ডিজিটেল ডেস্কঃ ‘কিতাপ একোখনৰ লগত জড়িত থাকে লেখক-প্ৰকাশক আৰু পাঠক৷ কিন্তু কিতাপ একোখন ভবিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি যায় পুথিভঁৰালীয়েহে৷ কিতাপৰ ধাৰাটি প্ৰবহিত কৰি ৰখাত অতুলনীয় বৰঙণি যোগাই অহা পুথিভঁৰালীসকলৰ অৱদানৰ কথা আলোচনা নহয় বা তেখেতসকলে পাবলগীয়া স্বীকৃতি এতিয়াও লাভ কৰা নাই৷’ শুকুৰবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভঁৰালৰ পৰা আয়োজন কৰা ‘গ্ৰন্থ দৰ্শন’ অনুষ্ঠানৰ সঞ্চালকৰ আসনৰ পৰা সাংবাদিক দেবজিৎ ভূঞাই এনেদৰে কয়৷
অনুষ্ঠানৰ বিশিষ্ট অতিথি, সাহিত্য অকাডেমি বঁটা বিজয়ী লেখক জয়ন্ত মাধব বৰাই কয় যে ‘পুথিভঁৰালীসকলক লৈ কৰা গ্ৰন্থ বিষয়ক অনুষ্ঠান তেওঁ এয়াই প্ৰথমবাৰৰ বাবে দেখিছে আৰু এই আয়োজনৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদৰ পাত্ৰ৷ মুখ্য অতিথি হিচাপে দিয়া ভাষণত নিজৰ সাহিত্য জীৱনত পুথিভঁৰালৰ অৱদানৰ বিষয়েও তেওঁ ৰসালভাবে বৰ্ণনা কৰে৷ সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা বিজয়ী লেখক জিন্তু গীতাৰ্থই কয় যে কটন কলেজৰ পুথিভঁৰালটিৰ সম্পদ আৰু পৰিবেশে তেওঁৰ সৃষ্টিশীল জীৱনৰ আৰম্ভণি অৱস্থাত অনুঘটকৰ কাম কৰিছিল৷ তেওঁৰ শেহতীয়া গল্প সংকলনৰ ‘জিনাৰ বিজান’ৰ কপি এটা পুথিভঁৰাললৈ আগবঢ়ায়৷
ডঃ ৰুবী গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়৷ আদৰণি ভাষণত প্ৰফেচৰ অব প্ৰেচ উৎপল দত্তই কয় যে এই পুথিভঁৰালৰ তৰফৰ পৰা প্ৰতিমাহে আয়োজন কৰিবলগীয়া গ্ৰন্থ বিষয়ক এই অনুষ্ঠানৰ এয়া আৰম্ভণি অনুষ্ঠান৷ অসমৰ কেইবাখনো কলেজৰ পুথিভঁৰালীসকলে অংশগ্ৰহন কৰা এই অনুষ্ঠানত ডঃ নিৰ্মল মজুমদাৰ, ডঃ অপূৰ্বজ্যোতি মজুমদাৰ আৰু ডঃ কিশোৰ কলিতাই ভাষণ দিয়ে আৰু পুথিভঁৰাল আৰু গ্ৰন্থ অধ্যয়ণৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে৷ ডঃ নিৰ্মল মজুমদাৰে তেওঁৰ ভাষণত প্ৰতিখন প্ৰকাশিত পুথি নেচনেল লাইব্ৰেৰিত জমা কৰাৰ প্ৰয়োজনীয়তা আৰু তাৰ আইনী দিশৰ কথা বাখ্যা কৰে৷
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপকে সম্পাদনা আৰু ৰচনা কৰা একুৰি চাৰিখন গ্ৰন্থও অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়৷ গ্ৰন্থসম্পাদক সকলৰ ভিতৰত ডঃ টি চন্দ্ৰশেখৰ, ডঃ এছ কুমাৰস্বামী, ডঃ দুৰ্গাপ্ৰসাদ কেমিছেটি, ডঃ প্ৰতীতি বৰ্মণ, ডঃ শীলাকুমাৰী সিং আৰু ডঃ গুণেন্দ্ৰ কুমাৰ দাসে সম্পাদিত কিতাপকেইখনৰ পৰিচয় দাঙি ধৰে৷ বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তয়ো অনুষ্ঠানত অংশগ্ৰহন কৰে৷ মূল অনুষ্ঠানৰ পাচত হোৱা মুকলি কথা-বতৰাৰ অনুষ্ঠানত দেবজিৎ ভূঞাই লতা মংগেশকাৰৰ বিষয়ে ৰচনা কৰা গ্ৰন্থ ‘অসমী আইলৈ প্ৰণাম’ আৰু অচ্যুত কুমাৰ পাটোৱাৰীয়ে কৰা ইংৰাজী অনুবাদ ‘ভয়চ অব দা নেচন’ৰ আঁৰৰ কিছু কথা প্ৰকাশ কৰে৷ ডঃ নিৰ্মল ৰঞ্জন মজুমদাৰেও তেওঁৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘পুথিভঁৰাল’ৰ পৰিচয় দাঙি ধৰে৷ ডঃ ৰীতিস্মিতা দেৱীৰ তত্বাৱধানত আয়োজিত এই সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ডঃ সন্তোষ কুমাৰ উপাধ্যায়ে৷
Leave A Comment