• বছৰৰ প্ৰথমটো বানতে উটিল শিৱসাগৰৰ চিৰিপুৰীয়া ঘাটৰ নৱনিৰ্মিত দলঙৰ গাৰ্ডৱাল

    আঞ্চলিক
    বছৰৰ প্ৰথমটো বানতে উটিল  শিৱসাগৰৰ চিৰিপুৰীয়া ঘাটৰ নৱনিৰ্মিত দলঙৰ গাৰ্ডৱাল
    ডিজিটেল ডেস্কঃ অসমত পুনৰ আৰম্ভ হল বাৰ সংহাৰ। এনে বানত উটিল এখন  নৱনিৰ্মিত দলঙৰ গাৰ্ডৱাল। হঠাৎ বৃদ্ধি পাইছে দিখৌৰ জলপৃষ্ঠ।বাঢ়নি পানীয়ে উটুৱাই নিলে শিৱসাগৰৰ চিৰিপুৰীয়াঘাটৰ নৱনিৰ্মিত দলঙৰ গাৰ্ডৱাল।

    ১৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই দলং।২৫-৩০খন গাঁৱৰ একমাত্ৰ যোগাযোগৰ মাধ্যম দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।২০২০ চনৰ ১৬ অক্টোবৰত তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল দলংখনৰ। 

    ত্ৰিশূল কনষ্ট্ৰাকশ্যনে লাভ কৰিছিল এই দলং নিৰ্মাণৰ ঠিকা।ৰাইজে কোৱা অনুসৰি নিম্ন মানৰ কামৰ বাবেই এইদৰে উটি গ'ল দলঙৰ গাৰ্ডৱাল।  ত্ৰিশূল কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে পদক্ষেপগ্ৰহণৰো দাবী জনাইছে বহুতে।