• মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত ৰচিত গ্ৰন্থৰ অসমীয়া ভাঙনি; সৰ্বগুণাকৰ অসম গ্ৰন্থমেলাত উন্মোচন!

    আঞ্চলিক
    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত ৰচিত গ্ৰন্থৰ অসমীয়া ভাঙনি; সৰ্বগুণাকৰ অসম গ্ৰন্থমেলাত উন্মোচন!
    ডিজিটেল ডেস্ক: গ্ৰন্থৰ বতৰত পঢ়ুৱৈৰ বাবে শুভসংবাদ কঢ়িয়াই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলাত আজি উন্মোচিত হয় পঢ়ুৱৈ সমাজৰ বহু প্ৰতীক্ষিত গ্ৰন্থ 'সৰ্বগুণাকৰ'৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ৰচনা কৰা 'Saint Saviour Soul Society' শীৰ্ষক গ্ৰন্থৰ বন্দিতা ফুকনে কৰা অসমীয়া অনুবাদৰ এই সংস্কৰণ উন্মোচন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট লেখক-গৱেষক ড° পীতাম্বৰ দেৱগোস্বামীয়ে৷ 

    আউনীআটী বিশ্ববিদ্যালয়ৰো আচাৰ্য ড° দেৱগোস্বামীয়ে ভাষণত কয় যে আজিৰ এই দিনটো পবিত্ৰ দিন বুলি অনুভৱ কৰিছোঁ৷ গুৰুজনা শ্ৰীমন্তশঙ্কৰদেৱৰ মহাজীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা ‘সৰ্বগুণাকৰ’ গ্ৰন্থখন ইয়াত উন্মোচন কৰা হৈছে৷ এয়া সঁচাকৈয়ে বিৰল মূহুৰ্ত বুলি বিবেচনা কৰিছোঁ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জীৱন এখন মহাসমূদ্ৰৰ দৰে৷ সেই মহাসমুদ্ৰক এখন গ্ৰন্থত সামৰি লোৱাটো অতিশয় কষ্টসাধ্যকৰ কাম৷ এই কাম কৰি অসমীয়া জাতিলৈ অতুলনীয় বৰঙনি আগবঢ়ালে অৰূপ কুমাৰ দত্ত আৰু বন্দিতা ফুকনে৷ তেওঁ লগতে কয় যে শ্ৰীমন্তশঙ্কৰদেৱৰ গভীৰ আত্মদৰ্শন অসমীয়া জাতিৰো দৰ্শন৷ এনে এগৰাকী সন্ত, মহাপুৰুষ পৃথিৱীতে নাই যিয়ে আধ্যাত্মিকতা, কলা, শিল্প, নাটক, চিত্ৰ, ক্ৰীড়া , অৰ্থনীতি প্ৰতিক্ষেত্ৰৰে বিশেষজ্ঞ৷ মহাপুৰুষ জনাই মূলতঃ এইসকলো কাম সাধাৰণ মানুহৰ বাব কৰিছিল৷ তেওঁৰ দৰ্শন হৈছে “কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম” অৰ্থাৎ সকলো জীৱন সমান৷ এই দৰ্শনৰ আধাৰতে মহাপুৰুষ জনাই মানুহৰ বাবে সৰ্বোত্তম কাম কৰি নিজকে সৰ্বগুণাকৰৰ পৰ্যায়লৈ উত্তৰিত কৰিছিল৷ 

    কাহিনী-কথন শৈলীৰে ৰচনা কৰা এই গ্ৰন্থখনে গুৰুজনাক জানিবলৈ, বুজিবলৈ আৰু তেওঁৰ দৰ্শনক সকলোৱে আকোঁৱালি ল’ব পৰাকৈ নতুন দুৱাৰ মুকলি কৰিব৷ ইায়াত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি সাহিত্য অকাদেমি বঁটা প্ৰাপক কথা-শিল্পী অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে পৰম্পৰাগতভাৱে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিষয়ে অসমৰ সকলোৱে বহু কথা জানে৷ কিন্তু গুৰুজনাক এগৰাকী সূত্ৰধাৰৰ দৰে নতুকৈ চোৱাৰ কৌশলে এই গ্ৰন্থখনক বিশিষ্ট কৰিছে৷ নাটকৰ সূত্ৰধাৰৰ সূচনাৰ কথা ওলালে সকলোৱে বাৰ্টল্ট্ ব্ৰেইখ্‌টৰ কথা কয়৷ কিন্তু ব্ৰেইখ্‌টৰ বহু শতিকা পূৰ্বে শ্ৰীমন্তশঙ্কৰদেৱে সূত্ৰধাৰক উলিয়াই আনিছিল৷ এয়াই শংকৰদেৱৰ সৰ্বোত্তম প্ৰতিভা৷ তেওঁ দৰাচলতে সমাজখনৰ ভাস্কৰ্যবিদ৷ এই গ্ৰন্থখনৰ জৰিয়তে আধুনিক শংকৰদেৱক আৱিষ্কাৰ কৰিব পাৰিব নতুন প্ৰজন্মই৷ আচলতে তেঁৱেই আধুনিক যাৰ সৰ্বকালৰ গ্ৰহণযোগ্যতা থাকে৷

    সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে দৈনিক জনমভূমি কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক সঞ্জীৱ ফুকনে৷ তেওঁ ভাষণত কয় যে আজিৰ অনুষ্ঠানটো মণিকাঞ্চন সংযোগৰ অন্য এক ৰূপ৷ কাৰণ ইয়াত ইংৰাজী ভাষাত ৰচনা কৰা গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰকাশ হৈছে৷ বিশ্বভাষা আৰু অসমীয়া ভাষাত মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ মহাজীৱনৰ কাহিনী কোৱা হৈছে৷ অৰূপ কুমাৰ দত্ত আৰু বন্দিতা ফুকন দুয়োগৰাকী বশিষ্ট গ্ৰন্থকাৰৰো ‘সৰ্বগুণাকৰ’ পুথিখনৰ জৰিয়তে মণিকাঞ্চন সংযোগ ঘটিল৷ মহাপুৰুষ শংকৰদেৱে শ্বেইকছপীয়েৰৰো আগতে অসমভূমিত জন্মগ্ৰহণ কৰিছিল৷ কিন্তু আমাৰ দুৰ্ভাগ্য যে মহাপুৰুষজনাক আমি সেই পৰ্যায়লৈ নিব নোৱাৰিলোঁ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱ চৰ্চা কৰাৰ পাছতহে গুৰুজনাক নতুনকৈ চাবলৈ আৰম্ভ কৰিছিল অসমীয়া মানুহে৷ শেহতীয়াকৈ অৰূপ কুমাৰ দত্তই ‘Saint Saviour Soul Society” গ্ৰন্থ ইংৰাজীত ৰচনা কৰি শংকৰদেৱ চৰ্চাক নতুন মাত্ৰা প্ৰদান কৰিলে ৷ বন্দিতা ফুকনেও এই গ্ৰন্থৰ অসমীয়া অনুবাদ কৰি মহৎ কাম কৰিলে৷ 

    আন এগৰাকী বিশিষ্ট অতিথি, দৈনিক অসম কাকতৰ সম্পাদক, শিক্ষাবিদ ড° হিতেশ ডেকাই এইদৰে কয় যে জীৱন বৰ চমু৷ চমু সময়ৰ মাজতে আমি ইতিবাচক কাম কৰিব লাগিব৷ নৱ প্ৰজন্ম যাতে মাতৃভাষাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে সেই পৰিৱেশ আমিয়ে গঢ়ি তুলিব লাগিব৷ মাতৃভাষা মাতৃদুগ্ধ সম৷ এই কথা অভিভাৱকসকলে বুজিব লাগিব৷ অৰূপ কুমাৰ দত্ত, বন্দিতা ফুকন কোন, তেওঁলোকে কি লিখিছে সেয়া আমাৰ নতুন প্ৰজন্মই জানিব লাগিব৷ নহ’লে ধ্ৰুপদী ভাষাৰ মৰ্যাদা বাতৰি কাকতৰ শিৰোনামৰ বাহিৰে আন একো নহব৷ 

    গ্ৰন্থখনৰ অনুবাদক, বিশিষ্ট সাহিত্যিক বন্দিতা ফুকনে কয় যে বহু কিতাপ লিখিলোঁ৷ অনুবাদো কৰিলোঁ৷ কিন্তু এই গ্ৰন্থ অনুবাদ কৰাৰ অভিজ্ঞতা আৰু আনন্দ সুকীয়া৷ অৰূপ কুমাৰ দত্ত এগৰাকী প্ৰাজ্ঞ আৰু কৌশলী লেখক৷ তেওঁৰ ইংৰাজী ভাষাৰ প্ৰয়োগ চমকপ্ৰদ৷ মহাপুৰুষ শংকৰদেৱৰ মহাজীৱনক যি সুন্দৰ শৈলীৰে বৰ্ণনা কৰিছে সেয়া অসমীয়ালৈ ভাঙনি কৰাৰ কঠিন কাম মোৰ বাবে আনন্দদায়ক অভিজ্ঞতা হৈ ৰ’ব৷ সভাখনত পৌৰহিত্য কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপে৷ তেওঁ ভাষণত কয় যে শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাক কেন্দ্ৰ কৰি ইংৰাজীত আগতেও বহু কিতাপ ওলাইছে৷ তিনিশৰো অধিক গৱেষণা পত্ৰ আছে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে৷ কিন্তু অৰূপ কুমাৰ দত্তই ৰচনা কৰা “Saint Saviuor Soul Society” গ্ৰন্থই অন্যৰূপত গুৰুজনাক জগতসভালৈ নিব ৷ বন্দিতা ফুকনে এই গ্ৰন্থৰ অসমীয়া ভাঙনিৰে অসমীয়া পাঠককো এই যাত্ৰাৰ অংশীদাৰ হোৱাৰ সুযোগ দিলে৷ “Saint Saviuor Soul Society” গ্ৰন্থৰ লেখক অৰূপ কুমাৰ দত্তৰ লগতে ৰাজ্যখনৰ ভালেসংখ্যক গৱেষক-পণ্ডিত, সাহিত্যিকে সভাখনত অংশগ্ৰহণ কৰে৷

    গ্ৰন্থখন প্ৰকাশ কৰিছে ৰাজ্যখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘অসম বুক হাইভ’এ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন হোৱা গ্ৰন্থখনৰ দাম হৈছে ৩৬০ টকা৷
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388Slot Thailandsabung ayam sv388 ws168sbobet88 mix parlayagen resmi casino online