ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ফাঁচীবজাৰত এজন আৰক্ষী বিষয়াৰ গুণ্ডাগিৰিৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছে ৷ নিজৰ ক্ষমতা প্ৰদৰ্শন কৰা খাকী পোচাকধাৰীজনৰ গুণ্ডামিৰ বিৰুদ্ধে মাত মাতিছে অসমৰ জনসাধাৰণে।
যোৱা কালি অৰ্থাৎ শুকুৰবাৰৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত ৰাজপথতে আইন হাতত তুলি পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গব বৰবৰাই বৰ বেয়াকৈ প্ৰহাৰ কৰিলে ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাক। প্রথমে আৰক্ষী বিষয়াজনে ডেলিভাৰী বয়জনৰ স্কুটীখন বগৰাই দিয়ে। তাৰ পিছতে ডিঙিত ধৰি চোঁচৰাই আনে জ্ঞানদ্বীপ হাজৰিকাক। খাকী পোচাক পিন্ধি গুণ্ডাগিৰি কৰা ভাৰ্গব বৰবৰাই মাৰপিট কৰিবলৈ ধৰে জ্ঞানদ্বীপ হাজৰিকাক। আৰম্ভ কৰিলে অশ্লীল গালি-গালাজ। দিলে মৃত্যুৰ ভাবুকি। কিন্তু আৰক্ষী বিষয়াজনৰ এনে গুণ্ডাগিৰি এগৰাকী সাহসী মহিলাই ভিডিঅ’ কৰিলে। ভাৰ্গব বৰবৰাই মহিলাগৰাকীকো ধমক দিয়া স্পষ্ট হৈ আছে ভিডিঅ’টোত। এনে পৰিস্থিতিত যদি সাহসী মহিলাগৰাকীয়ে সামাজিক মাধ্যমত এই ভিডিঅ’ প্ৰচাৰ নকৰা হ’লে আজি এই নিৰ্মম ঘটনা পৃথিৱীয়ে গমকে নাপালেহেঁতেন ৷ মোবাইল ফোনতো যে কেৱল বিনোদনৰ মাধ্যমেই নহয় এই কথা প্ৰমান কৰিলে মহিলাগৰাকীয়ে ৷
উল্লেখ্য যে এই আৰক্ষী বিষয়াৰ বিৰুদ্ধে পূৰ্বেই আছে বহু অভিযোগ। কিছুদিন পূৰ্বে দীঘলীপুখুৰীৰ পাৰত গছ কটাৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ কৰাৰ সময়তো দেখা গৈছিল এইজন আৰক্ষী বিষয়াৰ ৰুদ্ৰমূৰ্তি। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা একাংশ শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰিছিল এই গুণ্ডাৰূপী আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা।
মহিলাগৰাকীয়ে পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গব বৰবৰাৰ গুণ্ডাগিৰিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ভাইৰেল হৈ পৰিল। সকলোৱে ভাৰ্গৱ বৰবৰাৰ শাস্তিৰ দাবী তুলিলে।
ইফালে ভাৰ্গব বৰবৰাৰ হাতত প্ৰহৃত হোৱা জ্ঞানদ্বীপ হাজৰিকা নামৰ যুৱকজন জমেটো বয় হিচাপে কৰ্মৰত। পিতৃহাৰা যুৱকজনে পঢ়া-শুনা কৰাৰ লগতে ডেলিভাৰী বয় হিচাপে গুৱাহাটীত কাম কৰি আছিল। যুৱকজন কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ঘটনাৰ পাছতে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰে DGP জি পি সিঙে। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে হ’ব বিভাগীয় তদন্ত ঘোষণা কৰে জি পি সিঙে।
এই বৰ্বৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কটন বিশ্ববিদ্যালয়ে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই কয় যে যদি ছাত্ৰজনৰ ভুল আছে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু কষ্ট কৰি পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি নচলিব বুলি ক্ষোভ ব্যক্ত কৰে। অভিযুক্ত আৰক্ষী বিষয়াজনে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী কটনৰ ছাত্ৰৰ। ভৱিষ্যতে কোনো শিক্ষাৰ্থীৰ লগতে এনে ঘটনা সংঘটিত নহয় বুলি আৰক্ষী বিষয়াজনে আশ্বাস দিব লাগিব বুলি দাবী তুলিছে কটনৰ ছাত্ৰসমাজে। এই আশ্বাস নোপোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ।
ভাৰ্গৱ বৰবৰাই কৰা অমানবীয় নিৰ্যাতনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল কৰিছে ৰাইজৰ দলৰ নেতা তথা সামাজিক ন্যায় কৰ্মী ভবেন সন্দিকৈয়ে ৷উক্ত ঘটনাৰ পাছত দোষী আৰক্ষী বিষয়াগৰাকীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপণ কৰিছে সন্দিকৈয়ে ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত দাখিল কৰা অভিযোগ পত্ৰত তেওঁ উল্লেখ কৰে যে পানবজাৰ থানাৰ সদ্য নিলম্বিত অ’ চি ভাৰ্গৱ বৰবৰাই এজন ডেলিভাৰী বয়ক প্ৰহাৰ কৰা আৰু মৃত্যুৰ ভাবুকি দিয়াৰ ঘটনা চৰম অমানৱীয়ই নহয়, আৰক্ষী বাহিনীৰ আইন উলংঘাৰো এক জঘন্য আৰু মুকলি দৃষ্টান্ত ৷
ৰাজপথত মুকলিকৈ এজন যুৱকক মৃত্যুৰ ভাবুকি দি এইগৰাকী নৃশংস আৰক্ষী বিষয়াই আৰক্ষী বাহিনীৰ বিশ্বাসযোগ্যতাৰো স্খলন ঘটাইছে ৷ আৰক্ষীৰ এই নিৰ্যাতন সভ্য সমাজত কোনো কাৰণতে গ্রহণযোগ্য নহয় ৷ সেইবাবেই মানৱতাক লজ্জানত কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভবেন সন্দিকৈয়ে ৷
কেৱল সেয়াই নহয়,অনুসূচিত জাতিৰ এজন ছাত্ৰ তথা যুৱকৰ ওপৰত আৰক্ষী বিষয়াই চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে The Scheduled Castes and the Scheduled Tribes (Prevention of Atrocities) Act, 1989 ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবীৰে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিছে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷
এক বিবৃতিত সন্দিকৈয়ে কয় যে, ‘‘এজন আৰক্ষী বিষয়াৰ এই বৰ্বৰতা কোনো পৰিস্থিতিতে গ্ৰহণযোগ্য নহয় ৷ এনে নৃশংস, অমানৱীয় ঘটনাত জৰিত আৰক্ষী বিষয়াগৰাকীৰ নিলম্বনেই একমাত্ৰ শাস্তি হ’ব নোৱাৰে ৷ সেয়ে কঠোৰতকৈ কঠোৰতম শাস্তিৰ দাবী জনাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ দ্বাৰস্থ হৈছে ৰাইজৰ দলৰ নেতাগৰাকী৷’’
জ্ঞানদীপ হাজৰিকা এজন সংগ্ৰামী কটনীয়ান। বয়সেৰে নহ'লেও মনেৰে পৰিপক্ক জ্ঞানদীপ ৷ ফুড ডেলিভাৰী কৰি পৰিয়াল পোহপাল দিয়া জ্ঞানদীপক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পাছতেই ৰাজ্যজুৰি আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উঠিছে ধিক্কাৰধ্বনি।শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াইছে জ্ঞানদীপ হাজৰিকাই। তেওঁ কয়, ‘ফাঁচী বজাৰৰ শনি মন্দিৰৰ কাষত ‘কাটা’ লগাইছিল। আমাক নৰ্মেলী যাবই দিয়ে। মই তেনেকৈয়ে ভাবিছিলোঁ। সেইকাৰণে নৰ্মেলী মই ওলাই গৈছিলোঁ। মই তেনেকৈ যাব নালাগিছিল, সেয়া মোৰ ভুল হৈছিল। কিন্তু, এনেকৈ প্ৰহাৰ কৰাত মই দুখ পাইছোঁ। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম বুলি ভবা নাই। মই আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পাৰ হৈ যাব নালাগিছিল। মই ৰ’ব লাগিছিল, ভুলটো মই স্বীকাৰ কৰিছোঁ। আৰক্ষীয়ে প্ৰায়ে আমাক ডেলিভাৰী বয় হিচাপে যাবলৈ দিয়ে।’
আগলৈ তেওঁ কয়, ‘মোৰ পঢ়াৰ ক্ষেত্ৰত টার্মছটো শেষ হৈছে। দুটামান পৰীক্ষা এতিয়াও বাকী আছে। ডেৰ মাহমানৰ পৰা ডেলিভাৰী বয়ৰ কামত নিয়োজিত হৈ আছোঁ। আৰক্ষী বিষয়াজনে চৰ সোধোৱাত দুখ পাইছিলোঁ। মই পৰিস্থিতিত পৰিহে ডেলিভাৰী বয়ৰ কাম কৰিবলগীয়া হৈছে।’
ভাৰ্গৱ বৰবৰাৰ সন্দৰ্ভত মন্তব্য কৰি জ্ঞানদীপে কয়, ‘আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে মোৰ কোনো ব্যক্তিগত আখেজ নাই। তেওঁ তেনেকুৱা কাম কৰিব নালাগিছিল। আমিও পুৱাৰ পৰা কামত ব্যস্ত থাকোঁ। আৰক্ষীসকলো তেওঁলোকৰ কামত ব্যস্ত থাকে
সকলোৱে কথাবোৰ বুজি পাব লাগে। মই কেৱল ন’ এণ্ট্ৰীটোৰেহে পাৰ হৈ গৈছিলোঁ। বিষয়াজনে যি শাস্তি পাইছে, তেওঁ আৰু শাস্তিৰ সন্মুখীন হ’ব লাগে বুলি মই নাভাবোঁ। মোৰ পক্ষত থিয় দিয়া কটনিয়ান, ডেলিভাৰী বয় তথা ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছোঁ।’
এই ঘটনাৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অসম আৰক্ষীক উদ্দেশ্যি তেওঁ কয়,‘অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়৷ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে।’
Leave A Comment