ডিজিটেল ডেস্ক: ১০ ডিচেম্বৰ৷ শ্বহীদ দিৱস৷ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি দিৱস৷ ১৯৮০চনৰ পৰাই প্ৰতিবছৰে এই দিনটোতেই শ্বহীদ খৰ্গেশ্বৰক স্মৰণ কৰি আহিছে অসমীয়াই৷ স্মৰণ কৰি আহিছে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক৷
শ্বহীদৰ ত্যাগ আৰু আত্মবলিদানে অসমৰ ইতিহাস ৰক্তৰঞ্জিত কৰি ৰাখিছে৷ অসম আন্দোলন আছিল জাতিসত্তাক জাগ্ৰত কৰা এটা বৃহৎ গণ আন্দোলন৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে অসমী আইৰ সুৰক্ষাত বৃহত্তৰ অসমীয়া সমাজখন উবুৰি খাই পৰিছিল অসম আন্দোলনত৷
কি কি আছিল অসম আন্দোলনত? আৱেগ আছিল জাতিৰ প্ৰতি৷ দায়বদ্ধতা আছিল সংগ্ৰামখনৰ প্ৰতি৷ আৰু আছিল অন্তহীন স্বপ্ন আৰু প্ৰতিশ্ৰুতিৰ ৰ’দ৷ যথাসময়ত দিল্লীত স্বাক্ষৰিত হ’ল অসম চুক্তি৷ অসমীয়া মানুহক নেতৃত্বই বুজালে— ধৈৰ্য ধৰক ৰাইজ, অসমীয়া মানুহৰ স্বাধিকাৰ, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, সমাজ-ৰাজনৈতিক ভৱিষ্যৎ সুনিশ্চিত কৰিব পৰা সকলো ব্যৱস্থাই আমি কৰিছোঁ৷
ৰাইজেও ভাবিলে- হয় হয়৷ ল’ৰাহঁতে কৈছে যেতিয়া এইবেলি কিবা এটা হ’ব৷ ল’ৰাহঁত দিল্লীৰ পৰা উভতি আহিল৷ অসমীয়াই কি দিয়া নাছিল তেওঁলোকক? বুকুৰ সাঁচতীয়া ধনৰ দৰে ক’ত থ’ব, ক’ত নথ’বকৈ মৰম দিছিল অসমীয়াই৷ ৰাজপাটতো বহুৱাইছিল৷ আশা কৰিছিল- জাতিটোক বচাব আমাৰ ল’ৰাহঁতে৷ আৰু তাৰ পাছত? প্ৰতিদান কি পালে অসমীয়াই? প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ মকৰাজাল৷
ল’ৰাহঁতে নোৱাৰিলে একোকে কৰিব৷ চুক্তিখনো পেলনীয়া কাগজলৈ ৰূপান্তৰিত হ’ল লাহে লাহে৷ শ্বহীদ বেদীত শেলুৱৈ পৰিল৷ জহি-খহি গ’ল অসমীয়াৰ সপোন, অসমীয়াৰ স্বাভিমান৷
সেয়া আছিল ১৯৮৫ৰ কথা৷ এতিয়া ২০২৩৷ আজিও এটা অপেক্ষাৰ নামেই হৈ থাকিল অসম চুক্তি৷ চুক্তি স্বাক্ষৰ কৰাৰ ৩৮ বছৰ বাগৰিল৷ ৩৮ বছৰ৷ এটা দীঘল হুমুনিয়াহৰো সময় এয়া৷ ৩৮ বছৰে অসম চুক্তিৰ নামত কি পালে অসমীয়াই? প্ৰশ্নটো নিজেই নিজক কৰাৰ সময় এয়া৷ অসম চুক্তিয়ে ন্যায় দিলেনে অসমৰ খিলঞ্জীয়া নাগৰিকক? কোনে দিব এই উত্তৰ? কাৰ হাততেইবা আছে উত্তৰ!
১৯৮৫ৰ পাছত যোৱা ৩৮টা বছৰে অসমত কেৱল চুক্তি ৰূপায়ণৰ দাবীত আন্দোলন চলিল৷ আছু নামৰ ছাত্ৰ সংগঠনটোৱে আন্দোলনৰ নামত পাৰ কৰিলে দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন৷ চৰকাৰ আহিল, চৰকাৰ গ’ল৷ কিন্তু, অসমীয়া মানুহে অতি দুৰ্ভগীয়াধৰণে পৰমুখাপেক্ষী হৈয়েই থাকিবলগীয়া হ’ল নিজৰ ন্যায়ৰ বাবে, স্বাভিমানৰ ৰক্ষাৰ বাবে৷ এতিয়া এনে সময়ত অসমীয়া মানুহে অৱস্থান কৰিছে, যিসময়ত অসমীয়াই আছুৰ মুখলৈ চাবলৈও লাহে লাহে বাদ দিবলৈ ধৰিছে৷
প্ৰতিবছৰে ১০ ডিচেম্বৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিকৃতিৰ তলত চাকি এগছি জ্বলে, ধূপ-ধূনাৰ সুগন্ধিৰ মাজেৰে পাৰ হয় শ্বহীদ দিৱস৷ আজিকালি ৰজাঘৰেও শ্বহীদ দিৱস পালন কৰে৷ একেই চৰ্বিত-চৰ্বণ৷ অগপৰ নেতা-মন্ত্ৰীয়েও চুক্তি ৰূপায়ণৰ কথা কয়৷ যি অগপই দুবাৰকৈ চৰকাৰত থাকিও প্ৰতাৰণা কৰিলে অসমীয়াক৷
অসমৰ বাবে, অসমীয়া মানুহৰ আত্মপৰিচয়ৰ বাবে এটা গুৰুত্বপূৰ্ণ দশক আছিল ৭০ৰ দশকটো৷ আৰু সেইটো দশকৰে ১৯৭৯ চনত অসমৰ মাটি-পানী-আকাশ ভেদি গুঞ্জৰিত হৈছিল নিনাদ৷ যি নিনাদে কঁপাইছিল প্ৰতিগৰাকী অসমীয়াৰ হৃদয়৷ আন্দোলন আৰম্ভ হৈছিল৷ অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত৷ সুদীর্ঘ ছবছৰীয়া অসম আন্দোলনৰ মূল ভিত্তি আছিল বিদেশী চিনাক্ত কৰা আৰু বহিষ্কাৰ কৰা৷
স্বীকাৰ্য, অসম চুক্তি সম্পাদনৰ পাছত অসমে শৈক্ষিক-সামাজিক ক্ষেত্ৰখনত কেতবোৰ লাভালাভ দেখিবলৈ সক্ষম হৈছে৷ নুমলীগড় শোধনাগাৰ, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, আই আই টি গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয় আদি চুক্তি অনুসৰিয়ে অসমত প্ৰতিষ্ঠিত হৈছে৷ কিন্তু, অসমীয়া মানুহে প্ৰাণটাকি জঁপিয়াই পৰা অসম আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য অকল সেয়াই আছিলনে?
প্ৰধানত: বিদেশী বহিষ্কাৰৰ দাবীত চলিছিল আন্দোলনলানি৷ স্বাভাৱিকতে অসম চুক্তি ৰূপায়ণ বুলিলে অসমীয়াই বিদেশী চিনাক্ত আৰু বহিষ্কৰণৰ প্ৰসংগকে বুজে৷ অসম চুক্তিৰ প্ৰসংগতে আহে উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা প্রসংগ৷
সময় বাগৰিল৷ গতিকে, অৱধাৰিতভাৱেই পৰিস্থিতিৰ ভয়াৱহতা পূৰ্বতকৈ বৃদ্ধি পালে৷ যিসময়ত আন্দোলন চলিছিল, সেইসময়ত ভোটাৰ তালিকাত বিদেশীৰ নাম ধৰা পৰিছিল যদিও সেই সময়ত অসমৰ জনগাঁথনি একপ্রকাৰ সুস্থিৰ হৈ আছিল৷ কিন্তু এতিয়া ৰাজ্যখনৰ দহখনতকৈও অধিক জিলাৰ জনগাঁথনিৰ অভাৱনীয় পৰিৱর্তন হ’ল৷ এইকেইখন জিলাত জাতি-ধর্ম নির্বিশেষে অসমৰ খিলঞ্জীয়া মানুহ দ্বিতীয় শ্রেণীৰ নাগৰিকত পৰিণত হৈছে৷ নিজৰ মাটিতেই দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ উশাহটো লৈ জীয়াই আছে অসমীয়া৷
প্রব্রজিত লোকৰ দপদপনি চলিছে৷ অনুপ্রৱেশে অসমৰ খিলঞ্জীয়া মানুহক ৰাজনৈতিকভাৱেও নিঃশেষ কৰি আহিছে ক্ৰমশ:৷ অতি সংগোপনে ব্যাধিৰ দৰে বিয়পিছে অবৈধ বাংলাদেশীৰ প্ৰব্ৰজন৷ জনগাঁথনি সলনি হৈ যোৱা জিলাসমূহৰ পৰা খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈছে৷
অসমত তেনে ধৰণৰ জিলাৰ ৫০টা বিধানসভা সমষ্টিত ইতিমধ্যে খিলঞ্জীয়া মানুহৰ অধিকাৰ হেৰাই গৈছে৷ সেই ৫০টা বিধানসভা সমষ্টি বাদ দিলে দেখা যায় যে ৰাজ্যখনৰ অন্য ৪২টা সমষ্টিত আকৌ ভাষিক সংখ্যালঘু অর্থাৎ হিন্দু বাঙালীৰ আধিপত্য৷ এই লোকসকলৰো অধিকাংশই প্রব্রজিত৷ এই ৪২টা সমষ্টিতো জাতি, ধর্ম, ভাষা নির্বিশেষে খিলঞ্জীয়া মানুহৰ কোনো ধৰণৰ আধিপত্য নাই৷ অর্থাৎ ৰাজ্যখনৰ ১২৬টা সমষ্টিৰ ভিতৰত ৯২টা সমষ্টিতে এতিয়া খিলঞ্জীয়া মানুহৰ আধিপত্য নাই৷
আৰু আছুৱে আজিও খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কথা চিঞৰি আছে৷ আজিও চুক্তি ৰূপায়ণ বিচাৰি তাঁতবাতি কাঢ়িছে ৰজাঘৰীয়াৰ পদূলিলৈ৷ যিখন চৰকাৰে ‘কা’ কৰিবই বুলি ঘোষণা কৰি আহিছে, সেইখন চৰকাৰৰ ওচৰতে অসম চুক্তিৰ ৰূপায়ণ বিচাৰি যোৱা বিষয়টোত হতাশ হৈছে অসমীয়া৷
আনহাতে, এতিয়া সমস্যা ইমানেই বৃদ্ধি পাইছে যে উন্মুক্ত সীমান্তইদি এতিয়া মাত্র সাধাৰণ বাংলাদেশী লোকৰে প্রৱেশ ঘটা নাই৷ প্রৱেশ ঘটিছে মৌলবাদী সংগঠনৰো৷ চোৰাংচোৱা সংস্থাসমূহৰ মতে অসম ইতিমধ্যে ধর্মীয় মৌলবাদৰ হটস্পটত পৰিণত হৈছে৷ ৰাজ্যত সম্প্রতি ইছলামিক সন্ত্রাসবাদী সংগঠন সক্রিয় হৈ পৰাৰ তথ্য চৰকাৰ্ই ৰাজহুৱা কৰিছে৷ এনেবোৰ সন্ত্রাসবাদী সংগঠনৰ ভিতৰত আছে মালটা, হুজি, হাম, জেএমবি, লস্কৰ-ই-তৈবা আদি৷
এনে এক জটিল সন্ধিক্ষণত অসমীয়াই ৩৮টা বছৰে মাথোঁ প্ৰমাদ গণিছে৷ অসমীয়াৰ আজিও আশা, অসম চুক্তি ৰূপায়ণ হ’ব আৰু অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত হ’ব৷
চুক্তি স্বাক্ষৰৰ পাছত দীর্ঘকাল দিল্লীত শাসনত আছিল কংগ্রেছ চৰকাৰ৷ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চুক্তিত স্বাক্ষৰ কৰা সত্ত্বেও কংগ্রেছে কোনোদিন চুক্তিখনৰ ৰূপায়ণত গুৰুত্ব নিদিলে৷ গুৰুত্ব নিদিলে স্বয়ং প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ গুৰুত্ব নিদিলে তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালে৷ প্ৰফুল্ল মহন্ত চিৰকাল চুক্তি ৰূপায়ণৰ ব্যৰ্থতাৰ বাবে অসমীয়াৰ মনৰ চোতালত জবাবদিহি হৈ থাকিব লাগিব৷
কেন্দ্ৰত কংগ্রেছৰ অৱহেলা আৰু ৰাজ্যত দুটাকৈ কাৰ্যকালত অগপৰ অৱহেলাৰ পাছত ২০১৪ চনত দেশজুৰি বলা পৰিৱর্তনৰ ঢৌৱে চুই গৈছিল অসমকো৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিল্লীত চৰকাৰৰ পৰিৱর্তন হ’ল৷ অভূতপূৰ্ব সেই পৰিৱর্তনে অসমীয়া মানুহক পুনৰ এবাৰ আশাবাদী কৰি তুলিছিল৷ কিয়নো, পৰিৱৰ্তনৰ যাদুদণ্ডৰে মোদীয়ে স্বপ্নবিভোৰ কৰি ৰাখিছিল দেশবাসীক৷ ভোল গৈছিল অসমীয়াও৷ কাৰণ নির্বাচনী প্রচাৰত বিদেশীয়ে ভাৰত তথা অসম ত্যাগ কৰাৰ তাৰিখপর্যন্ত ঘোষণা কৰিছিল মোদীয়ে৷
তাৰ দুটা বছৰ পাছত ৰাজ্যত পুনৰ হ’ল এক ব্যাপক পৰিৱর্তন৷ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্রতিশ্রুতিৰে ব্যাপক জনমত লৈ শাসনভাৰ দখল কৰিলে বিজেপিয়ে৷ মুখ্যমন্ত্ৰী হ’ল আছুৱে জাতীয় নায়ক পতা সৰ্বানন্দ সোণোৱাল৷ অসমীয়া মানুহৰ আশাই আকাশ চুলেগৈ৷ সৰ্বানন্দৰ কান্ধত সেইবাৰ গুৰুদায়িত্ব দিলে অসমীয়াই৷ দিল্লীত মোদী নেতৃত্বত আৰু অসমত সোণোৱালৰ নেতৃত্বত চৰকাৰ৷ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্রতিশ্রুতিৰ মূল আধাৰ আছিল বিদেশীমুক্ত অসম৷ প্রথম অৱস্থাত সকলোৱে ভাবিছিল– সেই চৰকাৰে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰিব৷
কিন্তু ?
কিন্তু, চৰকাৰে ঘোষণা কৰিলে বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব৷ আকৌ চৰগ পৰিল অসমীয়াৰ মূৰত৷ বহিষ্কাৰৰ বিপৰীতে সংস্থাপন? আকৌ আৱেগিক অসমীয়াৰ বজ্ৰকঠোৰ সংকল্প৷ মানি নলয় বিজেপিৰ সেই সিদ্ধান্ত৷ দৃঢ়মনা পাঁচগৰাকী তেজাল অসমীয়াই প্ৰাণ দিলে৷ দেশ কঁপি উঠা সেই ‘কা’ বিৰোধী আন্দোলনৰ পৰাই স্পষ্ট হৈ পৰিল– বিজেপিয়েও অসম চুক্তি ৰূপায়ণ নকৰে৷ কাৰণ চুক্তিত বিদেশী বহিষ্কাৰৰ কথাহে আছে৷ হিন্দু-মুছলিম বিদেশীৰ কথা নাই৷
এনেদৰেই ৰাজনীতিৰ নুবুজা জঁট, বুজিও নুবুজা অংকত সোমাই পৰিছে অসম চুক্তি৷ কংগ্রেছক লাগে মুছলমান অনুপ্রৱেশকাৰীৰ ভোট৷ বিজেপিক লাগে হিন্দু অনুপ্রৱেশকাৰীৰ ভোট৷
মাজত আত্ৰাণিত অসমীয়াৰ হতাশা আৰু হুমুনিয়াহ৷ এনেদৰেই পাৰ হ’ল ৩৮ বছৰ৷ হয়তো এনেকৈয়ে পাৰ হৈ গৈ থাকিব৷ কিন্তু, অসমীয়া মানুহে ন্যায় নাপাবই নেকি? ইমানেই হতভগা নে এই জাতিটো? অসম আৰু অসমীয়াৰ এতিয়া কি হ’ব? ইতিমধ্যে ভাষিক সংখ্যালঘুত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে অসমীয়া৷ অথচ, এইখন অসমতে শংকৰে নতুন দিনৰ স্বপ্ন আঁকিছিল৷ জ্যোতিয়ে দেখুৱাইছিল জোনাকী বাট৷
ত্ৰিপুৰাৰ পাছত শীঘ্ৰে অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব অসমীয়া মানুহ৷ ভাষিক, ৰাজনৈতিক অধিকাৰ হেৰুওৱাৰ পাছত নিজৰ বুলিবলৈনো থাকিবগৈ কি? ৰাজনীতি কৰাই ৰাজনীতিয়ে কৰি থাকিব৷ বয়োজ্যেষ্ঠ ছাত্ৰনেতাই ভুলপথে নিয়েই থাকিব অসমীয়াক৷ কাৰ ওচৰলৈ যাব অসমীয়া? কোনে সুৰক্ষা দিব আইৰ মুখৰ ভাষাটোক? ভেটিখিনিক? প্ৰশ্নৰ উত্তৰ নিজৰ মাজতে বিচাৰক অসমীয়াই৷
Leave A Comment