত্ৰী কঢ়িয়াই উৰা মাৰিব SEAPLANE-এ
এতিয়াৰে পৰা এই SEAPLANEত উঠি যাব পাৰিব দেশৰ বিভিন্ন স্থানলৈ৷ ইতিমধ্যেই বিশ্বৰ বিভিন্ন দেশত এই চি-প্লেনৰ যাতায়তে প্ৰমোদ ভ্ৰমণৰ সুযোগ দি আহিছে যাত্ৰীসকলক।
মুঠতে পৰ্যটন আৰু পৰিবহন ক্ষেত্ৰক অন্য এক মাত্ৰা দিব এই চি-প্লেনৰ যাতায়তে। কিন্তু কিমানদূৰ কাৰ্যকৰী হ'ব সেইয়াহে লক্ষ্যনীয় হ'ব।
Leave A Comment