ডিজিটেল ডেস্ক: দেশৰ নিৰ্বাচন আযোগে অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণ কালিলৈ অর্থাৎ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। বুধবাৰে পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটদান প্রক্রিয়া চলিব।
ভোটদাতাসকলে নিজ নিজ আধাৰ কাৰ্ড, পেন কার্ড, বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক, ড্রাইভিং লাইচেঞ্চ, ফটো সংলগ্ন থকা পেন্সনৰ তথ্য, চৰকাৰী পৰিচয় পত্র ইত্যাদি (১২ খন পৰিচয় পত্ৰৰ যিকোনো এখন) লগত আনিলেও ভোটদান কৰিব পাৰিব।
অসমৰ মুখ্য নির্বাচনী বিষয়াই জানিবলৈ দিয়া অনুসৰি ৫ টা সমষ্টিৰ ভোটদাতাৰ সংখ্যা হ'ল ক্রমে ধলাই (এচ চি) সমষ্টিত ১,৯৬,৭৭২ গৰাকী, চিদলী (এছ টি) ত ২,১৭,৯৮৩ গৰাকী, বঙাইগাঁৱত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৩০০ গৰাকী, চামগুৰি ১,৮০,৪৪৮ গৰাকী। সর্বমুঠ ভোটাৰ হৈছে ৯,০৯,০৫৭ গৰাকী। ধলাইত ৫২৪ গৰাকী, চিদলীত ৬৩০গৰাকী, চামগুৰি ২৬৭ সেইদৰে, চাৰ্ভিছ ভোটাৰ আছে গৰাকী, বঙাইগাঁৱত ১০৫৪ গৰাকী, বিহালীত ১৪২ গৰাকী। মুঠ ২,৬১৭ গৰাকী।
ভোটগ্রহণ কেন্দ্র হ'ব ধলাইত ২০৮টা, চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, বিহালীত ১৫৪টা, চামগুৰিত ১৯৭ টা, মুঠ ১০৭৮টা ভোটগ্রহণ কেন্দ্র।
বিশেষ ভাৱে সক্ষম ভোটাৰ আছে ধলাই সমষ্টিত-১১২৫ গৰাকী, চিদলীত-১৭৭০ গৰাকী, বঙাইগাঁৱত-৪৭৪ গৰাকী, বিহালীত-১৪৯ গৰাকী, চামগুৰিত-৬৭৯ গৰাকী। মুঠ-৪১৯৭ গৰাকী। জ্যেষ্ঠ নাগৰিক (৮৫ বছৰৰ উর্দ্ধ ভোটদাতা) ৰ সংখ্যা ধলাইত ৬৮৩ গৰাকী, চিদলীত ১০২৫ গৰাকী, বঙাইগাঁৱত ৪৭৪ গৰাকী, বিহালীত ৪৮৮গৰাকী, চামগুৰিত ১১১৮ গৰাকী। মুঠ ৩৭৮৮ গৰাকী।
উপ-নির্বাচন হ'বলগীয়া সমষ্টির্ভুক্ত ৫ খন জিলা-নগাঁও, বঙাইগাঁও, বিশ্বনাথ, চিৰাং, কাছাৰত ইতিমধ্যে নির্বাচনী প্রক্ৰিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু নির্বাচনী বিষয়া-কর্মচাৰীসকলো পুলিং ষ্টেচনলৈ ৰাওনা হৈছে।
Leave A Comment