• ৯৬খন আবাসিক বিদ্যালয় বন্ধৰ নিৰ্দেশ; শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত হাহাকাৰ

    আঞ্চলিক
    ৯৬খন আবাসিক বিদ্যালয় বন্ধৰ নিৰ্দেশ; শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত হাহাকাৰ
    ডিজিটেল ডেস্ক : ৰাজ্যৰ ৯৬খন আবাসিক বিদ্যালয় বন্ধৰ নিৰ্দেশক লৈ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত হাহাকাৰ লাগিছে। চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ দাবী কৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বৰপেটাত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ দাবী উত্থাপন কৰে বৰপেটা জিলা আবাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে৷

    উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ ৯৬খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধৰ নিৰ্দেশ দিছিল চৰকাৰে। অসম সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকে ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধৰ নিৰ্দেশ দিয়াৰ পাছতে আৱাসিক কেন্দ্ৰসমূহত কৰ্মৰত শিক্ষক-শিক্ষয়ত্ৰীসকল উদ্বিগ্ন হৈ পৰিছে৷

    আধাতে বিদ্যালয় এৰা, ইটাভাটা কল-কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত কৰ্মৰত শিশু অথবা কিশোৰ, কিশোৰীসকলৰ শিক্ষা প্ৰদানৰ বাবে সৰ্বশিক্ষা মিছন অভিযানৰ অধীনত ৰাজ্যত স্থাপন কৰা হৈছিল এই আৱাসিক বিদ্যালয়সমূহ৷ দুখীয়া, অভাৱগ্ৰস্ত পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে এই আবাসিক বিদ্যালয়সমূহত থাকি শিক্ষাগ্ৰহণ কৰিছিল।
    কিন্তু, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ বিত্তীয় অনুদান নোহোৱাৰ অজুহাত দেখুৱাই ৩১ মে'ত ৰাজ্যৰ সকলো আৱাসিক বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰাৰ বিৰুদ্ধে আজি বৰপেটা জিলা আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে বৰপেটাত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে দাবী জনায়৷ 

    ২০০৩ চনৰ পৰাই এই বিদ্যালয় কৰ্মৰত অধিকাংশ শিক্ষক-শিক্ষয়ত্ৰীৰ ইতিমধ্যে চাকৰিৰ বয়সৰ সীমা অতিক্রম কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰসমূহ যাতে বন্ধ কৰা নহয় তথা চুক্তিৰ ম্যাদ যাতে বৃদ্ধি কৰা হয় এই বিষয়ে চৰকাৰক দাবী জনাইছে।