ডিজিটেল ডেস্কঃ তৈল নগৰী দুলীয়াজানত সফল সমাপ্তিৰ পাছত আজি অৰ্থাৎ শুক্ৰবাৰে ঐতিহ্যমণ্ডিত যোৰহাটত আৰম্ভ হ’ল অসম গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যোৰহাট জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত দহদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখনৰ আজি বিয়লি ৩ বজাত অনুষ্ঠিত হ’ল উদ্বোধনী সভা ৷
এই সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰিলে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই ৷ বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰিলে ওড়িষাৰ বিশিষ্ট সাহিত্যিক সুভাষ চন্দ্ৰ শতপথী, সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিশিষ্ট সাহিত্যিক ড° অদিতি বেজবৰুৱাই ৷
সভাখনত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিব যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে ৷ গ্ৰন্থমেলাৰ আটাইকেইটা দিনতে ভাষা-সাহিত্য-সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ক সামৰি আলোচনা সত্ৰ আয়োজনৰ দিহা কৰা হৈছে ৷ অনুষ্ঠিত হ’ব যুৱ লেখক সন্মিলন, লেখক-পাঠকৰ সমাৰোহ, কবি সন্মিলন গল্প আলাপ আদি ভিন্নসুৰী আকৰ্ষণীয় অনুষ্ঠান ৷ তদুপৰি প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা বিদ্যালয়-মহাবিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত কৰা হ’ব সাংস্কৃতিক প্ৰতিযোগিতা ৷ অহা ২৪ নৱেম্বৰত সামৰণী পৰিব অসম গ্ৰন্থমেলা, যোৰহাটৰ ৷ সামৰণী সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ কৰ্ণাটকৰ বিশিষ্ট কবি পি. মোহনে এই সভাত সন্মানীয় অতিথিৰূপে আৰু যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ৷
উল্লেখ্য যে অসম গ্ৰন্থমেলা, যোৰহাটত ৰাজ্যখনৰ আগশাৰীৰ বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বাহিৰ প্ৰকাশন প্ৰতিষ্ঠানেও যোগদান কৰিব ৷ ইতিমধ্যে বিপণীৰ কাম সম্পূৰ্ণ হৈ উঠিছে ৷ আজিৰ পৰা বিপণীসমূহত উপলব্ধ হ’ল বাছকবনীয়া গ্ৰন্থ সম্ভাৰ ৷
Leave A Comment