• ব্যক্তিগত স্কুলত পঢ়িবলৈ ব্যয় বহন কৰিব এতিয়া চৰকাৰে ; চৰকাৰী শিক্ষানুষ্ঠানৰ অস্তিত্ব ম্লান হোৱাৰ দিশত

    আঞ্চলিক
    ব্যক্তিগত স্কুলত পঢ়িবলৈ ব্যয় বহন কৰিব এতিয়া চৰকাৰে ; চৰকাৰী শিক্ষানুষ্ঠানৰ অস্তিত্ব ম্লান হোৱাৰ দিশত
    ডিজিটেল ডেস্ক: অসম দেশৰ বিষম কথা ৷ চৰকাৰী বিদ্যালয়ৰ বিনামূলীয়া শিক্ষাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ খৰচী শিক্ষালৈ মোহ বেছি। যোৱা দুই দশক ধৰি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে নানান অভাৱ অভিযোগৰ সন্মুখীন হৈছে ৷মুলতঃ ব্যক্তিগত  খণ্ডৰ বিদ্যালয়ৰ নিয়মানুৱৰ্তিতা ,শৈক্ষিক তথা আনুসংগিক  ফলাফলৰ লগত চৰকাৰী বিদ্যালয়ে ফেৰ মাৰিব পৰা নাই ৷


    চৰকাৰী খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানসমূহক অৱহেলা কৰি ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক উদগনি যোগাবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ শিক্ষাবিভাগে কাৰ্যকৰী কৰিবলৈ সাজু হৈছে ৷ উল্লেখ্য যে চৰকাৰী খণ্ডৰ বিদ্যালয়ত পাঠ্যপুথি,ইউনিফৰ্ম, বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে মধ্যাণ্হ ভোজনৰ ব্যৱস্থা থকাৰ পাছতো শিক্ষাৰ্থীৰ অভাৱত লাহে লাহে বন্ধ কৰি গৈছে শিক্ষানুষ্ঠানসমূহ ৷


    ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি কৰি সুকলমে পৰিচালনা কৰিব নোৱাৰা চৰকাৰী বিদ্যালয়সমূহে সঠিক ব্যৱস্থা গ্ৰহন নকৰি শিক্ষা বিভাগে ব্যক্তিগত খণ্ডতহে অধিক গুৰুত্ব প্ৰদান কৰিছে ৷  ৰাজ্যৰ কেবিনেটে ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানত ২৫ শতাংশ আসন দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছিল ৷ কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই বিদ্যালয়ৰ শিক্ষা বিভাগে ২৩ খন জিলাৰ ২৩৯৬খন প্ৰাথমিক স্তৰৰ আৰু ১১৮৬খন মাধ্যমিক স্তৰৰ ২৫ শতাংশ আসন সংৰক্ষণ কৰি ব্যক্তিগত শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰিছে ৷ অৰ্থাৎ ৰাজ্যৰ বৃহৎ সংখ্যক ব্যক্তিগত শিক্ষানুষ্ঠানত চৰকাৰে আসন অনুমোদন কৰি চৰকাৰী বিদ্যালয়ৰ বাট ভেটিছে নেকি বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷

    চৰকাৰী ধনেৰে শিক্ষক নিযুক্তি, শিক্ষক প্ৰশিক্ষণ, পাঠ্যপুথি,ইউনিফৰ্ম, বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে সমস্ত খৰচ বহন কৰাৰ সিদ্ধান্তই ব্যক্তিগত খণ্ডৰ বিদ্যালসকহে উদগনি যোগোৱাৰ স্ব বিৰোধী নীতি কাৰ্যকৰী কৰিবলৈ সাজু হৈছে ৷উল্লেখ্য যে প্ৰায় ৩৪ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত মাত্ৰ ৬৪৯৫ খন বিদ্যালয়হে এশজনৰ ওপৰত শিক্ষাৰ্থী আছে ৷ আনহাতে প্ৰায় ২৮ হাজাৰ বিদ্যালয়ত এশজনো শিক্ষাৰ্থীও নাই ৷ যাৰ বাবে বহুকেইখন বিদ্যালয় বন্ধ কৰিব লগা হৈছে ৷


    চৰকাৰৰ এই নতুন আঁচনি কাৰ্যকৰী কৰিবলৈ গোৱালপাৰা জিলাতে ২৫ শতাংশ আসন সংৰক্ষণ কৰি নামভৰ্তি কৰিবলৈ ২০০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তালিকা যুগুতাইছে শিক্ষা বিভাগে ৷ ২৫ শতাংশ আসন সংৰক্ষণ কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত আছে বৰপেটাত ১৮১খন , কাছাৰত ১৭০ খন , চৰাইডেউত ৫৬ খন, দৰঙত ৯৭ খন ,ধুবুৰীত ২৬৫ খন, ডিব্ৰুগড়ত ১৬০ খন , গোলাঘাটত ১৫২ খন ,নগাওঁত ২৪১ খন, নলবাৰীত ১০৮ খন, যোৰহাটত ১৩৮ খন ৷ 

    অৱশ্যে ষষ্ঠ অনুসূচীৰ জিলাকে ধৰি বঙাইগাও, হোজাই আৰু শিৱসাগৰ জিলাৰ কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷মাধ্যমিক স্তৰত ধেমাজি আৰু দৰঙৰ ৭৩ খন, কামৰূপত ৬০খন, লখিমপুৰত ২৫ খন,মৰিগাৱঁত ৩৭ খন , গোৱালপাৰাত ২২৫ খন , বঙাইগাৱঁত ৩৯খন ,ধুবুৰীত ৮০খন ৷ শিক্ষা বিভাগে মুঠ ১১৮৬ ব্যক্তিগত খণ্ডৰ  হাইস্কুলত ২৫ শতাংশ আসন দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰিছে ৷