• পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি: অসমত পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ

    আঞ্চলিক
    পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি: অসমত পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ
    ডিজিটেল ডেস্ক: পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷ অসমত ক’ভিড-১৯ পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ দুগুণ। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড পজিটিভিটিৰ হাৰে চিন্তিত কৰি তুলিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক।

    অসমত সৰ্বভাৰতীয় পৰ্যায়ত ৩.৩৫ শতাংশৰ বিপৰীতে মঙলবাৰে কেৱল অসমত পজিটিভিটিৰ হাৰ ৭.৫৪ শতাংশ। বিগত ৭ দিনৰ পৰা ৰাজ্যত গড় ক’ভিড পজিটিভিটিৰ হাৰ ৫.৯২ শতাংশ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৩.৩০ শতাংশ।  স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মতে, ৰাজ্যত বৃদ্ধি পোৱা কোভিড পজিটিভিটিৰ হাৰ উদ্বেগজনক। কমকৈ পৰীক্ষা কৰাৰ লগে লগে ৰাজ্যত নতুনকৈ আক্ৰান্ত হোৱা লোকো কম।

    কিন্তু যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ মন্তব্য কৰে। চৰকাৰী সূত্ৰ অনুসৰি যোৱা সপ্তাহত ৰাজ্যত ২৯৮ জন নতুনকৈ ক’ৰ’না আক্ৰান্ত ধৰা পৰিছে। যিহেতু বৰ্তমান সময়ত বানৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, সেয়ে চিকিৎসক আৰু স্বাস্থ্য বিষয়াসকল বানপীড়িত লোকসকলৰ সৈতে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্যে অতি সোনকালে অসমত এটা বিশেষ কোভিড টেষ্টিং ড্ৰাইভ আৰম্ভ কৰা হ’ব বুলি স্বাস্থ্যবিভাগৰ এগৰাকী বিষয়াই অৱগত কৰে। 

    বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্যৰ একাধিক স্থানত পৰীক্ষাৰ বাবে পৰ্যাপ্ত প্ৰচাৰ আৰু ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে। নতুনকৈ ধৰা পৰা কোভিড আক্ৰান্তসকলৰ অধিকাংশই গুৱাহাটীৰ। সেয়েহে  গুৱাহাটীত সজাগতা আৰু কোভিড টেষ্টিং ড্ৰাইভ চলোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।