• নিৰ্বাচনী বিষয়াৰ কাণ্ডত বৰপেটাত প্ৰতিক্ৰিয়া : জ্যেষ্ঠ ৰাজনীতিক উদ্ধৱ বৰ্মনক হাৰাশাস্তিৰ অভিযোগ

    আঞ্চলিক
    নিৰ্বাচনী বিষয়াৰ কাণ্ডত বৰপেটাত প্ৰতিক্ৰিয়া : জ্যেষ্ঠ ৰাজনীতিক উদ্ধৱ বৰ্মনক হাৰাশাস্তিৰ অভিযোগ
    ডিজিটেল ডেস্ক: বৰপেটাৰ প্ৰাক্তন সাংসদ, বৰ্ষীয়ান ৰাজনীতিবিদ তথা চিপিআইএম নেতা উদ্ধৱ বৰ্মনক আধা ঘন্টাতকৈয়ো অধিক সময় থিয় কৰাই ৰখা হ’ল ৰাজপথৰ ওপৰত৷ নিৰ্বাচনী বিষয়াৰ নাভূত-নাশ্ৰুত কাণ্ডক লৈ বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি৷
    চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ৫ হাজাৰ গোহাৰি পত্ৰ কঢ়িয়াই নিয়াৰ বাবে আধা ঘন্টাতকৈযো় অধিক সময় পথৰ ওপৰতে আবদ্ধ কৰি ৰাখিলে ৮৩ বছৰীয়া জ্যেষ্ঠ ৰাজনীতিকগৰাকীক৷

    উদ্ধৱ বৰ্মনে গুৱাহাটীৰ পৰা সৰভোগৰ চিপিআইএমৰ কাৰ্যালয়লৈ নিজ বাহনত দলীয় প্ৰচাৰ পত্ৰ কঢ়িয়াই অনাৰ বাবেই এনেদৰে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়৷ দেওবাৰে বৰপেটাৰ পাকাবেকবাৰী সমষ্টিৰ ইটাৰভিঠা নামে ঠাইত ৫ হাজাৰ দলীয় প্ৰচাৰ পত্ৰ কঢ়িয়াই অনাৰ বাবে নিৰ্বাচনৰ কামত জড়িত ফ্লাইং স্কোৱাডৰ বিষয়াই জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীক পথৰ ওপৰতে আবদ্ধ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷

    প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে প্ৰচণ্ড গৰমত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অসহায়ভাৱে থিয় হৈ থাকিবলগীয়া হয়৷ তেওঁ তেওঁৰ প্ৰতি কৰা এনে আচৰণ মানি ল’ব পৰা নাই বুলি প্ৰকাশ কৰাৰ লগতে এনে কাৰ্যক গৰিহণা দিয়ে৷

    ইপিনে চিপিআই এমৰ তৰফৰ পৰা এয়া বিৰোধী নেতা-কৰ্মীক হাৰাশাস্তি কৰাৰ কৌশল বুলি অভিহিত কৰিছে৷ দলটোৱে কয়, এয়া সাধাৰণ ভুল বুলি আমি কোনোপধ্যেই মানি ল’ব নোৱাৰোঁ। এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি আমাৰ অনুভৱ হৈছে। চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে আৰু ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।