ডিজিটেল ডেস্কঃ ভাৰতীয় অর্থনীতিত অসমৰ চাহ উদ্যোগে এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে । ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫২ শতাংশ অসমত উৎপাদন হয়। কিন্তু বিগত বৰ্ষত উদ্বেগজনকভাৱে হ্রাস পাইছিল অসমৰ চাহৰ ৰপ্তানি ৷ এতিয়া পুনৰ নিজৰ দিশ স্থিৰ কৰিছে অসমৰ চাহ উদ্যোগে ৷ অসমৰ চাহ উদ্যোগৰ বাবে আশাৰ বতৰা যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ অধীনত চাহ ব্যৱসায়ীসকলে পূৰ্বতকৈ অধিক দৰত চাহ বিক্ৰী কৰাৰ সুবিধা পাইছে ।
শেহতীয়াকৈ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ক্ৰেতা সংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "যোৱা বছৰটোত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে ১০২.৯২ নিযুত কিলোগ্রাম চাহ ২,০৫৯ কোটি টকাত বিক্রী হোৱাৰ বিপৰীতে এই বছৰ এতিয়ালৈকে ১১১.০৩ নিযুত কিলোগ্রাম চাহপাত ২,৮০০ কোটি টকাত বিক্ৰী হৈছে । জলবায়ু পৰিবৰ্তনৰ বাবে চলিত বৰ্ষত চাহৰ উৎপাদন পূৰ্বৰ তুলনাত হ্রাস পালেও চাহ নিলাম কেন্দ্ৰযোগে চাহ বিক্রীত অধিক দাম লাভ কৰাক লৈ চাহ ব্যৱসায়ীসকলৰ মাজলৈ উৎসাহ কঢ়িয়াই আনিছে ।"

তেওঁ কয়,‘‘যোৱা বছৰ গড় হিচাপত প্ৰতি কিলোগ্রাম চাহৰ মূল্য ২০০.০৮ টকা লাভ কৰাৰ বিপৰীতে চলিত বৰ্ষত প্রতি কিলোগ্রাম চাহৰ মূল্য হিচাপে লাভ কৰিছে ২৫২.৮৩ টকা । সেই হিচাপে এইবাৰ চাহ ব্যৱসায়ীসকলে গড় হিচাপত প্রতি কিলোগ্রাম চাহৰ বিপৰীতে পূৰ্বতকৈ ৫২.৭৫ টকা বেছিকৈ লাভ কৰিছে । এই দৰ বৃদ্ধিয়ে ৰাজ্যৰ চাহ ব্যৱসায়ীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে । এইবাৰ উত্তৰ-পূব ভাৰতৰ পৰা চাহৰ ৰপ্তানিও আগৰ তুলনাত বৃদ্ধি পাইছে । জলবায়ু পৰিবৰ্তনৰ বাবেই যোৱা বৰ্ষৰ তুলনাত এইবাৰ ৰাজ্যত চাহৰ উৎপাদন হ্ৰাস পাইছে । যোৱা বছৰ ডিচেম্বৰত ৯০.২০ নিযুত কিলোগ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে এই বছৰ ছেপ্টেম্বৰত উৎপাদনৰ পৰিমাণ আছিল ৮৯.৯৮ নিযুত কিলোগ্রাম ।"
উল্লেখ্য যে যি সময়ত বতৰৰ পৰিৱৰ্তনকে ধৰি একাধিক কাৰণত অসমৰ চাহ উদ্যোগটো অস্তিত্বৰ সংকটত ভুগি আছে সেই সময়তে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৮০০ কোটি টকাৰ চাহ বিক্ৰী হোৱাটো আশাৰ ৰেঙনি। এই তথ্য অনুসৰি হাজাৰ প্ৰতিকূলতাৰ মাজতো অসমৰ চাহে এতিয়াও নিজৰ গৌৰৱ আৰু মৰ্যাদা বজাই
ৰাখিছে ৷
শেহতীয়াকৈ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই অসম চাহৰ ২০০ বছৰ উদযাপন কৰিছে।
Leave A Comment