ডিজিটেল ডেস্ক: আজি একাদশ দিনাও পুথিপ্ৰেমীৰে ঠাহ খাই পৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি হোৱাৰে পৰা আহিবলৈ আৰম্ভ কৰা গ্ৰন্থপ্ৰেমীয়ে সন্ধিয়াৰ ভাগত কেবা সহস্ৰাধিকৰ ঘৰ অতিক্ৰম কৰে৷
আজি বিয়লি ১ বজাত গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত “উপন্যাস সাহিত্যঃ তত্ব, শৈলী আৰু বিষয়বস্তু” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ তেওঁ কয় যে উপন্যাস হৈছে জীৱন যাত্ৰাৰ নিৰ্মেদ প্ৰতিফলন৷ আৰ্নেষ্ট হেমিংৱে’ৰ দৰে বিশ্ব প্ৰসিদ্ধ সাহিত্যিকেও এই কথা কৈছে৷ সৃষ্টি আগত, তত্ব পাছতহে৷ মই নিজেও তত্ব নজনাকৈয়ে উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিলো৷ কলা-কৌশল, ধাৰা সময়ে সময়ে সলনি হয়৷ হ’লেও ইয়াত জীৱনৰ প্ৰতিফলনেই মুখ্য বুলি বিশ্বাস কৰোঁ৷ জীৱনৰ সত্যান্বেষণ, আত্মকথন, অন্তৰ্জগতৰ সত্তাক উপন্যাসে প্ৰতিনিধিত্ব কৰিছে৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-লেখক জয়ন্ত মাধৱ বৰাই কয় “মানুহৰ জীৱনক পৰিপূৰ্ণভাৱে চিত্ৰিত কৰিব পৰা মাধ্যম হৈছে উপন্যাস৷ বাস্তৱৰ হুবহু প্ৰতিফলন উপন্যাসৰ চৰিত্ৰ বা উদ্দেশ্য নহয়৷ কাল্পনিক চিত্ৰণেও অৱশ্যে বাস্তৱক প্ৰতিফলিত কৰে৷ তদুপৰি বিষয়বস্তুৱে উপন্যাসৰ শৈলী নিৰ্ধাৰণ কৰে৷”
আন এগৰাকী আলোচক, সাহিত্যিক ড° প্ৰাণজিৎ বৰাই কয় যে লিখাৰ সময়ত তত্বৰ জটিলতালৈ সোমোৱা নাযায়৷ লেখকৰ মনক কেনেদৰে বিষয়বস্তুৱে দোলায়িত কৰে তাৰ ওপৰত সৃষ্টিৰ গুণ বহুলাংশে নিৰ্ভৰ কৰে৷ লেখকে “Time” আৰু “Space” বুজি পোৱা বা অনুধাৱন কৰাটো দৰকাৰী কথা৷ তথাপি এই কথা সত্য যে সৃষ্টিৰ মুহূৰ্তত তত্ত্বৰ জটিল মেৰপেছৰ মাজেৰে যোৱা নাযায়৷ উপন্যাসে মানুহক লগ এৰা নাই আৰু নেৰে৷ কাৰণ উপন্যাসে আমাৰ সমাজ-জীৱনক প্ৰতিফলিত কৰে, সৰলভাৱেই হওক বা জটিলতাৰ মাজেৰেই হওক৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে জনপ্ৰিয় ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই৷ তেওঁ কয়—“উপন্যাস লিখাৰ সময়ত বহু কথা শিকা যায়৷ প্ৰথমে বিষয়টোৱে মনৰ মাজত ঘূৰে তাৰ পাছত এটা ৰূপ পায়৷ বিষয়বস্তুৱে কাল নিৰ্ণয় কৰে৷ কাল অৰ্থাৎ কোনখিনি সময়ক প্ৰতিফলিত কৰা যায় সেয়া নিৰ্বাচন কৰাটো গুৰুত্বপূৰ্ণ৷” আন এগৰাকী ঔপন্যাসিক মনালিছা শইকীয়াই বিষয় প্ৰসংগত কয় যে কেতিয়াবা গল্প এটা লিখি থাকিলে ভাব আহে যে এয়া এখন উপন্যাস হ’ব পাৰে৷ উপন্যাস এখন লিখিবলৈ অভিজ্ঞতা আৰু অধ্যয়নৰ প্ৰয়োজন৷ অৱশ্যে তত্ব বা শৈলী কি সেয়া নভবাকৈয়ে লিখিবলৈ আৰম্ভ কৰা যায়৷ বিষয় প্ৰসংগত আলোচনা কৰি অধ্যাপক ড° অনন্যা হিলৈদাৰীয়ে কয় যে তত্বৰো অন্ত নাই৷ নতুন তত্ব উদ্ভাৱন হৈ থাকিব৷ বিশ্লেষণ আৰু পুনৰ বিশ্লেষণে তত্বক নতুকৈ চাবলৈ দিয়ে৷ এতিয়া মানুহৰ জীৱন জটিল এক পৰিক্ৰমা৷ গতিকে সৃষ্টিৰ তত্ব আৰু শৈলীও সৰল হৈ থকা নাই৷ ইয়াৰ পাছত বিয়লি ৩ বজাত অনুষ্ঠিত হয় কবি সন্মিলন৷
কবি সন্মিলন উদ্বোধন কৰি বিশিষ্ট কবি আনিছ উজ্ জামানে কয় যে কবিতাৰ কলাসুলভ চৰিত্ৰটো কবিতাৰ মূল্যবোধৰ অন্বেষণৰ লগত জৰিত৷ কলাৰ সংবেদনশীলতাই পাঠকৰ ইন্দ্ৰিয়ানুভূতিক সদায় সক্ৰিয় কৰি থয়৷ অসমীয়া সাহিত্যৰ তথা কাব্যৰ বিষয়ে কবলৈ ওলালে মহান ভাৰতীয় ঐতিহ্যৰ সৈতে ইয়াৰ সংগতি ৰাখিব লাগিব বুলি বিশ্বাস কৰোঁ৷ কাৰণ বেলেগ বেলেগ সময়ত ভাৰতৰ আন ঠাইবোৰত খলকনি তোলা চিন্তাৰ ঢৌবোৰ অসমতো সোমাইছে৷ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বাংলা ভাষাৰ যুৱ-সাহিত্য অকাদেমি বঁটা প্ৰাপক অসমৰ কবি সুতপা চক্ৰৱৰ্তীয়ে৷ তেওঁ কয় যে অসমৰ কন্যা হিচাপে সদায়ে গৰ্ববোধ কৰোঁ৷ অসমৰ সাহিত্য আৰু সংস্কৃতিৰ বিস্তাৰ বিশাল৷ অসমীয়া আৰু বাংলা দুয়োটা ভাষাই সমৃদ্ধ ভাষা৷ অসমীয়া কাব্য সাহিত্য অতি উন্নত৷ বৰাক-ব্ৰহ্মপুত্ৰবাসীৰ একত্ৰিত চিন্তাই আমাৰ সাহিত্যক শক্তিশালী কৰিছে৷ তেওঁ বাংলা ভাষাত গটি কবিতাও পাঠ কৰে৷ কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়াই৷ তেওঁ কয় যে কবিতা কোনোদিনে পুৰণা নহয়৷ কবিতা সদায়ে নতুন৷ ইয়াত কবিতা পাঠ কৰে ৰাজেন্দ্ৰ নাথ বৰদলৈ, এম কামালুদ্দিন আহমেদ, লুট্ফা হানুম চেলিমা বেগম, ৰাজীৱ বৰুৱা, অনুভৱ তুলসী, নিৱেদন দাস পাটোৱাৰী, নীলিমা ঠাকুৰীয়া হক, সৌৰভ শইকীয়া, অজিত গগৈ, বিৰিঞ্চি ৰাভা, মৃদুল হালৈ, পংকজ গোৱিন্দ মেধি, বিজয় শংকৰ বৰ্মন, ধীমান বৰ্মন, দ্বিজেন কুমাৰ দাস, শ্যামন্ত পায়েং, বিভাৰাণী তালুকদাৰ, প্ৰতীম বৰুৱা, চন্দন গোস্বামী, বিমল ডেকা, মৰমী বৰঠাকুৰ তালুকদাৰ, অনিন্দিতা বাৎসায়ন, ৰাজীৱ কুমাৰ ফুকন, বৰ্ণালী বৰগোহাঁই, অংকুৰ ৰঞ্জন ফুকন, দেৱপ্ৰসাদ তালুকদাৰ, সুমিত্ৰা গোস্বামী, প্ৰাঞ্জল তালুকদাৰে৷
কাইলৈ বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠান৷ সামৰণী অনুষ্ঠানত সভাপতিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড° সচ্চিদানন্দ যোশী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ-গৱেষক ড° ননীগোপাল মহন্তই৷
Leave A Comment