• বটদ্ৰৱা কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত, কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে?

    আঞ্চলিক
    বটদ্ৰৱা কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত, কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে?
    ডিজিটেল ডেস্ক : ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা বটদ্ৰৱা কাণ্ডক লৈ ভালেমান গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। এই ভয়ংকৰ ঘটনাৰ বৰ্তমান তদন্ত চলি থকাৰ কথা প্ৰকাশ কৰি ডিজিপি মহন্তই কয় যে, মই জেহাদী শব্দটো নকওঁ। কিন্তু আনচাৰুল ইছলামৰ গ্ৰুপ এটা ধৰা পৰিছে৷ ই অল-কায়দাৰ এটা অংশ৷ তেওঁলোকৰ গতিবিধি আমি লক্ষ্য কৰি আছোঁ।

    এই সংগঠনটোৱে মানুহ কিছুমানক উত্তেজিত কৰি এটা শ্লীপাৰ চেল প্ৰস্তুত কৰিবলৈ প্ৰস্তুতি চলাই আছে৷ তেওঁলোকে নগাঁৱত এনে কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাই আছে৷ বটদ্ৰৱা কাণ্ডত ইয়াৰ চিন স্পষ্ট ৰূপত পোৱা গৈছে বুলি তেওঁ অভিযোগ কৰে। ঘটনাৰ খুঁটি-নাটি বৰ্ণনা কৰি তেওঁ কয় যে, কোনোবাই পেট্ৰ’ল লৈ আহিছে৷ পেট্ৰ’ল বোমা লৈ আহিছিল নেকি সেই সন্দেহতো আৰক্ষীয়ে তদন্ত চলাই থকা বুলি প্ৰকাশ কৰে৷

    উত্তেজিত মানুহখিনিৰ মাজত আলাউদ্দিন নামৰ এটা ড্ৰাগছ মাফিয়াক দেখা পোৱাৰ কথাও তেওঁ প্ৰকাশ কৰে৷ তেওঁলোকৰ নথি-পত্ৰ নষ্ট কৰাৰ এয়া পৰিকল্পিত ঘটনা বুলিও তেওঁ প্ৰকাশ কৰে। মুছলমান সম্প্ৰদায়ৰ লোকসকলক এই বিশেষ সংগঠনটোৱে উত্তেজিত কৰি সমগ্ৰ কাণ্ড সংঘটিত কৰিছে বুলি তেওঁ অভিযোগ কৰে। অঞ্চলটোৰ কেইবাঠাইতো নিশাৰ ভাগত এনে কাণ্ড সংঘটিত হোৱাৰ আশংকাও তেওঁ ব্যক্ত কৰে।
    ইফালে, আক্ৰমণকাৰীয়ে আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি লৈ যোৱাৰ আশংকাও ব্যক্ত কৰে। সেইকাৰণে তেওঁলোকৰ বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে বুলি প্ৰকাশ কৰি প্ৰয়োজনত মাটি খান্দি হ’লেও চুৰি কৰা অস্ত্ৰসমূহ উদ্ধাৰ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷

    এই ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰাৰ নিৰ্দেশ দিয়া হৈছে। এজন অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এই দলটোৱে কাম কৰিব। ইফালে, আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুল নামৰ লোকজনৰ কথা প্ৰকাশ কৰি মহন্তই কয় যে, ছফিকুলে মদ খাই পৰি থকা অৱস্থাত তুলি অনা হৈছিল৷ সেই অৱস্থাৰ আলোকচিত্ৰ আৰক্ষীৰ হাতত আছে বুলি তেওঁ প্ৰকাশ কৰে। নিচাগ্ৰস্ত অৱস্থাত থানাৰ গাড়ীৰে লোকজনক অনা হৈছিল। টেকনিকেলী পুলিচৰ জিম্মাতে তেওঁৰ মৃত্যু হৈছে বুলি স্বীকাৰ কৰি তেওঁ কয়, পুলিচৰ জিম্মাতে মৃত্যু হোৱাটো আচৰিত কথা নহয়। এই ঘটনাৰ তদন্ত কৰিবলৈ কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। 

    ধিং থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। সমগ্ৰ ঘটনাত ষড়যন্ত্ৰ নিহিত আছে বুলি প্ৰকাশ কৰি এয়া এক বৃহৎ দমনমূলক কাৰ্যৰ উদাহৰণ বুলি উল্লেখ কৰে। এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি প্ৰকাশ কৰি এনে দুষ্কাৰ্য কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।