ডিজিটেল ডেস্কঃ মাৰাত্মক ড্ৰাগছে গ্ৰাস কৰিছে অসমৰ যুৱ প্ৰজন্মৰ একাংশক। এচাম যুৱক-যুৱতীৰ মাজত দিনক দিনে বাঢ়িছে ড্ৰাগছ আসক্তি। ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰ তথা আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়াও ড্ৰাগছৰ প্ৰচলন অব্যাহত আছে।
ড্ৰাগছৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষীয়ে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ। ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে গোৱালপাৰা আৰক্ষীয়ে জানুৱাৰী মাহত ধ্বংস কৰিলে ২৭.২০ কোটি টকাৰ ১৭০ বিঘা পপি খেতি। চৰ অঞ্চলত কৰা হৈছিল এই পপি খেতি।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা আৰক্ষীৰ এই পদক্ষেপৰ শলাগ লয়। তেওঁ ড্ৰাগছ ব্যৱসায়ীসকলক ড্ৰাগছৰ কথা চিন্তা কৰাৰ আগতে অসম আৰক্ষীৰ কথা ভাবিবলৈ কয়।
ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী শৰ্মাই ড্ৰাগছ ব্যৱসায়ীসকলক কটাক্ষ কৰি লিখিছে- “প্ৰিয় স্থানীয় পাবলো এস্কোবাৰসকল, আপোনালোকৰ ‘উড়তা আছাম’ পৰিকল্পনাক ধ্বংস কৰাৰ বাবে ক্ষমা কৰিব! গোৱালপাৰা আৰক্ষীয়ে জানুৱাৰী মাহত চৰ অঞ্চলত ২৭.২০ কোটি টকাৰ ১৭০ বিঘা পপি খেতি ধ্বংস কৰিলে। গতিকে আকৌ ড্ৰাগছৰ কথা ভাবিলে প্ৰথমে অসম আৰক্ষীৰ কথা ভাবিব।’’
তেওঁ লগতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত নিৰাপত্তাৰক্ষীৰ উপস্থিতিত এখন ট্ৰেক্টৰে পপি বাগিচা ধ্বংস কৰা দেখা গৈছে।
মুখ্যমন্ত্ৰী শৰ্মাৰ এই পোষ্টৰ প্ৰতি সঁহাৰি জনায় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।
‘পপি খেতিৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত অসমত মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা নিৰ্ণায়ক ব্যৱস্থাৰ প্ৰতি মই আন্তৰিক শলাগ লৈছোঁ।’-এক্সত মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে লিখে।
তেওঁ আৰু লিখিছে, “ড্ৰাগছৰ বিৰুদ্ধে আমি একেলগে থিয় দিছো আৰু আমি আমাৰ লক্ষ্যত দৃঢ়প্ৰতিজ্ঞ হৈ আছো। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী যুৱক-যুৱতীক সুৰক্ষিত ৰাখি ড্ৰাগছৰ ছাঁৰ পৰা মুক্ত হৈ জীয়াই থকাৰ সুযোগ আমি প্ৰদান কৰিম।”
উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মণিপুৰত সৰ্বাধিক আঘাত হানিছে ড্ৰাগছ ব্যৱসায় আৰু নিচাৰ সমস্যাই। এই বিপদৰ বিৰুদ্ধে যুঁজিবলৈ ২০১৮ চনত ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছিল।
দুদিন পূৰ্বে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে যৌথভাৱে কাংপোকপি জিলাৰ লুংজাং গাঁৱৰ পাহাৰীয়া অঞ্চলত পপি বাগিচা ধ্বংস কৰাৰ বাবে চলোৱা এক অভিযানত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল।
লাঠিৰে সজ্জিত বৃহৎ দলে মণিপুৰৰ তিনিখন আৰক্ষীৰ বাহনত আক্ৰমণ চলায়। কাংপকপিৰ এছপিৰ নেতৃত্বত এটা শক্তিবৰ্ধক দল আহি পোৱাৰ পাছতহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল। তাত প্ৰায় ৪৫ একৰ মাটিত থকা অবৈধ পপি খেতি ধ্বংস কৰা হয়।
Leave A Comment