• অসম-নগালেণ্ড সীমান্তত পুনৰ নগাৰ বৃহৎ আগ্রাসন, স্থাপন কৰিলে গাঁও-বজাৰ

    আঞ্চলিক
    অসম-নগালেণ্ড সীমান্তত পুনৰ নগাৰ বৃহৎ আগ্রাসন, স্থাপন কৰিলে গাঁও-বজাৰ
    ডিজিটেল ডেস্কঃ অসম-নগালেণ্ড সীমান্তত পুনৰ দেখা গৈছে নগাৰ বৃহৎ আগ্রাসন। এইবাৰ গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ সীমান্তৱৰ্তী অঞ্চলত চলিছে নগাৰ বেদখল। চুঙাজান মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত মহিমা গাঁৱৰ নিচেই কাষতে থকা এক অঞ্চলক সামৰি নগায়ে স্থাপন কৰিলে 'SHIWOTO VILLAGE'। ইমানতে ক্ষান্ত নাথাকি এই গাঁৱতে স্থাপন কৰিলে এখন বজাৰো। লগে লগে নগাই লগালে নামফলকো। কিছুদিন পূর্বে এই একেই স্থানতে নগাই লগাইছিল নামফলক। 

    কিন্তু তেতিয়া অসমৰ বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ কৰাৰ পাছত স্থানীয় প্রশাসনে উঠাই দিছিল এই নাম ফলকখন। কিন্তু এতিয়া পুনৰ নগাই গোলাঘাট জিলা প্ৰশাসনৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্রহণ কৰি পুনৰ সেই স্থানতে নগাই লগালে এই নাম ফলকখন। আগ্রাসী নগাই নিতৌ ন ন কৌশল অৱলম্বন কৰি অসমৰ ভূখণ্ডৰ সৰুপথাৰ সমজিলাৰ এ, বি আৰু চি ছেক্টৰৰ বহু মাটি ইতিমধ্যে নগালোকে দখল কৰি নগালেণ্ডৰ নামত নিজৰ বসতি স্থাপন কৰিছে। দেখি-শুনি আচৰিত হ'ব যে নগা লোকসকলে বসবাস কৰা গাঁওসমূহৰ চাৰিওফালে অসমৰ ভূখণ্ড, তাৰ মাজতে এখন নগালেণ্ডৰ নামত নগা গাঁও। ই কেনেকৈ সম্ভৱ? 

    অসমখনত সকলোৱে বসবাস কৰিব পাৰে, তাত কাৰো হয়তো আপত্তি নাই কিন্তু অসমৰ মাটিত নগা গাঁও পাতি নগালেণ্ডৰ নামফলক লগাব ই কেতিয়াও অসমবাসীৰ বাবে গ্রহণযোগ্য নহয়। এই দাবী উঠিছে সৰুপথাৰৰ বিভিন্ন দল-সংগঠনৰ। ইফালে, আজি সৰুপথাৰ সমজিলা প্রশাসনে এই নাম ফলকখন উঠাই দিয়ে বুলি জানিব পৰা গৈছে। অকল ফলকখন প্রশাসনে উঠালেও কিন্তু উক্ত বৃহৎ অসমৰ অঞ্চল নগায়ে দখল কৰি আহিছে।