ডিজিটেল ডেস্কঃ চৰকাৰে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তে সময়ে সময়ে ওলাই পৰে ফোঁপোলা স্বৰূপ। গুৱাহাটীৰ AIMSতো দেখিবলৈ পোৱা গৈছে দুৰাৱস্থা। AIMS গুৱাহাটীত ৮৯জন চিকিৎসকেৰে ২৯টা বিভাগৰ সেৱা আৰম্ভ কৰিছে।ৰাজ্যত ১,৩৮৫ মানুহৰ বিপৰীতে এজন চিকিৎসক।
ৰাজ্যত এখনৰ পাছত আন এখন নতুন চিকিৎসা মহাবিদ্যালয়, হাস্পতাল নিৰ্মাণ কৰা হৈছে কিন্তু বহুততে নাই বিচনা তথা পৰ্যাপ্ত চিকিৎসক। অন্যান্য সা-সুবিধাও কেতিয়াবা উপলব্ধ নহয়।
অসমত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৫খনৰ পৰা ১৪খনলৈ বৃদ্ধি হ’ল কিন্তু উন্নত হোৱা নাই চিকিৎসা সেৱা৷ ৰাজ্যত MBBS আসনৰ সংখ্যাও ৬২৬খনৰ পৰা বৃদ্ধি হ'ল ১,৬৫০খনলৈ কিন্তু চিকিৎসক নাই অসমত৷ ৰাজ্যত ১,৩৮৫ মানুহৰ বিপৰীতে বৰ্তমান এজন চিকিৎসক৷
বিশ্ব স্বাস্থ্য সংস্থা মতে প্ৰতি ১০০০ জন লোকৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে যদিও অসমত এতিয়া সেই মান স্পৰ্শ কৰিবলৈ বহুত বাকী৷ অসম মেডিকেল কাউঞ্চিলত বিগত নৱেম্বৰ পৰ্যন্ত পঞ্জীয়নভুক্ত চিকিৎসকৰ সংখ্যা হৈছে ২৫,৯৮০জন এইসকল চিকিৎসকৰ ভিতৰত চৰকাৰী আৰু বেচৰকাৰী সকলো চিকিৎসকেই আছে৷
অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰিলেও মহাবিদ্যালয়সমূহত প্রয়োজনীয় বিশেষজ্ঞ চিকিৎসক-অধ্যাপকৰ অভাৱ
ৰাজ্যৰ জিলা অসামৰিক হাস্পতাল আৰু স্বাস্থ্য কেন্দ্রসমূহত প্রায় ৭০০ চিকিৎসকৰ পদ খালী হৈ আছে। ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত বহু বিভাগত অধ্যাপকৰ নাটনিয়েই নহয়, চাংসাৰিস্থিত AIMS গুৱাহাটীতো ৬টাকৈ বিভাগ আজিলৈকে কার্যক্ষম কৰিব পৰা নাই।
গেষ্ট্ৰ'এন্ট্র'লজী, নেফ্র'ল'জী, অংক' চাৰ্জাৰী, গেষ্ট্ৰ'চাৰ্জাৰীকে ধৰি মুঠ ৬টা বিভাগত আজিলৈকে এজনো চিকিৎসক নিযুক্তি দিয়া নাই
লক্ষণীয়ভাৱে ৰাজ্যৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত টাটাৰ সহযোগত ৰাজ্যিক কেঞ্চাৰ হাস্পতাল নির্মাণ কৰা হ'ল যদিও ৰাজ্যিক কর্কট প্রতিষ্ঠানখনত নাই চি টি স্কেনৰ ব্যৱস্থা৷
এই সমগ্ৰ কথাৰ পৰা বুজিব পাৰি যে অসমৰ স্বাস্থ্যখণ্ডৰ স্বৰূপ ফোঁপোলা৷
Leave A Comment