ডিজিটেল ডেস্কঃ বিহু অসমৰ জাতীয় উৎসৱ। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে।অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।
চাক আৰু দীঘলতি, মাখিয়তী অন্য এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱা হয়। তদুপৰি পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। তেনেকৈ থ’লে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰ বছৰটোৰ বাবে দেখা নিদিয়ে বুলি লোকে বিশ্বাস কৰে। চাকত ব্যৱহৃত বাঁহচটি আগমৰা হ’ব নালাগিব। আগমৰা বাঁহেৰে চাক সাজিলে গোহালিত গৰু নাবাঢ়ে বুলি বিশ্বাস আছে।
সেইদৰে গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰাও অসমীয়া সমাজত আছে। লগতে গৰুৰ চাকত দিয়া লাও, বেঙেনা, হালধি, থেকেৰা আদিও খোৱা হয়। পুৰণি বিশ্বাস অনুসৰি এই এশ এবিধ শাক খালে বহু ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেইদিনাই নাহৰৰ পাতত ‘দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে’ -এই মন্ত্ৰটো লিখি ঘাইঘৰ কেইটাৰ চালত আৰু গোহালি ঘৰৰ চালত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়। এনে কৰিলে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত পৰাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস প্ৰচলিত আছে।
গৰু বিহুৰ দিনাই জেতুকা পিহি ঘৰৰ সকলোৱে লগায়। লগতে কেঁচা জেতুকাৰ ৰস অকন খোৱাৰো নিয়ম। এনে কৰিলে বছৰটোৰ বিভিন্ন ৰোগৰপৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়।
আবেলি গৰু উভতিবৰ সময়ত তুঁহগুড়ি, বিহলঙনি, জেটুলীপকা ধানখেৰ আদিৰে পদূলি মূৰত, চোতালত আৰু গোহালিৰ মুখত একোটাকৈ জাগ জ্বলোৱা হয়। মাখিয়তীৰে গৰুৰ গাত লাহে লাহে কোবোৱা হয় যাতে গৰুকেইটা মহ, দাঁহ, মাখি আদিৰপৰা বছৰটোলৈ ৰক্ষা পৰে। মাঘ বিহুৰ দিনা মাহ-কৰাই খোৱাৰ দৰে ব’হাগ বিহুৰ দিনাও আমৰ কলি, কঁঠালৰ মুচি, মচুৰ মাহ খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। বিহুৰ দিনা পুৱাবেলা কণীযুঁজ, কড়ি খেলৰ যি পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে তাক উৰ্বৰতা বিশ্বাসৰ ভেটিতেই গঢ় লৈ উঠিছে বুলি ক’ব পাৰি।
Leave A Comment