• বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ, নৰ হাজৰিকা আছিল লাচিত বৰফুকনৰ সংগী; মুখ্যমন্ত্ৰীৰ নতুন ব্যাখ্যা

    আঞ্চলিক
    বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ, নৰ হাজৰিকা আছিল লাচিত বৰফুকনৰ সংগী; মুখ্যমন্ত্ৰীৰ নতুন ব্যাখ্যা
    ডিজিটেল ডেস্ক: শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ কোনোৱেই নাছিল৷ বাঘ হাজৰিকা মাথোঁ এটি কাল্পনিক চৰিত্ৰ৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২৮সংখ্যক ৰাজ্যিক অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ কৃষ্টি-সংস্কৃতি, শৰাইঘাটৰ ৰণ, ইতিহাসৰ বিভিন্ন বিষয় সম্পৰ্কে কেতবোৰ মন্তব্য কৰে।

    ভাষণ প্ৰসংগত তেওঁ কয় যে, অসমৰ জাতীয় জীৱনৰ এক সমস্যা হৈছে যে ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত কেইবাটাও অসত্য। লাহে লাহে আমাৰ মনত নতুন চিন্তাৰ উদয় হৈছে। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী পালন কৰাৰ সময়ত বহু ধাৰণা আমাৰ সন্মুখৰ পৰা নোহোৱা হৈছে। আমি ভাৰতবৰ্ষত সকলো জাতি-ধৰ্মৰ লোকৰ মিলনৰ ভূমি হিচাপে গঢ়ি তুলিব বিচাৰোঁ। 

    ইতিহাসৰ বিকৃতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে ইতিহাসৰ বিকৃতিয়ে আমাৰ মনত কিছু ধাৰণাৰ জন্ম দিয়ে। যি ধাৰণা আমাৰ জাতীয় জীৱনৰ বাবে উপযোগী নহয়। লাচিত বৰফুকনৰ জয়ন্তী পালন কৰাৰ সময়ত একাংশই প্ৰশ্ন কৰিছিল যে লাচিত বৰফুকন হিন্দু বীৰ নাছিল, ভাৰতীয় বীৰ নাছিল। এই প্ৰশ্নৰ উত্তৰ আমি এষাৰে দিব পাৰো যে লাচিত বৰফুকনে মা কামাখ্যাৰ আশিস লৈ মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰেৰণা দিছিল।

    শৰাইঘাটৰ ৰণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বাঘ হাজৰিকা নামৰ চৰিত্ৰটো ক’ৰ ইতিহাসৰ পৰা আহিল বুলিও প্ৰশ্ন কৰে। কোনোৱেই আজিলৈ অসমত প্ৰশ্ন কৰা নাছিল। বেণুধৰ শৰ্মাৰ বুৰঞ্জী পঢ়িলোঁ, সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীৰ পাত বিচাৰিলোঁ। বাঘ হাজৰিকাৰ কথা ক’তোৱেই উল্লেখ নাই।

    মুখ্যমন্ত্ৰীয়ে কয়, কিছুসংখ্যকে এনেকৈয়ো কৈছিল যে শৰাইঘাটৰ যুদ্ধত এফালে ৰাম সিংহ আৰু আনফালে লাচিত বৰফুকন, বাঘ হাজৰিকা আছিল। এই পৰ্যায়লৈকে কথাবোৰ লৈ যোৱা হৈছিল। আমাৰ বুৰঞ্জীৰ কোনো অধ্যাপক-অধ্যাপিকাই ইয়াক লৈ প্ৰশ্ন কৰা নাছিল। কিন্তু এইবাৰ দিল্লীত প্ৰথমবাৰৰ বাবে সংগীতা গগৈ আৰু আন একাংশই ক’লে যে বাঘ হাজৰিকা বুলি কোনো চৰিত্ৰ নাছিল।

    কিন্তু যেতিয়া লাচিত বৰফুকন নৰিয়াত আছিল তেতিয়া সেনা সকলক প্ৰেৰণা দিছিল নৰ হাজৰিকাই। বাঘ হাজৰিকাই নহয়। ইতিহাসে কয় সেই সময়ত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ১০০০ টকা দি নৰ হাজৰিকাক পুৰস্কৃত কৰিছিল। অসমীয়া জাতিয়ে আজিলৈকে নৰসিংহক সন্মান জনোৱা নাই। তাৰ পৰিৱৰ্তে এটা কাল্পনিক চৰিত্ৰক আগত ৰাখি বীৰসকলক অপমানিত কৰি অহা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor