ডিজিটেল ডেস্ক : বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ আপ্ৰাণ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে৷ নিবনুৱাক সংস্থাপনৰ বাবে চেষ্টা চলোৱা চৰকাৰে আবেদনৰ নামত নিবনুৱাৰ পৰাই কোটি কোটি টকা সংগ্ৰহ কৰিলে যদিও নিযুক্তিৰ ক্ষেত্ৰত শেহতীয়াকৈ এক নতুন ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
ভাৰতীয় সেনা বাহিনীৰ নতুন সংযোজন 'অগ্নিবীৰ'ত অসমীয়া কোনো যুৱক-যুৱতীয়ে ৪ বছৰ সেৱা আগবঢ়াই ঘূৰি আহিলে তেনে বীৰপুত্ৰসকলক অসম আৰক্ষীৰ নিযুক্তিত বিশেষ অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ লগতে তেঁও ১ লাখ নিযুক্তিৰ ভিতৰত নতুন নিযুক্তিৰ ঘোষণা কৰি কয় আগষ্টত ১০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়া হ’ব৷ নৱেম্বৰতো ৪০ হাজাৰ নিযুক্তিৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷
ইপিনে ৩০ জুনত হিন্দুস্তান পেপাৰ কৰ্পৰেচনলৈ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ কৰ্মচাৰীলৈ ৫০০ কোটি টকাৰ পেকেজো ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷
উল্লেখ্য যে আজি ডিফুত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ অন্তিম দিন৷ উপস্থিত থাকে প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে৷ তুলিৰাম ৰংহাঙৰ নেতৃত্বত ২০ জুনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শপতগ্ৰহণ হ'ব৷ এই সভাতে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে৷
Leave A Comment