• বীৰ লাচিত সেনাক প্ৰত্যাহ্বান সদৌ অসম বাঙালী সুৰক্ষা মঞ্চৰ

    আঞ্চলিক
    বীৰ লাচিত সেনাক প্ৰত্যাহ্বান সদৌ অসম বাঙালী সুৰক্ষা মঞ্চৰ
    সহাৱস্থানক যেতিয়া অস্বীকাৰ কৰা হয়, তেতিয়াই সৃষ্টি হয় গোষ্ঠী দ্বন্দৰ। ইতিহাসত উগ্ৰ জাতীয়তাবাদে কোনোদিনে জাতিৰ কল্যাণ সাধন নকৰে ৷

    কিছুদিন পূৰ্বে তিনিচুকীয়াত বীৰ লাচিত সেনাই “নিখিল ভাৰত বংগ সাহিত্য সভাৰ” বেনাৰ আৰু কালীবাৰী মন্দিৰৰ বাংলা আখৰত ক’লা ৰং সানি দিছিল । লাচিত সেনাৰ মতে অসমখন অসমীয়াৰ আৰু যিহেতু বৰাক উপত্যকাত বাংলা ভাষাই মান্যতা লাভ কৰিছে সেয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলা ভাষাৰ দৌৰাত্ম্য কোনো কাৰণতে সহ্য কৰা ন’হব ৷

    এই কথাত ক্ষুন্ন হৈ বাঙালী সংগঠনটোৱেও বীৰ লাচিত সেনাক সমুখ সমৰলৈ বুলি প্ৰত্যাহবান জনায় ৷ তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,অসম এখন বহুভাষিক ৰাজ্য৷ সেয়ে এই ৰাজ্যত অসমীয়া অথবা আন ভূমিপুত্ৰসকলৰ দৰে বাঙালীৰো অধিকাৰ আছে ৷ আৰু বীৰ লাচিত সেনাই পুনৰ যদি বাঙালীক আক্ৰমণৰ লক্ষ্য কৰি লয়,তেন্তে পৰিণতি বিষম হ’ব বুলি বাঙালী সুৰক্ষা মঞ্চই সকীয়ণি দিয়ে ৷