ডিজিটেল ডেস্ক: অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা এক সিদ্ধান্তই সমগ্ৰ অসমতে খলকনি সৃষ্টি কৰিছে৷ ৰাজ্যত চলি থকা গো মাংস বিতৰ্কৰ মাজতেই বুধবাৰে ৰাজ্যিক কেবিনেটে অসমত সম্পূৰ্ণ নিষিদ্ধ কৰিলে গো মাংস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।
অসম কেবিনেটৰ এই সিদ্ধান্তই হতচকিত কৰি তুলিছে কিয়নো সাংবিধানিক ভৱে গো মাংস বিক্ৰি কৰাত কোনো বাধা নাই যদিও বৰ্তমানৰ গো-সংৰক্ষণ আইনখনক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম কেবিনেটে ৰাজ্যজুৰি ৰাজহুৱাভাৱে গো-মাংস সেৱন কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত হোটেল, ৰেষ্টুৰেণ্ট, সামাজিক সভাত গো-মাংস পৰিৱেশন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
প্ৰসংগ ক্ৰমে ইয়াৰ পূৰ্বে কেবিনেটে মন্দিৰৰ পৰা পাঁচ কিলোমিটাৰ ভিতৰৰ এলেকাত গো-মাংসৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছিল৷ সম্প্ৰতি পূৰ্বৰ এই আইন বাতিল কৰি কেবিনেটে সমগ্ৰ অসমতে গো-মাংস নিষিদ্ধ ঘোষনা কৰিছে৷ বিগত কিছুদিনৰ পৰা কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দলৰ নেতা ৰবিকুল হুচেইনে গো মাংসকলৈ অস্বস্তি প্ৰকাশ কৰা বুলি উল্লেখ কৰি, তেওঁলোকৰ বক্তব্য কেবিনেটত বিস্তৰভাৱে আলোচনা কাৰাৰ পাছত অসমৰ ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কয় যে কংগ্ৰেছে অভিযোগ কৰিছিলৰাজহুৱা স্থানত গো মাংস খুওৱা হৈছিল, সেয়ে ইয়াক নিষিদ্ধ কৰা হ’ল।
উল্লেখ্যযোগ্য যে, কিছুদিনৰ পূৰ্বে কংগ্ৰেছ সাংসদ ৰকিবুল হুচেইনে বিজেপিয়ে গো হত্যা কৰি চামগুৰি নিৰ্বাচনত জয়লাভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল।সাংসদ গৰাকীয়ে, অসমৰ সমস্যাৰ কথা ক’লেই বিজেপিয়ে হিন্দুত্বৰ কথা কয় বুলিও অভিযোগ উত্থাপন কৰিছিল।
পৰৱৰ্তী সময়ত প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছক প্ৰশ্ন কৰিছিল যে ইমান বছৰে গৰু খুৱাই কংগ্ৰেছে নিৰ্বাচনত জয় লাভ কৰিছিল নেকি?ভূপেন বৰা, ৰকিবুল হুচেইনে বিচাৰিলে গো নিষিদ্ধ কৰিব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।এই বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷
প্ৰসংগক্ৰমে ভাৰতত সময়ৰ লগে লগে গো সুৰক্ষা আইন অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। সংবিধানৰ ৪৮ নং অনুচ্ছেদত কৃষি আৰু পশুপালন খণ্ডৰ উন্নয়ন আৰু কিছুমান বিশেষ ধৰণৰ গৰু বধ নকৰাটো নিশ্চিত কৰিবলৈ ৰাজ্যক নিৰ্দেশ দিয়া হৈছিল। এই আইনে গো-বধৰ ক্ষেত্ৰত গভীৰ প্ৰভৱ পেলাইছে৷
এই ক্ষেত্ৰত ধৰ্মীয় অনুভূতিৰ দিশটোৱে বিষয়টো জটিল কৰি তোলে আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ পথ প্ৰশস্ত কৰি তোলে, তেনে পৰিস্থিতিত ৰাজনৈতিক লাভা লাভৰ দিশটোক অস্বীকাৰ কৰিব নোৱাৰি৷
Leave A Comment