• আংশিকভাৱে উন্নত গৈছে অসমৰ বান পৰিস্থিতি; এতিয়াও জলমগ্ন কেইবাখনো জিলা

    আঞ্চলিক
    আংশিকভাৱে উন্নত গৈছে অসমৰ বান পৰিস্থিতি; এতিয়াও জলমগ্ন কেইবাখনো জিলা
    ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা। বিশেষকৈ এইবাৰ নামনি অসম, মধ্য অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাত বানে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অৱশ্যে দেওবাৰে অসমত সামান্য বান পৰিস্থিতিউন্নত হয়, যদিও আৰু পাঁচজন লোকৰ মৃত্যু হয় আৰু ২৫ খন জিলাত ২২ লাখৰো অধিক লোক জলপ্লাৱনৰ সন্মুখীন হৈ থাকে, এক চৰকাৰী প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

    অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, দিনটোত বৰপেটা, কাছাৰ, দৰং, কৰিমগঞ্জ আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানত চাৰিটা শিশুসহ পাঁচজন লোক বানপানীৰ ফলত মৃত্যু হয়।

    ইয়াৰ উপৰিও, দুখন জিলাত দুজন লোক বৰ্তমানেও সন্ধানহীন হৈ আছে। ৰাজ্যখনত এই বছৰৰ বান পানী আৰু ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোকৰ মুঠ সংখ্যা এতিয়া ১২৬ লৈ বৃদ্ধি পাইছে। লগতে প্ৰকাশ পাইছে যে বজালী, বাক্সা, বৰপেটা, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ আৰু ওদালগুৰি জিলাত বানপানীৰ ফলত ২২,২১,৫০০ ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

    উল্লেখ্য যে, বৰপেটাৰ লোক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় সাত লাখ লোক সংকটত এতিয়া সংকটত আছে, তাৰ পিছত আছে নগাঁও আৰু কাছাৰ। শনিবাৰৰ আগলৈকে, ২৪ খন জিলাত জলপ্লাৱনৰ ফলত ২৫ লাখৰো অধিক লোক প্ৰভাৱিত হৈছিল।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰায় "প্ৰশাসনৰ ৫০ শতাংশ কাম" জনহিতকৰ সংগঠন আৰু লোকসকলৰ দ্বাৰা কৰা হৈছে। বৰ্তমান,২,৫৪২ খন গাওঁ পানীৰ তলত আছে আৰু সমগ্ৰ অসমত ৭৪,৭০৬.৭৭ হেক্টৰ শস্য এলেকা ক্ষতিগ্ৰস্ত হৈছে, এএছডিএমএ-য়ে কয়।

    প্ৰতিবেদনত কোৱা হৈছে যে,  ২৩ খন জিলাত ৬৮০ টা সাহায্য শিবিৰ আৰু বিতৰণ কাৰ্য চলি আছে, য'ত ৬১,৮৭৮ টা শিশুসহ ২,১৭,৪১৩ জন লোকে আশ্ৰয় শিবিৰত আছে।

    সেনা, অৰ্ধসামৰিক বাহিনী, এন ডি আৰ এফ, অসামৰিক প্ৰশাসন, প্ৰশিক্ষিত স্বেচ্ছাসেৱক, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় লোকসকলে যোৱা ২৪ ঘণ্টাই ৰাজ্যখনৰ বিভিন্ন বানপীড়িত অঞ্চলৰ পৰা ১,৯১২ জন লোকক স্থানান্তৰিত কৰিছে। এএছডিএমএ-য়ে লগতে কয় যে কেইবাখনো জিলাৰ পৰা বানপানীৰ ফলত বেষ্টনী, ৰাস্তা, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক খহনীয়া আৰু ক্ষতিৰ খবৰ পোৱা গৈছে। ১৫ খন জিলাত হোৱা জলপ্লাৱনত মুঠ ১৫,৯০,৫৫৭ টা ঘৰুৱা জন্তু-পহু পক্ষীৰ ক্ষতিসাধন হৈছে।