• ভাষা-সাহিত্যৰ অনুষ্ঠানেৰে মুখৰ অসম গ্ৰন্থমেলা ; সাতদিনত ৪ কোটি টকাৰ কিতাপ বিক্ৰী

    আঞ্চলিক
    ভাষা-সাহিত্যৰ অনুষ্ঠানেৰে মুখৰ অসম গ্ৰন্থমেলা ; সাতদিনত ৪ কোটি টকাৰ কিতাপ বিক্ৰী
    ডিজিটেল ডেস্কঃ পুথিপ্ৰেমীৰ সোঁত, লেখক-পাঠকৰ আড্ডাই উমাল কৰি তুলিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ 

    কাৰ্যতঃ ভাষা-সাহিত্য-সংস্কৃতিৰ এক পীঠস্থানলৈ ৰূপান্তৰিত হৈছে খানাপাৰা বাকৰিৰ এই গ্ৰন্থোৎসৱ ৷ বিপণীত পঢ়ুৱৈৰ উপস্থিতিয়ে প্ৰকাশন গোষ্ঠী সমূহকো বাৰুকৈয়ে উৎসাহিত কৰা পৰিলক্ষিত হৈছে ৷ যোৱা ২৭ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ৪ কোটি  টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে উদ্যোক্তাসকলে ৷ আনহাতে বৃহস্পতিবাৰৰ দুপৰীয়া ১২-৩০ বজাৰ পৰা ‘অ’ মোৰ সুৰীয়া মাত” শীৰ্ষক অসমীয়া ভাষালৈ ধ্ৰুপদী মৰ্যাদা বিষয়ক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় গ্ৰন্থমেলাৰ বাকৰিত ৷ 

    অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰা উপলক্ষে দুখন আলোচনা সত্ৰৰে এই অনুষ্ঠানটিৰ আয়োজন কৰা হয় ৷ প্ৰথমখন আলোচনা সত্ৰৰ বিষয় হৈছে “অসমীয়া শব্দ সম্ভাৰৰ ধ্ৰুপদী চৰিত্ৰ বিশ্লেষণ”৷ ইয়াত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰে নতুন দিল্লীৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড° বলদেৱানন্দ সাগৰে ৷ উদ্বোধনী ভাষণত তেওঁ কয়—“অৰূপ কুমাৰ দত্তৰ “লাচিত বৰফুন” গ্ৰন্থৰ সংস্কৃত অনুবাদ কৰাৰ সৌভাগ্য মোৰ হৈছে ৷ এই গ্ৰন্থৰ অনুবাদৰ মাজেৰে অসমৰ ইতিহাস, সংস্কৃতি, মানুহৰ সামজিক দায়ৱদ্ধতা, দেশ-প্ৰেমৰ বিষয়ে জানিব পাৰিছোঁ ৷ এইখন অসমৰ মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে ৷ এয়া যথাৰ্থতে আনন্দ আৰু গৌৰৱৰ কথা ৷ কাৰণ অসমীয়া ভাষাই এই মৰ্যাদাৰে সকলো শংকাৰ পৰা মুক্ত হ’ল ৷ এতিয়া ভাষাটোৰ শুদ্ধ চৰ্চা আৰু প্ৰয়োগে ইয়াৰ উত্তৰণ সাধিব আৰু প্ৰসাৰ ঘটাব ৷ দৰাচলতে ভাষাৰ বৈচিত্ৰ্য ভাৰতবৰ্ষৰ এক অলংকাৰ ৷ সকলো আঞ্চলিক বা ক্ষেত্ৰীয় ভাষাবোৰে ভাৰতীয় ভাষা-সাহিত্যকে সমৃদ্ধ কৰিছে ৷ ভাষা-সাহিত্যই আমাৰ সমাজ ব্যৱস্থা, জীৱনশৈলীক জগতসভালৈ আগবঢ়াই নিছে ৷ অসমীয়া ভাষায়ো একেই কামকে কৰিছে ৷” 

    তেওঁ প্ৰসংগক্ৰমে বেদ-উপনিষদৰ বিভিন্ন শ্লোকৰ উদ্ধৃতিৰে মানুহৰ জীৱন-দৰ্শন, ভাষিক-প্ৰয়োজনৰ বিষয়ে ব্যাখ্যা কৰে ৷ তেওঁ পুনৰ কয়—“একম সদ বিপ্ৰা বহুধা বদন্তি—অৰ্থাৎ সত্য বা পৰম সত্য এটাই ৷ বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে ইয়াৰ ব্যাখ্যা কৰিছে ৷ এই কথা জ্ঞান-বিজ্ঞান, সমাজ-ৰাজনীতি সকলোতে প্ৰযোজ্য হয় ৷ বিভিন্ন পথেৰে গৈয়ো একেই পথত উপনীত হ’ব পাৰি ৷” সত্ৰখন সঞ্চালনা কৰে ভাষাবিদ ,অভিধান প্ৰণেতা তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ ইয়াত আলোচনা হ’ল ৷ অসমীয়া ভাষাৰ শব্দৰ ধ্ৰুপদী চৰিত্ৰ বিশ্লেষণ কৰিলে আনন্দায়ক অভিজ্ঞতা অৰ্জন কৰিব পাৰি ৷ অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি সমৃদ্ধ ৷ একেটা অৰ্থকে প্ৰকাশ কৰিব পৰা বহু শব্দ আমাৰ ভাষাত আছে ৷ এই প্ৰাচীন শব্দ সম্ভাৰৰ ধ্ৰুপদী চৰিত্ৰ বা বৈশিষ্ট্য আছে ৷ ধ্ৰুপদী স্বীকৃতিয়ে আমাৰ দায়িত্ব বৃদ্ধি কৰিছে ৷ ভাষাটোৰ সৰ্বোতপ্ৰকাৰৰ বিকাশৰ বাবে আমি শুদ্ধভাৱে চৰ্চা আৰু প্ৰয়োগ কৰিব লাগিব ৷ 

    ইয়াত আলোচক অতিথিৰূপে আংশগ্ৰহণ কৰি বিশিষ্ট ভাষাতাত্বিক ড° খগেশ সেন ডেকাই কয় যে ‘শব্দৰ ব্যৱহাৰ সঠিক হ’লেহে ভাষাটোক শুদ্ধকৈ জীয়াই ৰাখিব পৰা যায় ৷ আমাৰ মাত-কথাত ধ্ৰুপদী শব্দৰ লগতে ঘৰুৱা শব্দৰো সম্ভাৰ আছে ৷ কেৱল সংস্কৃত শব্দবোৰেই যে ধ্ৰুপদী এনে কথা নহয় ৷ ঐতিহ্যমণ্ডিত সকলো শব্দই ধ্ৰুপদী শব্দ ৷ অসমীয়া ভাষা এনে শব্দৰে সমৃদ্ধ হৈ আছে ৷’ 

    আন এগৰাকী ভাষাতাত্ত্বিক ড° দীলিপ ৰাজবংশীয়ে বিষয় সন্দৰ্ভত আলোচনা কৰি কয় যে ‘পঞ্চম শতিকাৰ পৰা ধৰিলেও অসমীয়া ভাষাৰ ইতিহাসে ১৫শ বছৰ অতিক্ৰম কৰিছে ৷ এই সময়ছোৱাত অসমীয়া ভাষা বিভিন্ন বিৱৰ্তনৰ মাজেৰে আহি আজিৰ এই পৰ্যায় পাইছেহি ৷ পঞ্চম শতিকাতে অসমীয়া ভাষাৰ লিখিত নিদৰ্শন পোৱা যায় ৷ এই দীঘলীয়া সময়ত শব্দ ভাণ্ডাৰ গঢ়ি উঠিছে আৰু এইবোৰে ধ্ৰুপদী বৈশিষ্ট্য লাভ কৰিছে ৷ ভাষাৰ পৰিৱৰ্তন হৈ থাকিব, নতুন শব্দ সোমাব , এয়া ভাষাৰ নিয়ম ৷ অসমীয়া ভাষাত একেটা বিষয় বা বস্তুক বুজাবলৈ বহুত শব্দ আছে ৷ এনে বহু শব্দৰ এতিয়া ব্যৱহাৰ বা চৰ্চা কমি আহিছে ৷ এইবোৰ ব্যৱহাৰ কৰা উচিত , তেতিয়া ভষাটো অধিক সমৃদ্ধ হ’ব ৷ একেদৰে আন এগৰাকী আলোচক ড° স্মৃতিৰেখা ভূঞাই এই বিষয়ে কয় য়ে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বা সংস্কৃত আমাৰ ভাষাৰ মূল ৷ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ শব্দ দুটা বোধহয় প্ৰথম ধ্ৰুপদী শব্দ ৷ সাহিত্যৰ ভাষাৰ এটা বেলেগ ৰূপ থাকে আৰু কথিত বা কথোপকথনৰ বেলেগ ৰূপ থাকে ৷ লোকসাহিত্যৰ ভাষাখিনিও ধ্ৰুপদী ভাষা ৷ কাৰণ এই ভাষায়ো ১৫ শ বছৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ ফলত অসমীয়া ভাষাটো সমৃদ্ধ হৈছে ৷’ 

    দ্বিতীয় পৰ্বৰ আলোচনা সত্ৰৰ বিষয় হৈছে “ধ্ৰুপদী অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষা” ৷ এই পৰ্ব পৰিচালনা কৰে বিশিষ্ট ভাষাবিদ তাৰিণীকান্ত গোস্বামীয়ে। তেওঁ কয় যে ‘অসমীয়া ভাষাটোৱে আজিৰ ৰূপ পাবলৈ  বিভিন্ন স্তৰ অতিক্ৰম কৰিছে ৷ এই ভাষিক বিৱৰ্তনত জনগোষ্ঠীয় ভাষাৰ প্ৰভাৱ পৰিস্ফুট হৈ পৰে ৷ এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰিলে ৷ গতিকে ভাষাটোৰ শুদ্ধ চৰ্চা কৰাটো আমাৰ সকলোৰে দায়িত্ব ৷’ 

    ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট ভাষাতাত্ত্বিক ড° ভাস্কৰজ্যোতি শৰ্মাই কয় যে ‘অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিয়ে জনগোষ্ঠীয় ভাষাৰ ওপৰত কি প্ৰভাৱ পেলাব ? অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছতে বিভিন্ন পৰ্যায়ত এই প্ৰশ্ন উত্থাপিত হৈছে ৷ অসমীয়া ভাষাৰ গৱেষণা মানে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনজাতীয় ভাষা-সংস্কৃতিৰো গৱেষণা ৷ জনজাতীয় ভাষাক বাদ দি অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি অৰ্থহীন ৷ সকলোৰে সামগ্ৰিক  ভাষিক-সাংস্কৃতিক ঐতিহ্যক সামৰিহে অসমীয়া ভাষা ৷ প্ৰত্যেকটো জনগোষ্ঠীয় ভাষাৰ অধ্যয়ন হ’ব লাগিব ৷ গতিকে অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিয়ে জনগোষ্ঠীয় ভাষাসমূহৰ ওপৰতো ইতিবাচক প্ৰভাৱহে পেলাব ৷ কাৰণ এই স্বীকৃতি অসম তথা  উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীলৈ অহা স্বীকৃতি ৷’ 

    আন এগৰাকী আলোচক, অধ্যাপক ড° দীপামণি হালৈ মহন্তই কয় যে ‘ধ্ৰুপদী স্বীকৃতিয়ে সামগ্ৰিকভাৱে অসমীয়া ভাষাৰ ঐতিহ্যক মৰ্যাদা প্ৰদান কৰিছে ৷ ভাষা সদায় গ্ৰহণ আৰু বৰ্জনৰ মাজেৰে আগবাঢ়ে ৷ ভাষা নৈ এখনৰ দৰে প্ৰৱাহিত ৷ গতিকে নদীয়ে যেনেদৰে দুয়োপাৰৰ বিভিন্ন মাটি-বালি কঢ়িয়াই নিয়ে সেইদৰে ভাষায়ো ইয়াৰ প্ৰতিবেশীসকলৰ ভাষিক উপাদান সাৱটি এটা নিৰ্দিষ্ট ৰূপ পায় ৷ অসমখন বাৰেৰহণীয়া জনজাতীয় সমাজৰ এক বৃহৎ সমষ্টি ৷ গতিকে আমাৰ ভাষিক প্ৰেক্ষাপট বহুভাষিক ৷ এই প্ৰেক্ষাপটেই প্ৰমাণ কৰে জনগোষ্ঠীয় ভাষাৰ অৱদানৰ কথা ৷’ 

    একেদৰে বিষয় প্ৰসংগত আলোকপাত কৰি অধ্যাপক ড° স্বৰ্ণপ্ৰভা চৈনাৰীয়ে কয় যে ‘জনগোষ্ঠীয় ভষাই যে অসমীয়া ভাষাক চহকী কৰিছে এই কথাত কাৰোৱেই নিশ্চয় দ্বিমত নাই ৷ বড়ো ভাষাৰো বহু শব্দই অসমীয়া ভাষাত ঠাই পাইছে ৷ তদুপৰি জনজাতীয় সমাজৰ পৰা ওলাই অহা সাহিত্যিকেও অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে ৷ বড়োকে ধৰি প্ৰতিটো জনগোষ্ঠীয়ে এনেদৰে অসমীয়া ভাষাক গতি প্ৰদান কৰিছে ৷ মূল কথা হ’ল মাতৃভাষাৰ ব্যৱহাৰিক প্ৰয়োগ ৷ ইয়াৰ জৰিয়তে ভাষা শক্তিশালী হয় ৷’ ইয়াত অংশগ্ৰহণ কৰি ভাষা-প্ৰযুক্তিবিদ ড° গুণদীপ চেতিয়াই কয়—“পৃথিৱীত কেবাহাজাৰ ভাষা বিপদাপন্ন হৈছে ৷ প্ৰায় ৪০ দিনৰ মূৰে মূৰে মৃতপ্ৰায় হোৱাৰ তথ্যও প্ৰকাশ পাইছে বিভিন্ন গৱেষণাত ৷ এনেদৰে থাকিলে আগন্তুক এশ বছৰৰ ভিতৰত এতিয়া চলি থকা প্ৰায় ৯০ শতাংশ ভাষা বিলুপ্ত হোৱাৰো শংকা প্ৰকাশ কৰিছে বিভিন্ন ভাষা গৱেষকে ৷ ১৯৫০ চনৰ পাছৰ পৰা ভাষাৰ এনে অৱনমন তীব্ৰতৰ হৈছে ৷ এতিয়া প্ৰযুক্তিৰ যুগত ইংৰাজী, ফৰাচী, মান্দাৰিয়ান, স্পেনিছ আদি ভাষাই আধিপত্য চলাইছে ৷ কাৰণ এইবোৰ প্ৰযুক্তিত সোমাইছে ৷ গতিকে অসমীয়া তথা আমাৰ জনগোষ্ঠীয় ভাষা সমূহকো সেই পৰ্যায়লৈ আগুৱাই নিব পাৰিব লাগিব ৷ প্ৰযুক্তিৰ সুবিধা লৈয়ে এই কাম কৰিব লাগিব আমাৰ নিজৰ ভাষাৰ ক্ষেত্ৰত ৷ উত্তৰ প্ৰজন্মৰ মাজত ভাষাক জীয়াই ৰাখিবলৈ এই কাম কৰাৰ প্ৰয়োজন আছে ৷” 

    উল্লেখ্য যে কাইলৈ বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন হ’ব অৰূপ কুমাৰ দত্তই শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ বিষয়ে ইংৰাজীত ৰচনা কৰা “Saint Saviour Soul Society” শীৰ্ষক গ্ৰন্থখনৰ বন্দিতা ফুকনে অনুবাদ কৰা অসমীয়া সংস্কৰণ ৷ গ্ৰন্থখন প্ৰকাশ কৰিছে “অসম বুক হাইভ”-এ ৷
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388Slot Thailandsabung ayam sv388 ws168sbobet88 mix parlayagen resmi casino online