• অসমত নতুনকৈ স্থাপন হ'ব ২০খন ষ্টেডিয়াম: মুখ্যমন্ত্ৰীৰ ঘোষণা

    আঞ্চলিক
    অসমত নতুনকৈ স্থাপন হ'ব ২০খন ষ্টেডিয়াম: মুখ্যমন্ত্ৰীৰ ঘোষণা
    ডি‌জিটেল ডেস্কঃ  অসম ক্ৰিকেট সন্থাৰ ফিটনেছ চেণ্টাৰ মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়-

    অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২০ খন গ্ৰাউণ্ডৰ কাম হাতত লৈছিল ৷  অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ৩৫ গৰাকী খেলুৱৈক থকা খোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰি আছে। ৩৫ গৰাকী খেলুৱৈক প্ৰশিক্ষণৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছে অসম ক্ৰিকেট সন্থাই । 


    আই ষ্টেডিয়ামৰ ভাল খেলুৱৈৰ নিৰ্বাচিত হলেই বৰ্ষাপাৰা ষ্টেডিয়ামলৈ লৈ আহিব লাগে ৷ যাতে প্লেটফৰ্মৰ অভাৱ অনুভৱ কৰিব নালাগে ৷

    ২০ খন খেলপথাৰত কৰ্চিং চেণ্টাৰ বনোৱা চিন্তা কৰিব লাগে তেতিয়া খেলুৱৈৰ সুবিধা হ’ব 

    ৫০ কোটি টকাকৈ প্ৰতিখন ষ্টেডিয়ামলৈ দিয়া হৈছে 

    যোৰহাট ষ্টেডিয়ামখন অত্যাধুনিক ৰূপত সজোৱা হ’ব 

    ৫২ খন খেলপথাৰত নিৰ্মাণৰ লক্ষ্য সম্পূৰ্ণ কৰিয়ে আৰু খেলপথাৰ নিৰ্মাণৰ কাম হাতত ল’ব৷

    অতিশীঘ্ৰে আমিনগাঁৱত বেডমিণ্টন এপেক্স চেণ্টাৰ মুকলি হ’ব

    সৰুসজাইত গেম ভেলেইজ ২৫০ জন খেলুৱৈৰ আৰু কৰ্চাৰ থাকিব পৰাকৈ নিৰ্মাণ কৰাৰ লক্ষ্য

    ক্ৰীড়া পেন্সনৰ ক্ষেত্ৰত অকল খেলুৱৈ সকলক ৮ হাজাৰ টকাকৈ পেন্সন দিয়া হৈছে 

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায় খেলুৱৈৰ সকলকো দিব পাৰিছিলোঁ। খেলুৱৈ সকলে অনিশ্চয়তাত যাতে জীৱনটো চিন্তা কৰিব নালাগে তাৰ বাবে খেলুৱৈ সকলক পেন্সন দিয়াৰ ব্যৱস্থা কৰিছে ৷

    কমনৱেল্থ অলিম্পিক আদি খেল সমূহত খেলুৱৈৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

    লাভলীনাৰ প্ৰশিক্ষকক ২.৫০ লাখ টকা মাহিলী দিয়া ব্যৱস্থা কৰিছো ৷

    সীমা দাসৰ ক্ষেত্ৰতো দিয়া হৈছে ৷ যাতে অলিম্পিকৰ সময়লৈকে কোনো অসুবিধা নোহোৱাকৈ প্ৰশিক্ষণ ল’ব পাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷

    ডিমা হাছাওৰ শেহতীয়া বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ ৫ লাখ টকা প্ৰেৰণ অসম ক্ৰিকেট সন্থাৰ।
    ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত এইদৰে কয়, ‘ অসমৰ ক্ৰীড়া ইতিহাসৰ আজি এক সোণালী দিন। আজি বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অত্যাধুনিক জিমনেছিয়াম আৰু অভ্যৰ্থনা কক্ষৰ শুভ উদ্বোধনৰ লগতে অসম চৰকাৰে প্ৰদান কৰা ১১ বিঘা মাটিত ৭০০খন বাহন ৰাখিব পৰাকৈ পাৰ্কিং আৰু বাণিজ্যিক চৌহদৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হওঁ।

    তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকক খেলৰ অনুশীলনৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহক উপযুক্তভাৱে গঢ়ি তুলিবলৈ অসম চৰকাৰে ৰাজ্যজুৰি ক্ৰীড়া আন্তঃগাঁথনি সবল কৰিবলৈ পদক্ষেপ লৈছে।

    পৰৱৰ্তী অলিম্পিক পৰ্যন্ত শ্ৰীলাভলীনা বৰগোহাঁইৰ প্ৰশিক্ষণত নিয়োজিত ব্যক্তিগত প্ৰশিক্ষকগৰাকীক প্ৰতিমাহে ২.৫ লাখ টকাকৈ প্ৰদান কৰিবলৈ পদক্ষেপ লোৱা হৈছে। দৌৰবিদ শ্ৰীহিমা দাসৰ প্ৰশিক্ষণৰ বাবেও সাহায্য আগবঢ়োৱা হৈছে। কমেও ২৫০গৰাকী খেলুৱৈ থাকিব পৰাকৈ সৰুসজাইত গেমছ ভিলেজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

    কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু অলিম্পিক গেমছত পদকপ্ৰাপকসকলৰ বাহিৰেও যিকোনো বিশ্ব চেম্পিয়নশ্বিপত পদকপ্ৰাপকক ক্ৰীড়া পেঞ্চন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব। নিযুক্তিৰ ক্ষেত্ৰতো খেলুৱৈসকলৰ বাবে পদ সংৰক্ষণৰ দিশটোত চিন্তা-চৰ্চা কৰি থকা হৈছে।

    অনুষ্ঠানত মোৰ সৈতে উপস্থিত থাকে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মাননীয়  মুখ্য কাৰ্য্যবাহী শ্ৰীদেৱলাল গাৰ্লোছা, অসম ক্ৰিকেট সন্থাৰ মাননীয় সভাপতি শ্ৰীৰমেন দত্ত, মাননীয় সম্পাদক শ্ৰীদেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউঞ্চিলৰ সন্মানীয় সদস্যসকল প্ৰমুখ্যে গণ্য-মান্য ভালেকেইগৰাকী লোক।’